Independence day 2025 Speech: ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাধীনতা দিৱসৰ চমু ভাষণ…
Independence day 2025 speech in Assamese: ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল।. গতিকে প্ৰতিবছৰে এই দিনটোত দেশে স্বাধীনতা দিৱস পালন কৰে। এই দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।

ভাৰতৰ বাবে এক বিশেষ দিন! ১৫ আগষ্টত দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। ১৯৪৭ চনৰ এই দিনটোতেই ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা মুক্তি লাভ কৰিছিল। ব্ৰিটিছৰ সেই শিকলি চিঙি এক স্বাধীন দেশ হিচাপে বিশ্বৰ বুকুত নিজৰ পৰিচয় দাঙি ধৰা সহজ নাছিল। ইয়াৰ আঁৰত আছে ৰক্তাক্ত আৰু ত্যাগৰ ইতিহাস। যাৰ বাবে এই দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি বিশেষ। এই দিনটোত উলহ-মালহেৰে দেশবাসীয়ে পালন কৰে স্বাধীনতা দিৱস।
এই দিনটোত দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই দিৱস পালন কৰা হয়। বিভিন্ন প্ৰান্তত ত্ৰিৰংগা উত্তোলন কৰাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত এই দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। য’ত ছাত্ৰ-ছাত্ৰীসকলে ভাষণ দিয়ে। গতিকে তলত ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ ভাষণ উল্লেখ কৰা হ’ল-
ভাষণ
নমস্কাৰ, আজিৰ সভাত উপস্থিত থকা মোক শ্ৰদ্ধাৰ শিক্ষাগুৰু, দাদা-বাইদেই, ভাই-ভনীসকল। আজি আমাৰ বাবে অতি বিশেষ দিন। কিয়নো এই দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল। যাৰ বাবে বছৰ বছৰ ধৰি এই দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি আহিছে দেশে। ভাষণৰ আৰম্ভণিতে দেশৰ হৈ প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক মোৰ শ্ৰদ্ধাঞ্জলি।
আজি আমাৰ দেশে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস।১৫ আগষ্টৰ দিনটো প্ৰত্যোক ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো এই দিনটোতেই ভাৰতে ব্ৰিটিছৰ ২০০ বছৰীয়া শাসনৰ পৰা মুক্তি লাভ কৰিছিল।
এই স্বাধীনতা লাভ কৰা ইমান সহজ নাছিল। ১৭ শতিকাৰ আৰম্ভণিৰে পৰা ভাৰতত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত দেশত পোনপটীয়াকৈ শাসন প্ৰতিষ্ঠা কৰাৰ বাবে ইংৰাজৰ বাট মুকলি হৈছিল। অৱশ্যে আনুষ্ঠানিকভাৱে ১৮৫৭ চনৰ পৰাই ভাৰতত ইংৰাজ বিৰোধী আন্দোলন গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ১৮৮৫ চনত গঠন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতাৰ আশাত আন্দোলনৰ ৰূপ দিয়াত সহায় কৰে।
ব্ৰিটিছে প্ৰায় ২০০ বছৰ ভাৰতত ৰাজত্ব কৰিছিল। ১৮৫৭ চনতে ইংৰাজ বিৰোধী বিদ্ৰোহ আৰম্ভ হৈছিল যদিও ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ই অন্য এক গতি লাভ কৰিছিল। সেই সময়ত অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল দেশবাসী। ইয়াৰোপৰি ১৯৩০ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনতো জঁপিয়াই পৰিছিল হাজাৰ হাজাৰ সেনানী। এনেকৈয়ে হাজাৰ হাজাৰ শ্বহীদৰ বলিদানেৰে অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত ইংৰাজৰ শাসনৰ পৰা মুক্ত হয়।
স্বাধীনতা লাভ কৰাৰ সন্ধিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰিছিল। তেতিয়াৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়।
ইফালে ভাৰতৰ পৰা ফালৰি কাটি গঠন হৈছিল আন এখন ৰাষ্ট্ৰ পাকিস্তান। ভাৰতৰ স্বাধীনতা লাভৰ দৰে পাছৰ সময়খিনিও যথেষ্ঠ কষ্টকৰ আছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ নামত লাখ লাখ মানুহৰ মৃত্যু হৈছিল।
কিন্তু বৰ্তমানৰ ভাৰত নতুন। ভাৰতে উন্নতিৰ শিখৰলৈ গতি কৰিছে। বিশ্ব অৰ্থনীতিৰ দ্ৰুতভাৱে আগবাঢ়ি গৈছে ভাৰত। এই স্বাধীন ভাৰতৰ নাগৰিক হিচাপে মই গৌৰৱান্বিত। শেষত সকলোলৈ স্বাধীনতা দিৱলৰ শুভেচ্ছা জনায় মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ, জয় হিন্দ!
অন্য খবৰ পঢ়কঃ স্বাধীনতা দিৱস, জানক ১৫ আগষ্টৰ ইতিহাস আৰু তাৎপৰ্য