শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Magh Bihu 2026 Wishes: এইদৰে সকলোলৈ প্ৰেৰণ কৰক মাঘ বিহুৰ শুভেচ্ছা…

Magh Bihu Wishes 2026: মাঘ বিহুত মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিজন অসমীয়াই। ভোগালীৰ এই শুভ ক্ষণত আপোনকজনক প্ৰেৰণ কৰক বিশেষ শুভেচ্ছাবাৰ্তা...

Magh Bihu 2026 Wishes: এইদৰে সকলোলৈ প্ৰেৰণ কৰক মাঘ বিহুৰ শুভেচ্ছা…
মাঘ বিহুৰ শুভেচ্ছা
Trishna Kalita
Trishna Kalita | Published: 10 Jan 2026 20:42 PM

Magh Bihu 2026 Wishes in Assamese: ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু হৈছে অসমীয়া। গাঁৱৰ যুৱকসকল ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণত৷ গাঁৱৰ পৰিৱেশ আৰ্হিত, মঠ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। যুৱতী-মহিলাসকল ব্যস্ত হৈ পৰিছে পিঠা-পনা প্ৰস্তুতত৷  উজনি-নামনিৰ গাঁৱে গাঁৱে ঢেঁকীৰ গুমগুমনি। ভোগালীৰ সামগ্ৰীৰে ভৰিছে ৰাজ্যৰ বজাৰ।

এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে উৰুকা আৰু ১৪ জানুৱাৰী বুধবাৰে মাঘ বিহু। উৰুকালৈ সাজু হৈছে চহা অসমীয়া। উৰুকাৰ নিশা হাঁহে-মাহে, লগে-ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে ৰাইজে। ইতিমধ্যে ঘৰমুৱা হৈছে কৰ্মমুখী অসমীয়া। মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই মেজিত অগ্নিসংযাগ কৰে অসমীয়া ৰাইজে ৷ তামোল-পাণ, মাহজাতীয় শস্য, চাউল, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিজন অসমীয়াই। মাঘ বিহুৰ এই শুভ ক্ষণত আপোনকজনক প্ৰেৰণ কৰক বিশেষ শুভেচ্ছাবাৰ্তা…

  1. ভোগালী বিহুৰ শুভেচ্ছা । আহক সকলোয়ে মিলি ভোগালীৰ ভোজ খাও।
  2. ভোগালী বিহুয়ে সকলোৰে জীৱনলৈ সূখ সমৃদ্ধি কঢ়িয়াই আনক। ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক।
  3. মেজিৰ অগ্নিশিখাই সমাজৰ পৰা সকলো অপশক্তি বিনাশ কৰি শুভ শক্তি সঞ্চাৰেৰে কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু অপৰিসীম সমৃদ্ধিৰ মধুৰ বাৰ্তা। মাঘ বিহুৰ শুভেচ্ছা…
  4. ভোগালীৰ প্ৰাচুৰ্য আৰু পূৰ্ণতাই সকলোৰে মাজৰ সমন্বয়ৰ এনাজৰীডাল অধিক শক্তিশালী কৰক, তাৰেই কামনা।
  5. ভোগালীৰ ভোগে আনক শান্তি-সমৃদ্ধিৰ বতৰা। আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা ।
  6. অসমীয়াৰ বাপতি সাহোন, জাতিৰ প্ৰাণস্পন্দন, ভোগ, প্ৰাচুৰ্য্য আৰু অসমীয়াৰ সামূহিকতাৰ প্ৰতীক ভোগালী বিহুৰ  আন্তৰিক শুভেচ্ছা জনাইছোঁ।
  7.  ভোগালীৰ ভোগেৰে উপচি পৰক অনাগত দিনবোৰ। তাৰেই শুভকামনাৰে মাঘ বিহুৰ শুভকামনা।
  8. ভোগালীৰ মেজিৰ জুইয়ে দাহ কৰক অসূয়া, অপ্ৰীতি, হিংসা, দুৰ্নীতি আৰু মেজিৰ জুইৰ তাপত উন্মেষিত হওক জাতিৰ সোণোৱালী সময়।  মাঘ বিহুৰ শুভেচ্ছা জনালো।
  9. এই ভোগালীয়ে অসম আৰু অসমীয়াৰ জীৱনলৈ কঢ়িয়াই আনক শান্তি, প্ৰগতি আৰু সম্প্ৰীতিৰ বতৰা।
  10. ভোগালীৰ উছাহ-আনন্দই উজ্জীৱিত কৰি তোলক প্রতিজন অসমীয়াৰ মন-প্ৰাণ। নতুন উদ্যামেৰে অংশীদাৰ হওক কৰ্মমুখী জীৱন যাত্ৰাৰ। ভোগালীৰ শুভেচ্ছা।
  11. ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনাৰে শুভ মাঘ বিহু।

লগতে পঢ়ক: মাঘ বিহু কেতিয়া? জানক ভোগালীৰ ইতিহাস, পৰম্পৰা, তাৎপৰ্য আদি সকলো…