পুৰুষে কিয় টাইট জিন্স পৰিহাৰ কৰিব লাগে? চাওক সমস্যা

08 DEC 2025

TV9 ASSAM

বৰ্তমান সময়ত টাইট জিন্স ফেশ্বনৰ অংশ হৈ পৰিছে যদিও ই পুৰুষৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। জানো আহক এই বিষয়ে।

টাইট জিন্স

টাইট জিন্সে উৰুৰ উষ্ণতা বৃদ্ধি কৰে, ইয়াৰ ফলত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাব পাৰে। দীৰ্ঘদীন ধৰি এনে জিন্স পিন্ধিলে পুৰুষৰ বন্ধ্যাত্ব পৰ্যন্তও হ’ব পাৰে।

শুক্ৰাণুৰ সংখ্যা হ্ৰাস

অত্যধিক টাইট জিন্সে স্নায়ুত হেঁচা প্ৰয়োগ কৰি তেজৰ সোঁত বন্ধ কৰিব পাৰে। ফলত ছালৰ খজুৱতি, ফোহা, ভেঁকুৰৰ সংক্ৰমণ আদিও হ’ব পাৰে।

তেজৰ চলাচলত বাধা

দীৰ্ঘসময় ধৰি টাইট জিন্স পিন্ধিলে বহা-উঠাত অসুবিধা হ’ব পাৰে। ইয়াৰ ফলত ক্ৰমাৎ কঁকালৰ বিষ আৰু শ্লিপ ডিস্কৰ দৰে সমস্যা হ’ব পাৰে।

শ্লিপ ডিস্ক

অণ্ডকোষৰ ওচৰত ৰক্ত সঞ্চালন বন্ধ হৈ গ’লে পুৰুষৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। অধিক টান কাপোৰ পিন্ধিলে এই সংবেদনশীল অংশৰ ক্ষতি হ’ব পাৰে।

গুপ্তাঙ্গত প্ৰভাৱ

টাইট জিন্স ছালত লাগি থকাৰ ফলত ছালৰ আৰ্দ্ৰতা হ্ৰাস পায়। ইয়াৰ ফলত ছালৰ সমস্যা যেনে ফোহা, খজুৱতি আদি সমস্যা বৃদ্ধি পায়।

ছালৰ আৰ্দ্ৰতা হ্ৰাস

টাইট জিন্সে ঘাম বাষ্পীভৱন হোৱাত বাধা দিয়ে, ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। দীৰ্ঘ সময় ধৰি স্কিনি জিন্স পিন্ধিলে ছালত সংক্ৰমণ হ’ব পাৰে।

সংক্ৰমণৰ আশংকা

সেয়ে সদায় টাইট জিন্স পিন্ধাৰ পৰা বিৰত থাকক। ফেশ্বনৰ লগতে ছালৰ অনুকূল আৰু আৰামদায়ক কাপোৰ পৰিধানৰ ওপৰত গুৰুত্ব দিয়ক।

সাৱধানতা

পঢ়িবলৈ ক্লিক কৰক 

নিশা দেৰিলৈ মোবাইল ব্যৱহাৰে কৰে ডায়েবেটিছ!