অষ্ট্ৰেলিয়াতে পাকিস্তানক আঘাত দিয়াৰ সুযোগ ৰোহিতৰ হাতত!

16 Oct 2025

TV9 ASSAM

সীমিত অভাৰৰ দ্বিপাক্ষিক শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। এই ভ্ৰমণত টি-২০ আৰু এদিনীয়া শৃংখলা খেলা হ’ব।

অষ্ট্ৰেলিয়া ভ্ৰমণ

অহা ১৯ অক্টোবৰৰ পৰা ৩খনীয়া মেচৰ এদিনীয়া শৃংখলা আৰু ২৯ অক্টোবৰৰ পৰা ৫খনীয়া মেচৰ টি-২০ শৃংখলা অনুষ্ঠিত হ’ব।

আৰম্ভণি

অষ্ট্ৰেলিয়া ভ্ৰমণত এদিনীয়া শৃংখলাতে দীৰ্ঘদিনৰ মূৰত ভাৰতীয় দলৰ হৈ খেলিব দুই অভিজ্ঞ তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে।

ৰোকো যুটি

তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাটোত ৰোহিত শৰ্মাই এক বিশ্ব অভিলেখ গঢ়াৰ সুযোগ পাব। এই ৰেকৰ্ড হ’লেই পাকিস্তানে হেৰুৱাব বৰ্তমানৰ অভিলেখ।

ৰোহিত

এদিনীয়াত সৰ্বাধিক ছয়ৰ অভিলেখ ৰচিবলৈ ৰোহিত শৰ্মাক এতিয়া প্ৰয়োজন মাত্ৰ ৮টা ছয়ৰ। এইপৰ্যন্ত তেওঁৰ নামত আছে এদিনীয়াত ৩৪৪টা ছয়।

সৰ্বাধিক ছয়

এইপৰ্যন্ত এই অভিলেখ আছে পাকিস্তানৰ শ্বাহিদ আফ্ৰিদীৰ নামত। আফ্ৰিদীয়ে এদিনীয়াত কোবাইছিল মুঠ ৩৫১টা ছয়। এতিয়া ৰোহিতৰ হাতত আফ্ৰিদীক অতিক্ৰমৰ সুযোগ।

অভিলেখ

পঢ়িবলৈ ক্লিক কৰক 

ধনী লোকসকলে কৰে এই ৫টা কাম!