শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bishnu Rabha divas speech: ছাত্ৰ-ছাত্ৰীৰ বাবে বিষ্ণু ৰাভা দিৱসৰ চমু ভাষণ…

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়।

Bishnu Rabha divas speech: ছাত্ৰ-ছাত্ৰীৰ বাবে বিষ্ণু ৰাভা দিৱসৰ চমু ভাষণ…
বিষ্ণু প্ৰসাদ ৰাভা
barasha-sarma
Barasha Sarma | Updated On: 20 Jun 2025 07:32 AM

আজি ২০ জুন বিষ্ণু ৰাভা দিৱস। আজি সমগ্ৰ সময়বাসীয়ে কলাগুৰু বিষ্ণুপ্ৰসাৰ ৰাভা দিৱস পালন কৰে। ইয়াকে লৈ বিদ্যালয়-মহাবিদ্যালয়সমূহত বিভিন্ন অনুষ্ঠানৰ আযোজন কৰা হয়। যত ছাত্ৰ-ছাত্ৰীসকলে ভাষণ দিয়ে। তলত ভাষণৰ এটি চমু আভাস দিয়া হ’ল-

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ৰ ঢাকাত। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে ‘ৰাভা’ উপাধি গ্ৰহণ কৰে।  এনেকৈ তেওঁলোকে ৰাভা উপাধি লাভ কৰে। তেওঁ আছিল একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ,সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু।

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰে।

কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু ১৯২৮ চনত তেওঁ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ অপৰাধত তেওঁক চেণ্টপল’ কলেজৰ পৰা বহিষ্কাৰ কৰা হয়। পাছত ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে।

১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কলেজৰ ছাত্ৰাবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায়।পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কোচ বিহাৰতো ৰাভাই স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।

ৰাভাই কলেজত পঢ়ি থাকেতে বহু আলোচনীত কাম কৰিছিল। ভিক্টোৰিয়া কলেজৰ একৈশ বছৰ বয়সীয়া ছাত্ৰ বিষ্ণু প্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল। কবিটাতো আছিল “ৰাজ্যে আছে দুইটি পাঠা/একটি কালো একটি সাদা/ৰাজ্যেৰ যদি মঙ্গল চাওঁ/দুইটি পাঠাই বলি দাওঁ।”

ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। ৰাভাৰ দ্বাৰা ৰচিত মুঠ ১৩৭টা গীত ‘বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’ সন্নিবিষ্ট হৈছে । ৰাভাৰ অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ কলাগুৰু উপাধি দিয়া হৈছিল। নাটক, বোলছবি, চিত্ৰকলা, চিত্ৰনাট্য আদি সকলোতে জড়িত আছিল তেওঁ। ৰাভাৰ মৃত্যু হয় ১৯৬৯ চনৰ ২০ জুনত। এই দিনটোতে পালন কৰা হয় বিষ্ণু প্ৰসাদ ৰাভা দিৱস।

 

 

অন্য খবৰ পঢ়কঃ গান্ধী পৰিয়ালক আঁতৰ কৰিলেহে চাফা হ’ব কংগ্ৰেছঃ মুখ্যমন্ত্ৰী