মহাভাৰতৰ ‘কৰ্ণ’নামেৰে জনপ্ৰিয় পংকজ ধীৰৰ আকস্মিক বিয়োগ…
Karna: মহাভাৰতৰ কৰ্ণ হিচাপে পৰিচিত পংকজ ধীৰৰ মৃত্যু। দীৰ্ঘদিন ধৰি জটিল ৰোগৰ সৈতে যুঁজি অৱশেষত জীৱন যুদ্ধত হাৰ মানে পংকজ ধীৰে। বুধবাৰে আহে এই বেয়া খবৰ।
বি আৰ চোপ্ৰাৰ নিৰ্দেশনাত নিৰ্মিত ধাৰাবাহিক ‘মহাভাৰত’ত কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আৰু নাই। ৬৮ বছৰ বয়সত মৃত্যু হয় তেওঁৰ। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা পংকজ ধীৰ। কিন্তু ১৪ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। এই খবৰৰ পাছতে মনোৰঞ্জন জগতত শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে, বিভিন্ন ছবিত অভিনয় কৰিলেও তেওঁ পৰিচিত হয় কৰ্ণ হিচাপেহে। মহাভাৰতৰ এটা মুখ্য চৰিত্ৰ কৰ্ণ। তেওঁৰ আকস্মিক মৃত্যুৱে চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগক স্তম্ভিত কৰি তুলিছে।
১৯৮৮ চনৰ ঐতিহাসিক ধাৰাবাহিক ‘মহাভাৰত’ত কৰ্ণতৰ চৰিত্ৰৰে জনপ্ৰিয় হৈ উঠিছিল তেওঁ। আনকি তেওঁৰ নামত বহু প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা হৈছিল। কৰ্ণ বুলি ক’লে আজিও বহুতৰে মনত তেওঁৰ মুখখনেই যেন ভাহি আহে। তেওঁৰ পুত্ৰও এজন সু-অভিনেতা।
Latest Videos