শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
EPFOৰ নীতিত ডাঙৰ পৰিৱৰ্তন, এতিয়াৰে পৰা উলিয়াব পাৰিব ১০০ শতাংশ ধন

EPFOৰ নীতিত ডাঙৰ পৰিৱৰ্তন, এতিয়াৰে পৰা উলিয়াব পাৰিব ১০০ শতাংশ ধন

trishna-kalita
Trishna Kalita | Updated On: 15 Oct 2025 22:14 PM

কেন্দ্ৰীয় শ্ৰম, যুৱ আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্যৰৰ অধ্যক্ষতাত  কেন্দ্ৰীয় ব’ৰ্ড অৱ ট্ৰাষ্টৰ ২৩৮ সংখ্যক বৈঠক অনুষ্ঠিত হয়। তাত ইপিএফৰ ‘উদাৰীকৰণ’ৰ, প্ৰত্যাহাৰ প্ৰক্ৰিয়া সৰল কৰাৰ লগতে বিশ্বাস আঁচনিৰ ঘোষণা, ইপিএফ ৩.০ ৰূপায়ণত অনুমোদন জনোৱা হৈছে।

এতিয়াৰে পৰা PFত জমা হোৱা ধনৰ ১০০ শতাংশ পৰ্যন্ত  উলিয়াব পাৰিব কৰ্মচাৰী ভৱিষ্য নিধি বা এম্লইজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনৰ (EPFO)  সদস্যসকলে। সোমবাৰে EPFO ৰ কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টী (CBT)ৰ এখন বৈঠকত কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ইপিএফঅ’ বা কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সৈতে জড়িত বিভিন্ন সেৱাসমূহ আধুনিকীকৰণ আৰু সৰল কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় শ্ৰম, যুৱ আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্যৰৰ অধ্যক্ষতাত  কেন্দ্ৰীয় ব’ৰ্ড অৱ ট্ৰাষ্টৰ ২৩৮ সংখ্যক বৈঠক অনুষ্ঠিত হয়। তাত ইপিএফৰ ‘উদাৰীকৰণ’ৰ, প্ৰত্যাহাৰ প্ৰক্ৰিয়া সৰল কৰাৰ লগতে বিশ্বাস আঁচনিৰ ঘোষণা, ইপিএফ ৩.০ ৰূপায়ণত অনুমোদন জনোৱা হৈছে। নতুন দিল্লীৰ সূত্ৰ অনুসৰি আংশিক প্ৰত্যাহাৰৰ বাবেও ১৩টা পুৰণি নিয়ম একত্ৰিত কৰি একক নিয়মত পৰিণত কৰা হৈছে। যাৰ জৰিয়তে ইপিএফঅ’ৰ সদস্যসকলে প্ৰয়োজন অনুসৰি নিজৰ ধন উলিয়াব পাৰে।