Happy independence day 2025 Wish: বন্ধু-বান্ধৱী তথা আত্মীয়ক, এনেকৈ প্ৰেৰণ কৰক স্বাধীনতা দিৱসৰ শুভেচ্ছা…
Independence day 2025 Wish in Assamese: প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোত দেশে স্বাধীনতা দিৱস পালন কৰে। এই দিনটোতে ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল। এই দিনটোত বিভিন্নজনে নিজৰ বন্ধু-বৰ্গক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়।

স্বাধীনতা দিৱসৰ শুভেচ্ছাImage Credit source: Unsplash
প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটো ভাৰতে স্বাধীনতা দিৱস পালন কৰে। এই দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি বিশেষ। কিয়নো এই দিনটোতে ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল। প্ৰায় ২০০ বছৰ ধৰি ইংৰাজে শাসন কৰাৰ পাছত ভাৰতে স্বাধীনতা লাভ কৰিছিল। এই স্বাধীনতা লাভৰ যুঁজখন সহজ নাছিল। ইয়াৰ আঁৰত আছে বহু শ্বহীদৰ বলিদানৰ জীয়া কাহিনী।
ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত পণ্ডিত জৱহৰলাল নেহৰুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। তেতিয়াৰ পৰা লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বিভিন্নজনে স্বাধীনতা দিৱসৰ শুভেচ্ছা বন্ধু-বৰ্গ বা আত্মীয়লৈ প্ৰেৰণ কৰে। আপুনিও তলত দিয়া ধৰণে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাব পাৰে-
- স্বাধীনতা দিৱসৰ শুভেচ্ছা। আশা কৰো আমাৰ ত্ৰিৰংগ সদায় গৌৰৱেৰে উৰি থাকক।
- আজি গৌৰৱ,সন্মান আৰু আনন্দৰে ভৰা এটি দিন। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- কষ্টৰে লাভ কৰা উপহাৰ স্বাধীনতা। ইয়াক পাই আমি ধন্য। আহক আমি স্বাধীনতা উপভোগ কৰে। আপোনালৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- আমাৰ মহান দেশৰ ভৱিষ্যত কেৱল প্ৰযুক্তিগত উন্নতিৰ ওপৰতেই নহয়, সামাজিক সংহতি আৰু বিশ্বাস গঢ়াৰ ওপৰতো নিৰ্ভৰশীল। আপোনালৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- তেজ, কষ্ট আৰু ত্যাগৰ বিনিময়ত আমি লাভ কৰিছো স্বাধীনতা। গৌৰৱেৰে উদযাপন কৰক এই দিন। আপোনালৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- স্বাধীনতা দিৱসৰ শুভেচ্ছা। আশা কৰো দেশৰ শান্তি,সমৃদ্ধি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সদায় মজবুত হৈ থাকক। জয় হিন্দ।
- এজন ভাৰতীয় হিচাপে মই গৌৰৱান্বিত। যেতিয়ালৈকে দেহত তেজ আছে তেতিয়ালৈকে দেশৰ হৈ কাম কৰি যাম। স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল।
- স্বাধীনতা দিৱসৰ শুভেচ্ছা। লগতে দেশৰ হৈ প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদলৈ মোৰ শ্ৰদ্ধাঞ্জলি।
- জয় হিন্দ! বিশ্বৰ সন্মুখত সদায় উজ্বলি ৰওক আমাৰ দেশ। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- স্বাধীনতা আমাৰ ডাঙৰ উপহাৰ। ইয়াক ভালদৰে ৰখা আমাৰ কৰ্তব্য। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদক স্মৰণ। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- সুভাষ চন্দ্ৰ বসুয়ে কৈছিল- “তুমি মোক তেজ দিয়া,মই তোমাক স্বাধীনতা দিম”। সঁচাই দেশতকৈ ডাঙৰ কোনো হ’ব নোৱাৰে। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- সুভাষ চন্দ্ৰ বসুয়ে কৈছিল- “এজন ব্যক্তিৰ কোনো এটা বিচাৰধাৰাৰ বাবে মৃত্যু হ’ব পাৰে, কিন্তু সেই বিচাৰধাৰা তেওঁৰ মৃত্যুৰ পাছত হাজাৰজনৰ জীৱনত অৱতাৰ ল’ব”। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- মহাত্মা গান্ধীয়ে কৈছিল- “তুমি পৃথিৱীত যি পৰিবৰ্তন চাব বিচৰা সেই পৰিবৰ্তন তুমি নিজেই হোৱা”। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা। বিশ্বৰ বুকুত সদায় জিলিকি থাকক আমাৰ দেশ। জয় হিন্দ।
- স্বাধীনতা আমাৰ জাতিৰ সাৰমৰ্ম। আনন্দ আৰু গৌৰৱেৰে উদযাপন কৰক। আপোনালৈ স্বাধীনতা দিৱসৰ শুভেচ্ছ।
- ভাৰত হৈছে শান্তি, একতা আৰু ভাতৃত্ববোধৰ প্ৰতীক। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- চাৰে জাহা যে আচ্ছা, হিন্দুস্তান হামাৰ…সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
- এই দেশৰ নাগৰিক হিচাপে মই গৌৰৱান্বিত। দেশৰ শ্বহীদ সকলৰ প্ৰতি আমি কৃতজ্ঞ। আপোনালৈ স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা।
- ব্ৰিটিছৰ ২০০ বছৰীয়া বন্দিত্বৰ শিকলিডাল চিঙি পেলোৱা হাজাৰ হাজাৰ সেনানীক মোৰ প্ৰণাম। সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা।
অন্য খবৰ পঢ়কঃ Independence day 2025 Speech: ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাধীনতা দিৱসৰ চমু ভাষণ…