শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বাক্সাৰ উত্তেজনাৰ পৰা ছিংগাপুৰৰ উচ্চায়ুক্তৰে মুখ্যমন্ত্ৰীৰ বৈঠকলৈ দিনটোৰ শীৰ্ষ খবৰ

বাক্সাৰ উত্তেজনাৰ পৰা ছিংগাপুৰৰ উচ্চায়ুক্তৰে মুখ্যমন্ত্ৰীৰ বৈঠকলৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-sarma
Barasha Sarma | Updated On: 15 Oct 2025 21:59 PM

Top9: আজি বাক্সাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছতে আৰক্ষী আৰু জনতাৰ মাজত হতাহতি হয়। য'ত কেইবাজনো আহত হয়।

আজি বাক্সাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। তাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আৰক্ষী আৰু জনতাৰ মাজত হতাহতি হয়, য’ত ৬০ জনৰো অধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে। আৰক্ষী বিষয়াসকলো আহত হয়। জনতাই আৰক্ষীৰ বাহন জুই লগাই দিয়ে। আনহাতে আৰক্ষীয়ে গুলীচালনা কৰে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাক্সাত বি এন এছ এছৰ ১৬৩ ধাৰা জাৰি কৰা হয়। ইয়াৰ লগতে ইন্টাৰনেট সেৱা কৰ্তন কৰা হয়। জিলাখনত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

ইফাসে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্তৰ সৈতে বৈঠকত মিলিত হয়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত তেওঁ ছিংগাপুৰ চৰকাৰৰ সহায় বিচাৰে। আনহাতে ছিংগাপুৰে সকলো সহায়ৰ আশ্বাস দিয়ে।