জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কেতিয়া দাখিল কৰা হ’ব চাৰ্জশ্বীট? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা
বুধবাৰে এই গোচৰৰ দুই প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। এনে পৰিস্থিতিক কেন্দ্ৰ কৰি এক উত্তেজনাময় অৱস্থা অব্যাহত থকাৰ সময়তে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোচৰৰ চাৰ্জশ্বীট সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত আছে। ইতিমধ্যে এই গোচৰৰ তদন্তৰ বাবে গঠন কৰি দিয়া বিশেষ তদন্ত সমিতি, চমুকৈ SIT- এ নৰ্থইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শিল্পীগৰাকীৰ দুই সহযোগী শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ লগতে দুই দেহৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। আনহাতে এই গোচৰত বহুলোকৰ সাক্ষ্য গ্ৰহণ কৰিছে SIT- এ। তদন্ত অব্যাহত থকাৰ সময়তে ৰাজ্যজুৰি এই তদন্ত প্ৰক্ৰিয়া সঠিক তথা ক্ষিপ্ৰ কৰি তোলাৰ লগতে প্ৰিয় শিল্পীগৰাকীৰ বাবে ন্যায়ৰ দাবী মুখৰিত হৈছে।
বুধবাৰে এই গোচৰৰ দুই প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। এনে পৰিস্থিতিক কেন্দ্ৰ কৰি এক উত্তেজনাময় অৱস্থা অব্যাহত থকাৰ সময়তে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।
আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ পাছতে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ গোচৰৰ চাৰ্জশ্বীট সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। তেওঁ সদৰী কৰা মতে, অহা নৱেম্বৰ মাহৰ পিছত এই গোচৰত চাৰ্জশ্বীট দাখিল কৰিব পৰা যাব বুলি SIT- এ জানিবলৈ দিছে।
তদন্তৰ বাবে ৯০ দিন সময় থাকে যদিও নৱেম্বৰৰ ভিতৰতে তদন্ত সামৰি আদালতত অভিযোগনামা দাখিল কৰিব পৰা যাব বুলি SIT- এ আশা প্ৰকাশ কৰিছে। সেই অনুসৰি নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত SIT- এ চাৰ্জশ্বীট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰে।
ইফালে এই গোচৰ বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তোলাৰ উদ্দেশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত ফাষ্টট্ৰেক ক’ৰ্ট গঠনৰ বাবে আহ্বান জনাবলৈও কেবিনেটত সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে। ৰাজ্যৰ মহাধিবক্তাৰ লগত আলোচনামৰ্মে এই গোচৰত এগৰাকী Special Public Prosecutor নিযুক্তি দিয়াৰো সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।