শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা ৫০% হ্ৰাস পালে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

Heart Disease Symptoms: বিভিন্ন বয়সৰ মানুহৰ মাজত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা দেখা যায়। যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা ৫০% হ্ৰাস পালে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
হৃদযন্ত্ৰImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 16 Oct 2025 15:55 PM

বৰ্তমান সময়ত বহু মানুহে হৃদযন্ত্ৰৰ সমস্যাত ভোগা দেখা যায়। গতিকে সকলোৱে হৃদযন্ত্ৰৰ যত্ন লোৱা প্ৰয়োজন। যেতিয়া হৃদযন্ত্ৰই নিজৰ স্বাভাৱিক কাৰ্যক্ষমতা (pumping capacity)তকৈ কম কাম কৰে, বিশেষকৈ ৫০% ৰ তলত, তেতিয়া এই অৱস্থাক হৃদযন্ত্ৰৰ বিকলতা বা কম ইজেকচন ফ্ৰেকচন (Heart Failure বা Low Ejection Fraction) বোলা হয়। এনে অৱস্থাত শৰীৰলৈ হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণৰ তেজ আৰু অক্সিজেন যোগান ধৰিব নোৱাৰে।

যেতিয়া হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা ৫০ শতাংশ হ্ৰাস পাই তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰি চলে। গতিকে সময়মতে ইয়াক চিনাক্ত কৰি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

লক্ষণ

যেতিয়া হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস পাই তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে এপ’ল’ হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ বৰুণ বংছালে। তেওঁৰ মতে, এই অৱস্থাত মুখ্যত ৪ টা লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল-

  1. উশাহ-নিশাহত কষ্ট পোৱা। খোজকঢ়া, চিৰি বগোৱা আনকি শুই থকাৰ সময়তো উশাহত কষ্ট হয়। হৃদযন্ত্ৰই তেজ পাম্প কৰিব নোৱাৰিলে হাওঁফাওঁত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে, যাৰ বাবে এই সমস্যাৰ সৃষ্টি হয়।
  2. অত্যধিক ভাগৰ আৰু দুৰ্বল অনুভৱ কৰা। যেতিয়া হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে তেতিয়া কোনো কাৰণ নোহোৱাকৈ ভাগৰ আৰু দুৰ্বল অনুভৱ হ’ব পাৰে। শৰীৰৰ অংগসমূহে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আৰু শক্তি লাভ নকৰিলে এনে হয়।
  3. পেট, ভৰি, গোৰোহা আদি ফুলা এই সমস্যাৰ আন এটি লক্ষণ হ’ব পাৰে। শৰীৰত তৰল পদাৰ্থ জমা হ’লে এনে হয়। সন্ধিয়া এই সমস্যা বৃদ্ধি পাব পাৰে।
  4. নিশা শুৱাৰ পাছত বাৰে বাৰে সাৰ পাব পাৰে। লগতে উশাহত কষ্ট, অশান্তি আদি অনুভৱ হ’ব পাৰে। ইয়াৰোপৰি বিভ্ৰান্তি, মূৰ ঘূৰোৱা আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে।

 

যদি দীৰ্ঘদিন ধৰি এই লক্ষণসমূহে দেখা দি থাকে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। অন্যথা পাছলৈ সমস্যা গম্ভীৰ হব পাৰে।

 

অন্য খবৰ পঢ়কঃ বুকুৰ পৰা অস্বাভাৱিক মাত ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, কেনেকৈ যত্ন ল’ব জানক সকলো…