বিয়াৰ দাবীৰে ‘দৰা’ঘৰৰ সমুখত ধৰ্ণাত বহিল যুৱতীঃ আঁৰত আছে এনে কাহিনী
এগৰাকী যুৱকৰ ঘৰৰ সমুখত ধৰ্ণাত বহি বিয়াৰ দাবী তুলি সংবাদ শিৰোনাম দখল কৰিছে এগৰাকী যুৱতীয়ে। ধৰ্ণাৰত যুৱতীগৰাকীৰ দাবী, যিকোনো মূল্যৰ বিনিময়ত যুৱকজনে তেওঁক বিয়া কৰাব লাগিব। এফালৰ পৰা চাবলৈ গ’লে যুৱতীগৰাকীৰ এই দাবী কোনো চিন্তনীয় নহয়। কিন্তু এই দাবীক চিন্তনীয় কৰি তুলিছে এক টুইষ্টে।

কোৱা হয়, বিবাহ এক পবিত্ৰ বন্ধন, দুগৰাকী ব্যক্তিৰ মাজত আত্মাৰ মিলন। বিবাহৰ বাবে অৱশ্যেই প্ৰয়োজন হয় পাৰস্পৰিক বুজাপৰাৰ। অন্যথা সংসাৰত ভৱিষ্যতে বিবাদৰ সূত্ৰপাত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিয়ে। পিছে বুজাপৰাৰ পৰিৱৰ্তে যদি এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰহে সৃষ্টি হয়, তেতিয়া কি হ’ব! প্ৰতিবাদমুখৰ পৰিস্থিতিৰ কথা শুনি হয়তো আপুনি আচৰিত হ’ব। পিছে পশ্চিম বংগত দেখা গৈছে তেনে এক পৰিস্থিতি। এগৰাকী যুৱকৰ ঘৰৰ সমুখত ধৰ্ণাত বহি বিয়াৰ দাবী তুলি সংবাদ শিৰোনাম দখল কৰিছে এগৰাকী যুৱতীয়ে।
ধৰ্ণাৰত যুৱতীগৰাকীৰ দাবী, যিকোনো মূল্যৰ বিনিময়ত যুৱকজনে তেওঁক বিয়া কৰাব লাগিব। এফালৰ পৰা চাবলৈ গ’লে যুৱতীগৰাকীৰ এই দাবী কোনো চিন্তনীয় নহয়। কিন্তু এই দাবীক চিন্তনীয় কৰি তুলিছে এক টুইষ্টে। কিয়নো ধৰ্ণাত বহা যুৱতীগৰাকীৰ সৈতে নহয়, আন এগৰাকী যুৱতীৰ সৈতে ইতিমধ্যেই বিবাহ ঠিক হৈছে যুৱকজনৰ। এই বিবাহলৈ মাজত বাকী আছে আৰু মাত্ৰ ১২টা দিন।
এই ঘটনা সংঘটিত হৈছে জলপাইগুৰিত। প্ৰকাশিত খবৰ অনুসৰি, বালুৰ ধীপ অঞ্চলৰ দিলীপ ৰায় নামৰ এজন যুৱকৰ চুবুৰীয়া তেলীপাৰা অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। এই বিষয়ে জানিব পাৰি যুৱকজনৰ পৰিয়ালে ঘটকৰ জৰিয়তে যুৱতীগৰাকীৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰে। কিন্তু এই প্ৰস্তাৱ নাকচ কৰে যুৱতীগৰাকীৰ পৰিয়ালে।
কেৱল সেয়াই নহয়, যুৱতীগৰাকীৰ পৰিয়ালে যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালৰ বিষয়েও অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে সামাজিক নীতি-নিয়ম অনুসৰি কাষৰ আন এটা অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে যুৱকজনৰ বিবাহ ঠিক কৰা হয়। দুয়োৰে এই বিবাহৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। বিয়াৰ বাবে পেণ্ডেল নিৰ্মাণৰ কাম চলি আছে। নিমন্ত্ৰণী পত্ৰও বিতৰণ কৰা হৈছে।
পিছে এনে প্ৰস্তুতিৰ মজতে হঠাৎ এতিয়া পূৰ্বৰ পৰা সম্পৰ্কত থকা যুৱতীগৰাকী যুৱকজনৰ ঘৰত উপস্থিত হয় আৰু বিয়াৰ দাবীত যুৱকজনৰ ঘৰৰ সমুখত ধৰ্ণাত বহিল। এনে পৰিস্থিতিত যুৱকজনৰ ঘৰৰ পৰিস্থিতি অত্যন্ত চিন্তনীয় হৈ পৰিছে। ধৰ্ণাত বহি থকা যুৱতীগৰাকীয়ে দাবী কৰা মতে, যোৱা প্ৰায় এটা বছৰ ধৰি যুৱকজনৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। পৰিয়ালৰ লোকৰ মতানৈক্য থাকিলেও তেওঁ যুৱকজনক বিয়া কৰাবলৈ ইচ্ছুক।
বিয়াৰ বাবে যুৱতীগৰাকীয়ে কিছু সময় বিচাৰিছিল আৰু তাৰ পাছত যুৱকজনে যে আন কাৰোবাৰ সৈতে বিয়া ঠিক কৰিব, সেই কথা কেতিয়াও কল্পনা কৰা নাছিল বুলিও যুৱতীগৰাকীয়ে মন্তব্য কৰে। যুৱতীগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ পৰিয়াল প্ৰথমে দুয়োৰে সম্পৰ্কৰ বাবে ইচ্ছুক নাছিল যদিও তেওঁ কেতিয়াও বিবাহৰ বাবে নাকচ কৰা নাছিল। তেওঁ মাত্ৰ কিছু সময়হে বিচাৰিছিল বুলিও যুৱতীগৰাকীয়ে লগতে কয়।