শ্লিপাৰৰ সৈতে বন্দে ভাৰতৰ নতুন ৰূপ, পোহৰলৈ আহিল ডিজাইন…
Vande Bharat: বহু মানুহৰ প্ৰথম পচন্দ বন্দে ভাৰত। কিয়নো দেখা ধুনীয়া এই ট্ৰেইনখন তীব্ৰবেগী। বহু যাত্ৰীয়ে বন্দে ভাৰতৰ শ্লিপাৰৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু এতিয়া চিন্তাৰ প্ৰয়োজন নাই। আহি আছে শ্লিপাৰ।
শীঘ্ৰেই নতুন ৰূপত দেখা পাব বন্দে ভাৰত। মুকলি হোৱাৰ পাছতে বন্দে ভাৰত ট্ৰেইনে বহু যাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ডিজাইনৰ পৰা আৰম্ভ কৰি গতিবেগে মানুহৰ দৃষ্টি কাঢ়ে। কিন্তু বহুতে বন্দে ভাৰতৰ শ্লিপাৰৰ অপেক্ষা কৰি আছে। সেই যাত্ৰীসকলৰ বাবে ভাল খবৰ। কিয়নো শীঘ্ৰেই বন্দে ভাৰতে মুকলি কৰিব শ্লিপাৰ।
এই শ্লিপাৰত যাত্ৰীৰ বাবে থাকিব বিশেষ ব্যৱস্থা। এচি ডবাত ৪ টাকৈ বাৰ্থ থাকিব। ওপৰৰ বাৰ্থলৈ যাবৰ বাবে থাকিব চিৰি। ইয়াৰোপৰি কিতাপ থোৱা বা অন্য সামগ্ৰী ৰখাৰ বাবে থাকিব বিশেষ ঠাই।এই ট্ৰেইনৰ ডবাসমূহৰ নিৰ্মাণ ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত ‘কিনেট ৰে’লৱে ছলিউচন’ নামৰ প্ৰতিষ্ঠানটোৱে কৰি আছে। ২০২৫ চনৰ ভিতৰতে ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
Latest Videos