চকুত দেখা দিছে নেকি এই লক্ষণ? হ’ব পাৰে বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক ইংগিত! জানক বিশেষজ্ঞৰ পৰা…
Kidney disease: আজিকালি মানুহে বিভিন্ন বৃক্কজনিত সমস্যাত ভোগে। কিন্তু বহুতে ইয়াৰ লক্ষণবোৰ আওকান কৰি চলে। বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ চকুত দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। যেতিয়া শৰীৰত কোনো সমস্যা হয় তেতিয়া ইয়াৰ লক্ষণে দেখা দিয়ে। কিন্তু বহু সময়ত ইয়াক মানুহে সাধাৰণ বুলি আওকান কৰি চলে। বহু মানুহৰ পুৱা শুই উঠাৰ পাছত চকু ফুলা দেখা যায়। টোপনিৰ ক্ষতি, বেছি টোপনি, কান্দিলে বা বিভিন্ন কাৰণত চকু ফুলিব পাৰে। কিন্তু সকলো সময়তে সাধাৰণ কাৰণ নহ’ব পাৰে। গৱেষণাত প্ৰকাশ পাইছে যে চকু ফুলি উঠা বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।
মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত গৱেষণাৰ মতে,পুৱা সাৰ পোৱাৰ পাছত চকু ফুলা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন এনে হৈ থাকিলে ই বৃক্ক বিকল হোৱাৰ লক্ষণ হ’ব পাৰে। যেতিয়া বৃক্কই শৰীৰৰ পৰা প্ৰটিন ফিল্টাৰ নকৰে তেতিয়া এনে হয়। বৃক্কই আমাৰ শীৰৰৰ তেজ পৰিষ্কাৰ কৰে আৰু অতিৰিক্ত পানী, বিষাক্ত পদাৰ্থ বাহিৰ কৰে। কিন্তু বৃক্কই সঠিকভাৱে কাম নকৰিলে প্ৰ’টিন প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হয় আৰু শৰীৰত পানী জমা হ’বলৈ ধৰে। যাৰ প্ৰভাৱ চকু আৰু মুখত দেখা যায়।
লক্ষণ
স্বাস্থ্য বিশেষজ্ঞ ডাঃ সমীৰ ভাটিৰ মতে বৃক্ক বিকল হ’লে বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াৰ প্ৰথম লক্ষণ চকুত দেখা দিয়ে। এনে অৱস্থাত চকু ফুলি উঠে। পুৱাৰ সময়ত এই সমস্যা বেছিকৈ হয়। আন কিছুমান লক্ষণ হ-ল-
- সঘনাই প্ৰস্ৰাৱ কৰা
- ৰাতি প্ৰস্ৰাৱ বেছিকৈ অহা
- প্ৰস্ৰাৱত তেজ
- প্ৰস্ৰাৱত ফেন
- প্ৰস্ৰাৱত দুৰ্গন্ধ
- ভৰি আৰু ভৰিৰ গোৰোহা ফুলা,
- চকু ফুলা
- মুখ ফুলা
- ভাগৰ
- দুৰ্বলতা আদি।
পৰিত্ৰাণৰ উপায়
- পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।
- নিমখ বেছি নাখাব।
- সুৰা, ধূমপানৰ পৰা আঁতৰি থাকক।
- ব্যায়াম কৰক।
- ওজন নিয়ন্ত্ৰণ
- ৰক্তচাপ নিয়ন্ত্ৰণ আদি।
যদি দীৰ্ঘদিন ধৰি এই লক্ষণসমূহে দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সুস্থ স্বাস্থ্যৰ বাবে বৃক্ক সুস্থ হৈ থকা অতি প্ৰয়োজন। গতিকে বৃক্কৰ স্বাস্থ্যত গুৰুত্ব দিব লাগে।
অন্য খবৰ পঢ়কঃবুকুৰ পৰা অস্বাভাৱিক মাত ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, কেনেকৈ যত্ন ল’ব জানক সকলো…