১৫০ নট আউটঃ লীডছৰ বুকুত ইতিহাস ৰচিলে বুমৰাহে, স্পৰ্শ কৰিলে কপিল দেৱকো…
ইংলেণ্ডৰ ইনিংছত ৫টা উইকেট দখল কৰি যশপ্ৰীত বুমৰাহে এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়।ক্ৰিকেট ইতহাসৰ ইতিপূৰ্বে কোনো এছিয়ান বলাৰেই অৰ্জন কৰিব নোৱাৰা কৃতিত্ব নিজৰ নামত লিপিবদ্ধ কৰিছে যশপ্ৰীত বুমৰাহে।

যশপ্ৰীত বুমৰাহ, নামেই যাৰ পৰিচয়। বুমৰাহ মানেই ক্ৰীজত বিপক্ষৰ বেটাৰৰ শংকা, আনফালে ভাৰতীয় দল তথা অনুৰাগীৰ আনন্দৰ সুযোগ। বিগত কেইবাটাও বছৰ ধৰি এয়া ক্ৰিকেটপ্ৰেমীৰ চিনাকি দৃশ্য। লীডছতো আজি পুনৰ তাৰেই এক আভাস দাঙি ধৰিলে যশপ্ৰীত বুমৰাহে। ইংলেণ্ডৰ বিপক্ষে লীডছত চলি থকা টেষ্ট মেচৰ আজি তৃতীয় দিন। মেচৰ প্ৰথম ইনিংছত ভাৰতীয় দলে সংগ্ৰহ কৰা ৪৭১ ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৪৬৫ ৰানত প্ৰথম ইনিংছ সামৰে। এইদৰে ভাৰতীয় দলে প্ৰথম ইনিংছত ৬ ৰানৰ অগ্ৰগতি লাভ কৰিছে।
ভাৰতীয় দলৰ এই অগ্ৰগতিৰ মূলতে আছিল ভাৰতীয় দলৰ মেৰুদণ্ড স্বৰূপ যশপ্ৰীত বুমৰাহ। তাৰকা পেচাৰগৰাকীয়ে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ৮৩ ৰানত ৫টা উইকেট দখল কৰে। ইংলেণ্ডৰ ইনিংছত ৫টা উইকেট দখল কৰি যশপ্ৰীত বুমৰাহে এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়।ক্ৰিকেট ইতহাসৰ ইতিপূৰ্বে কোনো এছিয়ান বলাৰেই অৰ্জন কৰিব নোৱাৰা কৃতিত্ব নিজৰ নামত লিপিবদ্ধ কৰিছে যশপ্ৰীত বুমৰাহে।
ইংলেণ্ডৰ ইনিংছত ৫ উইকেট দখল কৰি বুমৰাহে SENA দেশ ক্ৰমে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত ১৫০টা টেষ্ট উইকেট সম্পূৰ্ণ কৰিছে। এইদৰে SENA দেশত ১৫০টা টেষ্ট উইকেট দখল কৰা প্ৰথমজন এছিয়ান বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ। এই কৃতিত্বই পুনৰ এবাৰ প্ৰমাণিত কৰিছে ২২ গজত যশপ্ৰীত বুমৰাহৰ আধিপত্য।
এই ইনিংছত যশপ্ৰীত বুমৰাহে মুঠ ২৪.৪ অভাৰ বলিং কৰি ৮৩ ৰানত ৫ উইকেট দখল কৰে। বুমৰাহে ইনিংছৰ প্ৰথম অভাৰতে জেক ক্ৰ’লিৰ উইকেট দখল কৰি ভাৰতীয় দলক এক প্ৰত্যাশিত আৰম্ভণি প্ৰদান কৰিছিল। ইয়াৰ পিছত তেওঁ বেন ডাকেট আৰু জ’ ৰুটকো বিদায় দিয়ে। এইদৰে ইংলেণ্ডৰ ইনিংছত প্ৰথম তিনিটা আঘাত হানে তাৰকা পেচাৰগৰাকীয়ে। এই তিনি বেটাৰৰ পিছত বুমৰাহৰ চিকাৰ হয় ক্ৰীছ ৱ’কছ আৰু জোছ টংগু।
টংগুৰ ৰূপত ইংলেণ্ডৰ অন্তিমটো উইকেট দখল কৰি ইনিংছৰ অন্ত পেলোৱাৰ লগে লগে SENA দেশত সৰ্বাধিকবাৰ ৫ উইকেট দখল কৰা এছিয়ান বলাৰৰ তালিকাত যৌথভাৱে দ্বিতীয় স্থান দখল কৰিছে বুমৰাহে। দশম বাৰৰ বাবে তেওঁ SENA দেশত ৫ উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিলে। একে সময়তে তেওঁ বিদেশৰ মাটিত টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক ৫ উইকেট দখলৰ ক্ষেত্ৰতো ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে।
বিদেশৰ মাটিত আজিৰ সৈতে বুমৰাহে ৬৪ ইনিংছত মুঠ ১২ বাৰ ৫টা উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে। এইক্ষেত্ৰত বুমৰাহে কিংদন্তি ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱৰ অভিলেখ স্পৰ্শ কৰি যৌথভাৱে শীৰ্ষস্থান দখল কৰিছে। কপিল দেৱে নিজ কেৰিয়াৰত বিদেশৰ মাটিত ১০৮ ইনিংছত ১২ বাৰ ৫ উইকেট দখল কৰিছিল। আগন্তুক সময়ত বুমৰাহে নিশ্চিতভাৱে এইক্ষেত্ৰত কপিল দেৱক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিব।