মেৰুদণ্ড দুৰ্বল হৈ পৰিলে কি কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…
ভাল স্বাস্থ্যৰ বাবে মানুহৰ মেৰদণ্ড শক্তিশালী হোৱা প্ৰয়োজন। ই আমাৰ শৰীৰৰ বেছিভাগ কাম কৰে। কিন্তু বহু সময়ত মেৰুদণ্ড দুৰ্বল হৈ পৰে। এই সময়চোৱাত কিছুমান লক্ষণে দেখা দিয়ে।

মেৰুদণ্ড শৰীৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ। ই শৰীৰৰ বহু গুৰুত্বপূৰ্ণ কাম নিয়ন্ত্ৰণ কৰে। শৰীৰক উলম্বভাৱে ৰখা, লৰচৰ কৰা, মগজুলৈ শৰীৰৰ বাৰ্তা প্ৰেৰণ কৰাৰ দৰে প্ৰয়োজনীয় কামবোৰ নিয়ন্ত্ৰণ কৰে। যাৰ বাবে মেৰুদণ্ড সুস্থ, নিৰাপদ আৰু শক্তিশালী কৰি ৰখা প্ৰয়োজন। বিশেষজ্ঞৰ মতে, যেতিয়া মেৰুদণ্ডৰ সমস্যাৰ সৃষ্টি হয় তেতিয়া বহুতো লক্ষণে দেখা দিয়ে।
১৬ অক্টোবৰৰ দিনটো বিশ্ব মেৰুদণ্ড দিৱস হিচাপে পালন কৰা হয়। এই দিৱসে মানুহক সোঁৱৰাই দিয়ে যে মেৰুদণ্ডৰ স্বাস্থ্য আমাৰ দৈনন্দিন অভ্যাসৰ সৈতে জড়িত। বিশেষজ্ঞৰ মতে, সুস্বাস্থ্য আৰু উন্নত জীৱনৰ বাবে মেৰুদণ্ড শক্তিশালী হোৱা অতি প্ৰয়োজন। কিন্তু কিছুমান কামে মেৰুদণ্ডৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। কঁকালৰ বিষ, ডিস্কৰ অৱক্ষয়, বেয়া ভংগীমাৰ দৰে সমস্যাবোৰ এতিয়া সাধাৰণ হৈ পৰিছে।
লক্ষণ
মেৰুদণ্ডৰ স্বাস্থ্য সন্দৰ্ভত সবিশেষ জনাইছে, দিল্লীৰ এল এন জে পি হাস্পতালৰ অস্থি বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ ৰোহন কৃষ্ণই। তেওঁ কয় যে, মানুহে মেৰুদণ্ডৰ সমস্যাৰ লক্ষণবোৰ আওকান কৰে। কিন্তু ইয়াক আওকান কৰা উচিত নহয়। মেৰুদণ্ডৰ সমস্যাৰ লক্ষণৰ ভিতৰত আছে পিঠিৰ জঠৰতা, জিনজিননি, অজ্ঞানতা আদি। পাছলৈ এই সমস্যা আৰু অধিক গুৰুতৰ হৈ পৰিব পাৰে। গতিকে দীৰ্ঘদিন ধৰি এই লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
স্লিপ ডিস্কঃ আমাৰ মেৰদণ্ডত থকা ডিস্কবোৰ কেতিয়াবা পিছলি যায়। যাক স্লিপ ডিস্ক বুলি কোৱা হয়। ইয়াৰ ফলত মেৰুদণ্ডৰ স্নায়ু সংকোচন কৰিব পাৰে, যাৰ ফলত কঁকালৰ তলৰ অংশ বা ডিঙিত তীব্ৰ বিষ হয়। হাত বা ভৰিৰ দুৰ্বলতা, অজ্ঞানতা আদি লক্ষণেও দেখা দিব পাৰে। ইয়াৰোপৰি আৰু বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।
যত্ন লোৱা দৰকাৰ
মেৰুদণ্ড শক্তিশালী কৰি ৰাখিবলৈ সৰু সৰু কথাবোৰত গুৰুত্ব দিয়া প্ৰয়োজন। আপুনি কেনেকৈ বহিছে বা থিয় হৈছে সেই দিশটোৱেও ডাঙৰ ভূমিকা পালন কৰে। হেলনীয়াকৈ বহিলে মেৰুদণ্ডৰ ওপৰত চাপ বৃদ্ধি পায়, যাৰ ফলত ক্ৰমান্বয়ে বিষ আৰু জঠৰতা হ’ব পাৰে। বা পিঠিখন ওপৰৰ পিনে উলিয়াই (কুজা) হৈ বহিলেও বেয়া প্ৰভাৱ পৰিব পাৰে।
প্ৰতিদিনে শাৰীৰিক কাৰ্যকলাপ কৰা অতি প্ৰয়োজন। ইয়াৰ ভিতৰত আপুনি খোজ কঢ়া, ব্যায়াম আদি অন্তৰ্ভুক্ত কৰিব পাৰে। এইবোৰে মেৰুদণ্ড শক্তিশালী কৰে। ইয়াৰোপৰি সঠিকভাৱে বহাৰ অভ্যাস গঢ়ি তুলিব লাগে। অন্যথা মেৰদণ্ডৰ সমস্যা হোৱাৰ লগতে শৰীৰৰ ভংগীমা সলনি হয়।
অন্য খবৰ পঢ়কঃ হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা ৫০% হ্ৰাস পালে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…