Krishna Janmashtami Wishes: জন্মাষ্টমীত এই ১০ টা বাৰ্তাৰে সকলোকে দিয়ক শুভেচ্ছা
Happy Janmashtami wishes 2025: জন্মাষ্টমীৰ পবিত্ৰ উৎসৱত মানুহে ইজনে সিজনক অভিনন্দন জনায়। আপুনিও এই বাৰ্তাসমূহৰ জৰিয়তে আপোনজনক কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।

কাইলৈ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। বৃন্দাবনৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই শুভ অনুষ্ঠানটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী হিচাপে পালন কৰা হয়। অৱশ্যে অসমীয়া কেলেণ্ডাৰ অনুসৰি কাইলৈ অসমত পালন নকৰে জন্মাষ্টমী।
পঞ্চাঙৰ তথ্য অনুসৰি ভদ্ৰপদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি অহা ১৫ আগষ্টৰ নিশা ১১:৪৯ বজাৰ পৰা আৰম্ভ হ’ব। আনহাতে, এই তিথি ১৬ আগষ্টৰ নিশা ৯:৩৪ বজাত শেষ হ’ব। এনে ক্ষেত্ৰত যদি উদয় তিথিৰ আধাৰত দেখা যায় তেন্তে জন্মাষ্টমী ১৬ আগষ্ট। জন্মাষ্টমীৰ পূজাৰ শুভ সময় ১৬ আগষ্টৰ পুৱা ১২:০৪ বজাৰ পৰা আৰম্ভ হ’ব আৰু পুৱা ১২:৪৭ বজালৈকে চলিব। এনে ক্ষেত্ৰত পূজাৰ বাবে মুঠ ৪৩ মিনিট সময় পাব।
অৱশ্যে ১৬ আগষ্টত অসমত জন্মাষ্টমী পালন কৰা নহয়। কালচক্ৰ পুৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ইংৰাজীৰ তাৰিখ অনুসৰি ১৪ ছেপ্তেম্বৰ, এই দিনটোত ৰাজ্য চৰকাৰেও চৰকাৰী বন্ধ ঘোষণা কৰিছে। ১৬ আগষ্ট শনিবাৰে বৃন্দাবনকে ধৰি ব্ৰজধামত কৃষ্ণ জন্মাষ্টমী উৎসৱ অতি আনন্দৰে পালন কৰা হ’ব।
জন্মাষ্টমীৰ পবিত্ৰ উৎসৱত মানুহে ইজনে সিজনক অভিনন্দন জনায়। আপুনিও এই বাৰ্তাসমূহৰ জৰিয়তে আপোনজনক কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।
জন্মাষ্টমীৰ শুভেচ্ছা (Happy Janmashtami wishes in assamese)
- যিজনে গোকুলত বাস কৰে, যিয়ে গোপীসকলৰ সৈতে কৰিছিল ৰাসলীলা, সেয়া হৈছে কৃষ্ণ কানহাইয়া… কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা থাকিল!
- ৰাধাৰ ভক্তি, বাঁহীৰ মধুৰতা আৰু গোপীসকলৰ নৃত্য,বিশেষ হৈ পৰে জন্মাষ্টমীৰ দিনটো! কৃষ্ণৰ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ…
- ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰো, ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰাণপুৰুষগৰাকীৰ আশীৰ্বাদে আপোনাৰ জীৱন সুখময় কৰি তোলক।
- ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পবিত্ৰ মূহুৰ্তত সকলোকে আন্তৰিক শুভেচ্ছা। শ্ৰীকৃষ্ণৰ অমৃত বাণী তথা মাৰ্গদৰ্শনে আটাইকে বাট দেখুৱাই যাওঁক, এয়াই আন্তৰিক কামনা।
- পৰম আৰাধ্য, ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পৱিত্ৰ ক্ষণত সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
- কৃষ্ণ জন্মাষ্টমী উপলক্ষে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰক আৰু ঘৰলৈ সুখ কঢ়িয়াই আনক… কৃষ্ণ জন্মাষ্টমী ২০২৫ ৰ আন্তৰিক শুভেচ্ছা!
- জনগণৰ সৰ্বাংগীণ কল্যাণ আৰু শ্ৰীবৃদ্ধিৰ বাবে পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত নতশিৰে প্ৰাৰ্থনা জনাইছোঁ।
- শ্ৰীকৃষ্ণৰ অমৃত বাণী আৰু স্বৰ্গীয় আভাই আমাক মাৰ্গদৰ্শন কৰি আহিছে। ত্ৰিভুৱনৰ সৰ্বশক্তিমান গৰাকীৰ মহান বাণীসমূহক সাৰোগত কৰি আমি জীৱনত একতা, নিষ্ঠা আৰু ভক্তিভাৱেৰে কাম কৰি যাব লাগিব। শুভ জন্মাষ্টমী
- বসুদেৱ-সুত-কৃষ্ণ তুমি ভকতৰ ইষ্ট, কংস-চাণূৰাদি-বিমৰ্দ্দন | দৈৱকী-হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ, তযু পাৱে কৰোহো বন্দন পৰম আৰাধ্য। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মোৰ শ্ৰদ্ধাসহিত শুভেচ্ছা জনাইছোঁ।
- ত্ৰিজগতৰ পতি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পবিত্ৰ দিনটোত সকলোৰে মঙ্গল কামনা কৰি তেৰাৰ চৰণত এভাগি ভক্তিভৰা সেৱা জনাইছোঁ ৷