অপাৰেচন সিন্ধুৰ জৰিয়তে দেশলৈ উভতিল সহস্ৰাধিক ভাৰতীয়ঃ ধন্যবাদ জনালে TV9ক
ইজৰাইল-ইৰাণ যুদ্ধৰ ভয়াৱহতাৰ মাজতে অপাৰেচন সিন্ধুৰ জৰিয়তে ইৰাণৰ পৰা স্বদেশলৈ উভতিছে সহস্ৰাধিক ভাৰতীয় নাগৰিক। স্বদেশত উপস্থিত হোৱাৰ পিছত তেওঁলোকে নিৰাপদে ঘৰলৈ উভতি আহিবলৈ সক্ষম হোৱাৰ বাবে ভাৰত চৰকাৰৰ লগতে TV9 ভাৰতবৰ্ষকো ধন্যবাদ জনায়।

ইজৰাইল-ইৰাণ যুদ্ধৰ মাজতে অব্যাহত আছে ভাৰতৰ অপাৰেচন সিন্ধু। এই অভিযানৰ জৰিয়তে ইৰাণত আবদ্ধ ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনা হৈছে। এইপৰ্যন্ত সৰ্বমুঠ ১১১৭ গৰাকী ভাৰতীয়ই স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে। শনিবাৰে মাজনিশাও ২৯০ জন ভাৰতীয় বিশেষ বিমানেৰে দিল্লীত উপস্থিত হৈছে। যুদ্ধৰ ভয়াৱহতাৰ মাজত আৱদ্ধ ভাৰতীয় নাগৰিকসকল স্বদেশত উপস্থিত হোৱাৰ পিছত সুখ প্ৰকাশ কৰাৰ লগতে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীকো এনে তাৎক্ষণিক পদক্ষেপৰ বাবে ধন্যবাদ জনায় ভাৰতীয় নাগৰিকসকলে।
যুদ্ধৰ শংকাময় পৰিস্থিতিৰ মাজৰ পৰা নিৰাপদে ঘৰলৈ উভতি আহিবলৈ সক্ষম হোৱাৰ বাবে ভাৰতীয় নাগৰিকসকলে চৰকাৰৰ লগতে TV9 ভাৰতবৰ্ষকো ধন্যবাদ জনায়। TV9 ভাৰতবৰ্ষই প্ৰথমে এই খবৰ দেখুৱাইছিল আৰু তাৰ পিছত দূতাবাসৰ পৰা তাৎক্ষণিক সঁহাৰি লাভ কৰিছিল বুলি উল্লেখ কৰে ভাৰতীয় নাগৰিকসকলে। উল্লেখ্য যে TV9-এ এই খবৰ প্ৰকাশ কৰাৰ পিছতহে পৰিস্থিতি পোহৰলৈ আহিছিল আৰু ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল।
অপাৰেচন সিন্ধু সন্দৰ্ভত তথ্য প্ৰকাশ কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰা মতে যোৱা নিশা ইৰাণৰ মাছহাদ চহৰৰ পৰা ২৯০ জন ভাৰতীয় নাগৰিকক বিশেষ বিমানেৰে ভাৰতলৈ অনা হয়। তেওঁ পোষ্টটোত লিখিছে, “অপাৰেচন সিন্ধুৱে গতি লাভ কৰিছে। ২১ জুন ২০২৫ তাৰিখে নিশা ১১:৩০ বজাত নতুন দিল্লীত অৱতৰণ কৰা বিশেষ বিমানেৰে ইৰাণৰ মাছহাদৰ পৰা ২৯০ জন ভাৰতীয় নাগৰিক নিৰাপদে ঘৰলৈ উভতি আহিছে।”
উল্লেখ্য যে ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধই শেহতীয়া কিছুদিনত অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। ইফালে আমেৰিকাই ইৰাণৰ ৩টা পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ লগে লগে মধ্য প্ৰাচ্যত চলি থকা এই যুদ্ধই এতিয়া তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিব পাৰে বুলি জল্পনা কল্পনা চলিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইতিমধ্যে নিজেই ইৰাণত চলোৱা এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে।
আমেৰিকাৰ আক্ৰমণৰ ফলশ্ৰুতিত ইৰাণ এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ইৰাণত আমেৰিকাই ফৰ্ডো, নাটানজ আৰু এছফাহানত এই আক্ৰমণ সংঘটিত কৰে। নিজা ছ’চিয়েল মিডিয়া একাউণ্ট যোগে এই তথ্য সদৰী কৰিছে ড’নাল্ড ট্ৰাম্পে। এনে উদ্বেগজনক পৰিস্থিতিৰ মাজত অপাৰেচন সিন্ধুৰ অধীনত ইৰাণৰ পৰা স্বদেশলৈ উভতি আহিছে ১১১৭ জন লোক। এই লোকসকলক ৰাজ্য চৰকাৰে ৰাজ্যিক পৰিবহণৰ জৰিয়তে নিজ নিজ গৃহলৈ প্ৰেৰণ কৰিছে।