সোঁ চকু লৰাৰ কাৰণ কি জানেনে? জানক...

15  OCT 2025

TV9 ASSAM

চকু লৰচৰ কৰা এক সাধাৰণ শাৰীৰিক প্ৰক্ৰিয়া। কিন্তু শকুন শাস্ত্ৰত ইয়াৰ বিশেষ মহত্ব আছে। কেতিয়াবা এটা চকু বা কেতিয়াবা দুয়োটা চকু একেলগে লৰা দেখা যায়।

চকু

যদি সোঁ চকু লৰচৰ কৰে তেন্তে ইয়াৰ কিছুমান বিশেষ ঘটনাৰ সৈতে মিল আছে। বহু লোকে ইয়াক সাধাৰণ বুলি গণ্য কৰে কিন্তু ধৰ্মীয় দৃষ্টিকোনে ইয়াক ভৱিষ্যতে হ'বলগীয়া ঘটনাৰ সংকেত বুলি কয়।

সোঁ চকু

শকুন শাস্ত্ৰ মতে, শৰীৰৰ বিভিন্ন অংগ লৰাৰ সংকেত বিভিন্ন হ'ব পাৰে। পুৰুষ আৰু মহিলাৰ মাজত ইয়াৰ সংকেত বেলেগ বেলেগ হ'ব পাৰে।

শাস্ত্ৰ

শকুন শাস্ত্ৰ মতে, কোনো পুৰুষৰ সোঁ চকু লৰা শুভ সংকেত বুলি কোৱা হয়। ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ জীৱনত কোনো ভাল খবৰ বা ভাল সময় আহি আছে।

পুৰুষৰ

পুৰুষসকলৰ সোঁ চকু লৰাৰ অৰ্থ এয়াই যে,ভাল চাকৰি,পাৰিবাৰিক জীৱন,ব্যৱসায় আদিৰ বাবে ভাল খবৰ পাব পাৰে। ইয়াৰোপৰি দীৰ্ঘ সময় ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে।

কি হয়

যদি মহিলাসকলৰ সোঁ চকু লৰে তেন্তে এয়া অশুভ ইংগিত হ'ব পাৰে। ইয়াৰ অৰ্থ এয়াই যে, জীৱনত কোনো সমস্যা আহিব পাৰে বা কোনো দুখ পাব পাৰে।

মহিলা

স্বাস্থ্যৰ দৃষ্টিকোনৰ পৰা পুষ্টিৰ অভাৱ, মেগনেছিয়ামৰ অভাৱ, ক্লান্তি,মানসিক চাপ, টোপনিৰ অভাৱ আদিৰ ফলত চকু লৰে। দীৰ্ঘদিন এনে হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

স্বাস্থ্য

পঢ়িবলৈ ক্লিক কৰক 

প্ৰেমানন্দ মহাৰাজ