ভিটামিন B 12 অভাৱৰ লক্ষণসমূহ...

22 June 2025

TV9 ASSAM

ভিটামিন B12 শৰীৰৰ বাবে প্ৰয়োজনীয়া উপাদান। ই ৰক্তকণিকা আৰু ডি এন এ তৈয়াৰ কৰাত সহায় কৰে। লগতে ই স্নায়ুতন্ত্ৰক সুস্থ কৰি ৰাখে আৰু শৰীৰত শক্তিৰ পৰিমাণ বৃদ্ধি কৰে। মগজুৰ কাৰ্যক্ষমতাৰ বাবে ই গুৰুত্বপূৰ্ণ।

ভিটামিন B12

শৰীৰত ভিটামিন B12 ৰ অভাৱ হোৱাৰ ফলত কিছুমান বিশেষ তথা সাধাৰণ লক্ষণে দেখা দিয়ে। যি মানুহে আওকান কৰে।  কিন্তু ইয়াৰ বিষয়ে জনা দৰকাৰ।

অদৃশ্য লক্ষণ

ডাঃ সুভাষ গিৰীয়ে কয় যে, ভিটামিন B12 য়ে স্নায়ুতন্ত্ৰক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ অভাৱৰ ফলত পেশীত প্ৰভাৱ পৰে। যাৰ ফলত হাত ভৰি টিংটিং, অজ্ঞানতা আদি অনুভৱ হয়।

হাত-ভৰি টিং টিং

ভিটামিন B12 অভাৱ হোৱাৰ ফলত মগজুৰ ছেৰোটোনিনৰ দৰে মুড নিয়ন্ত্ৰণ কৰা নিউৰট্ৰান্সমিটাৰৰ পৰিমাণ হ্ৰাস পায়। যাৰ বাবে লোকজন খিংখিঙীয়া, অস্থিৰ বা ডিপ্ৰেশ্যনত ভুগিব পাৰে।

ডিপ্ৰেশ্যন 

ভিটামিন B12ৰ অভাৱৰ হোৱাৰ ফলত নিউৰণৰ ক্ষতি হয়। ইয়াৰ ফলত স্মৃতিশক্তি প্ৰভাৱিত হয়। ব্যক্তিয়ে সৰু সৰু কথা পাহৰিবলৈ আৰম্ভ কৰে আৰু মনোযোগ দিয়াত অসুবিধা পায়।

স্মৃতিশক্তি

যোগাসনৰ বহু উপকাৰিতা আছে। ই মানুহক শাৰীৰিক আৰু মানসিকভাবে সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰোপৰি যোগাসনে আপোনাৰ মুখত বয়সৰ প্ৰভাৱ পৰাত বাধা দিয়ে।

জিভাত বা মুখত ঘাঁ

শৰীৰৰ বাবে ভিটামিন অত্যন্ত গুৰুত্বপূৰ্ণ। ভিটামিন B12 অভাৱৰ ফলত শৰীৰত পৰ্যাপ্ত সুস্থ ৰক্তকণিকা গঠন নহয়। যাৰ বাবে শৰীৰৰ কোষলৈ অক্সিজেন প্ৰেৰণ নহয়। ইয়াৰ ফলত ব্যক্তি দুৰ্বল, ভাগৰুৱা অনুভৱ কৰে।

ভাগৰুৱা

পঢ়িবলৈ ক্লিক কৰক 

ছাল উজ্বল হোৱাৰ উপায়