শীতৰ আগমনৰ পূৰ্বেই ফটা ওঁঠৰ সমস্যাত ভুগিছে নেকি? এনেদৰে যত্ন ল’লে ঘূৰাই পাব গুলপীয়া ওঁঠ
শৰীৰৰ আন অংশতকৈ ওঁঠৰ ছাল অধিক সংবেদনশীল, গতিকে যত্নৰ ক্ষেত্ৰত গাফিলতি হ’লে ওঁঠ ফাটিব পাৰে। কিন্তু সঠিক যত্নৰ কিছুমান সহজ নিয়ম মানি চলিলেই এই সমস্যাৰ পৰা সহজে উপশম পাব পাৰি। জানো আহক এই বিষয়ে।

লাহে লাহে আগমন ঘটিছে শীতকালৰ। শীতৰ এই সময়ছোৱাত দেহৰ ভিন্ন ৰোগৰ লগতে ছালৰ কিছুমান সমস্যাই দেখা দিব পাৰে। বিশেষকৈ শীতত ওঁঠৰ ছাল ফঁটা আৰু ইয়াৰ ফলত মৃদু বিষ হোৱা বা তেজ ওলোৱা আদি সমস্যা হ’ব পাৰে। শৰীৰৰ আন অংশতকৈ ওঁঠৰ ছাল অধিক সংবেদনশীল, গতিকে যত্নৰ ক্ষেত্ৰত গাফিলতি হ’লে ওঁঠ ফাটিব পাৰে। কিন্তু সঠিক যত্নৰ কিছুমান সহজ নিয়ম মানি চলিলেই এই সমস্যাৰ পৰা সহজে উপশম পাব পাৰি। জানো আহক এই বিষয়ে।
আৰ্দ্ৰতা বজাই ৰাখক
শীতকালত ওঁঠৰ আৰ্দ্ৰতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে দিনটোত একাধিকবাৰ লিপ বাম লগাব লাগে। শ্বিয়া বাটাৰ, ক’ক’ বাটাৰ, বা নাৰিকল তেলৰ সৈতে লিপ বাম ব্যৱহাৰ কৰি চাওক। নিশা শোৱাৰ পূৰ্বে ওঁঠত অলপ ঘিউ বা আলমণ্ড অইল লগালে পুৱা ওঁঠ কোমল হৈ থাকিব।
পৰ্যাপ্ত পৰিমাণে পানী খাব
ফটা ওঁঠৰ সমস্যাৰ অন্যতম প্ৰধান কাৰণ হৈছে শৰীৰত পানীৰ অভাৱ। বহুলোকে শীতকালত পানী কমকৈ খায়। কিন্তু ভিতৰৰ পৰা আৰ্দ্ৰতা নাথাকিলে বাহ্যিক যত্ন ফলপ্ৰসূ নহ’ব। গতিকে দিনটোত কমেও ৭-৮ গিলাচ পানী খাব লাগে।
ঘৰতে বনোৱা স্ক্ৰাব ব্যৱহাৰ কৰক
শুকান ওঁঠ যদি মৃত কোষেৰে ভৰি থাকে, তেতিয়া লিপ বাম লগাই থাকিলেও কোনো ফল নধৰে। সেয়ে এচামুচ চেনি, আধা চামুচ মৌ আৰু কেইটোপালমান অলিভ অইল মিহলাই ঘৰতে প্ৰাকৃতিক লিপ স্ক্ৰাব প্ৰস্তুত কৰক। হাতেৰে ওঁঠ দুটা লাহে লাহে মালিচ কৰি ধুই পেলাওক। ইয়াৰ ফলত ওঁঠত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু ওঁঠত প্ৰাকৃতিক ৰং পোৱা যায়।
সূৰ্যৰ UV ৰশ্মিৰ ক্ষতিৰ পৰা সুৰক্ষা
বহুলোকে ভাবে যে শীতকালত ৰ’দ বিশেষ ক্ষতিকাৰক নহয়। কিন্তু সূৰ্যৰ UV ৰশ্মি ওঁঠৰ বাবেও সমানেই বিপদজনক। সেয়ে বাহিৰলৈ ওলোৱাৰ পূৰ্বে SPF থকা লিপ বাম ব্যৱহাৰ কৰক। ইয়াৰ ফলত ওঁঠৰ ক’লা ৰং কম হ’ব।
মৌৰে যত্ন
প্ৰতি নিশা মৌ লগালে ফাটি যোৱা ওঁঠ সোনকালে ভাল হ’ব। মৌৱে ওঁঠৰ ভিতৰত আৰ্দ্ৰতা ধৰি ৰাখে। ইচ্ছা কৰিলে মৌত নেমুৰ ৰস কেইটোপালমান মিহলাই ল’ব পাৰে, ইয়াৰ ফলত ওঁঠৰ ৰঙো পাতল হৈ পৰিব।
অভ্যাস সলনি কৰক
বহুলোকৰে ওঁঠ চেলেকি থকাৰ অভ্যাসৰ বাবে ওঁঠ ফাটে। লেলাৱতি ওঁঠ আৰু অধিক শুকুৱাই পেলায়। গতিকে এই অভ্যাস ত্যাগ কৰক। কৃত্ৰিম সুগন্ধি বা ৰং থকা লিপ বাম ব্যৱহাৰ নকৰাতো ভাল।
ওঁঠৰ যত্ন লোৱা বুলিলে কেৱল লিপ বাম লগোৱাই নহয়। বৰঞ্চ ইয়াৰ বাবে নিয়মিত আৰ্দ্ৰতা, পুষ্টি আৰু সুৰক্ষা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। শীতকাল অহাৰ পূৰ্বেই এই সহজ দৈনন্দিন অভ্যাস আৰম্ভ কৰক। তেতিয়া শীতৰ সেমেকা পুৱাত আপোনাৰ মুখত ফুটি উঠিব কোমল তথা উজ্জ্বল হাঁহি। এনে সহজ অভ্যাসৰ জৰিয়তে শীতকালত আপুনি ফটা ওঁঠৰ সমস্যাৰো সন্মুখীন হোৱাৰ পৰা ৰক্ষা পাব।