শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দেৰিকৈ টিকট বুকিং কৰিলেও দিব নালাগে অধিক ভাড়া, বিমান যাত্ৰাৰ নতুন নিয়ম

দেৰিকৈ টিকট বুকিং কৰিলেও দিব নালাগে অধিক ভাড়া, বিমান যাত্ৰাৰ নতুন নিয়ম

trishna-kalita
Trishna Kalita | Updated On: 15 Oct 2025 22:08 PM

জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, “যাত্ৰীসকলকে অধিক বিমান ভাড়া দিয়াৰ মানসিক চাপৰ পৰা মুক্ত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।” প্ৰথমে ১৩ অক্টোবৰত এই আঁচনিখন আৰম্ভ কৰা হৈছিল।

বিমানৰ টিকট বুকিং কৰাৰ ক্ষেত্ৰত সময় অতি গুৰুত্বপূৰ্ণ।  কোনো যাত্ৰীয়ে কেতিয়া টিকট বুকিং কৰে তাৰ ওপৰতে বিমানৰ ভাড়া নিৰ্ভৰ কৰে। কিন্তু এতিয়া সেই নিয়ম এইবাৰ সলনি হ’ব নেকি? কেন্দ্রীয় চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ ৷  সেই অনুসৰি এটা নিৰ্দিষ্ট পথৰ বাবে নিৰ্ধাৰণ কৰা হ’ব বিমানৰ ভাড়া। তেনে ক্ষেত্ৰত টিকট য়েতিয়াই বুকিং নকৰক কিয়, একেই থাকিব ভাড়া। সোমবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰে এই সিদ্ধান্ত ।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জৰাপুয়ে ‘ফাৰে ছে ফুৰছাট’ নামৰ এক বিশেষ আঁচনি উদ্বোধন কৰে।  এই আঁচনিৰ শুভাৰম্ভ কৰিছে চৰকাৰী মালিকানাধীন ‘এলায়েন্স এয়াৰ’ই। জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, “যাত্ৰীসকলকে অধিক বিমান ভাড়া দিয়াৰ মানসিক চাপৰ পৰা মুক্ত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।” প্ৰথমে ১৩ অক্টোবৰত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। এই পদক্ষেপ কেইটামান নিৰ্দিষ্ট পথৰ বাবে গ্ৰহণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে এলায়েন্স এয়াৰে মধ্যবিত্ত শ্ৰেণীৰ বাবে বিমান ভাড়া সুলভ কৰি তুলিবলৈ চেষ্টা কৰিছে।