Legs Pain: ভৰিৰ এই লক্ষণসমূহ নকৰিব আওকান! হ’ব পাৰে এই ৫টা ডাঙৰ ৰোগৰ লক্ষণ…
Legs Pain: বহু সময়ত মানুহৰ ভৰিৰ বিষ, ফুলা আদিৰ সমস্যা হোৱা দেখা যায়। কেতিয়াবা ই সাধাৰণ হ'ব পাৰে, কিন্তু কেতিয়াবা ই চিন্তাৰ কাৰণ হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

ভৰিত হোৱা বিভিন্ন সমস্যা মানুহে আওকান কৰি চলে। কিন্তু ভৰি ফুলা আৰু বিষৰ সমস্যা সকলো সময়তে সাধাৰণ নহয়। ভৰিৰ স্বাস্থ্যইও আপোনাক বহু দিশৰ ইংগিত দিয়ে। স্বাস্থ্য বিশেষজ্ঞৰ মতে, ভৰিৰ গঠন, ৰূপ বা কাৰ্যক্ষমতাৰ পৰিৱৰ্তন হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ। বহু গৱেষণাত প্ৰকাশ পাইছে যে, ডায়েবেটিছ, হৃদযন্ত্ৰৰ দৰে সমস্যাৰ ইংগিত ভৰিয়ে দিয়ে। তলত কিছুমান লক্ষণৰ বিষয়ে উল্লেখ কৰা হ’ল-
ভৰিৰ অজ্ঞানতা আৰু জিনজিনিঃ ভৰিৰ আঙুলি আৰু ভৰিৰ পতা যদি বাৰে বাৰে অজ্ঞান হয় আৰু জিনজননি অনুভৱ হয় তেন্তে এয়া ডায়েবেটিত নিউৰোপেথিৰ সংকেত হ’ব পাৰে। অনিয়ন্ত্ৰিত ডায়েবেটিছত ই সাধাৰণ। ইয়াক আওকান কৰিলে ভৰিত সংক্ৰমণ, ঘাঁ আদি হ’ব পাৰে।
ভৰি ফুলা আৰু বিষঃ যদি আপোনাৰ ভৰি ফুলা আৰু বিষৰ সমস্যা হয় তেন্তে এয়া হৃদযন্ত্ৰৰ সমস্যাৰ ইংগিত হ’ব পাৰে। ই পেৰিফেৰেল ভেস্কুলাৰ ডিজিজ বা হাৰ্ট ফেইলৰ লক্ষণ হ’ব পাৰে। খোজ কঢ়াৰ সময়ত এই সমস্যা বেছিকৈ হয়।
ছাল আৰু ৰং পৰিৱৰ্তনঃ যদি ভৰিখন দেখাত শুকান হৈ গৈছে বা ফটা, ৰং সলনি হোৱাৰ সমস্যাই দেখা দিছে তেন্তে এয়া কোনো সংক্ৰমণ বা তেজৰ প্ৰবাহ কম হোৱাৰ লক্ষণ হ’ব পাৰে। ডায়েবেটিছ ৰোগীসকলৰ বাবে এই লক্ষণ চিন্তাৰ কাৰণ।
ঠাণ্ডাঃ যদি আপোনাৰ ভৰি বাৰে বাৰে ঠাণ্ডা হৈ যায় আৰু নীলা , হালধীয়া, ৰঙা ৰঙৰ হৈ পৰে তেন্তে এয়া পেৰিফেৰেল আৰ্টৰী ডিজিজ (PAD)ৰ বাবে তেজৰ সোঁত বেয়া হোৱাৰ লক্ষণ হ’ব পাৰে। এই অৱস্থা হৃদৰোগৰ সৈতে জড়িত আৰু ইয়াৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়।
নখৰ পৰিৱৰ্তনঃ ভৰিৰ গঠনৰ পৰিৱৰ্তন,নখৰ পৰিৱৰ্তন আদিও সমস্যাৰ কাৰণ হ’ব পাৰে। এই পৰিৱৰ্তনসমূহ বাতবিষৰ দৰে অধিক গুৰুতৰ ৰোগৰ সৈতেও জড়িত হ’ব পাৰে।
গতিকে দীৰ্ঘদিন এই সমস্যাসমূহ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভুগিছে নেকি? এই সহজ উপায়ৰ দ্বাৰা পাব পৰিত্ৰাণ…