এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ বোমাৰ ভাবুকিঃ চৌদি আৰৱত জৰুৰী অৱতৰণ
এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমাৰ ভাবুকিৰ খবৰ পোহৰলৈ আহিছে। এয়াৰ ইণ্ডিয়াৰ বিমান AI114 লৈ আহিছে বোমাৰ ভাবুকি। প্ৰকাশিত খবৰ অনুসৰি, ২১ জুনত বাৰ্মিংহামৰ পৰা দিল্লীলৈ আহিছিল বিমানখন। কিন্তু বোমাৰ ভাবুকিৰ খবৰ পোৱাৰ লগে লগে বিমানখন চৌদি আৰৱৰ ৰিয়াদ চহৰত অৱতৰণ কৰা হয়।

যোৱা ১২ জুনত দেশৰ ইতিহাসৰ এক অভিশপ্ত ক্ষণৰ সাক্ষী হ’ল ভাৰত। উক্ত দিনটোত আহমেদাবাদত সংঘটিৰ হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে দুই শতাধিক লোকৰ। এনে শোকাৱহ ঘটনা নিশ্চিতভাৱে এতিয়াও পাহৰিব পৰা নাই দেশবাসীয়ে। ইফালে দুৰ্ঘটনাৰ পিছদিনাই এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানে বোমাৰ ভাবুকি লাভ কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। এতিয়া পুনৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমাৰ ভাবুকিৰ খবৰ পোহৰলৈ আহিছে। এয়াৰ ইণ্ডিয়াৰ বিমান AI114 লৈ আহিছে বোমাৰ ভাবুকি।
প্ৰকাশিত খবৰ অনুসৰি, ২১ জুনত বাৰ্মিংহামৰ পৰা দিল্লীলৈ আহিছিল বিমানখন। কিন্তু বোমাৰ ভাবুকিৰ খবৰ পোৱাৰ লগে লগে বিমানখন চৌদি আৰৱৰ ৰিয়াদ চহৰত অৱতৰণ কৰা হয়। ৰিয়াদত সকলো যাত্ৰীক নিৰাপদে বিমানখনৰ পৰা নমাই নিৰাপত্তা পৰীক্ষা সম্পূৰ্ণ কৰা হয়। এনে পৰিস্থিতিত বিমানখনত থকা যাত্ৰীসকলৰ জিৰণিৰ বাবে এখন হোটেলৰ ব্যৱস্থা কৰা হয়। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই এই বিষয়ে অৱগত কৰি এক বিবৃতি প্ৰকাশ কৰে।
এই বিবৃতি যোগে এয়াৰ ইণ্ডিয়াই কয় যে এনে অভাৱনীয় ব্যাঘাতৰ ফলত যাত্ৰীসকলৰ অসুবিধাৰ বাবে আমি দুখিত। যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যোৱাৰ বিকল্প ব্যৱস্থা কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হয়। এয়াৰ ইণ্ডিয়াৰ সৈতে জড়িত সূত্ৰৰ মতে, বিমানখনৰ শৌচাগাৰৰ সমীপত এখন কাগজ উদ্ধাৰ হয় আৰু এই কাগজখনত বোমাৰ ভাবুকি সম্বলিত এক টোকা দিয়া হৈছিল।
এই বিমানখন আছিল বয়িং ড্ৰিমলাইনাৰ ৭৮৭-৮। নিৰ্ধাৰিত সূচী অনুসাৰে আজি পুৱা প্ৰায় ১১ বজাত বিমানখনে দিল্লীত অৱতৰণ কৰিব লাগিছিল। উল্লেখ্য যে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়া ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত ৰ বিমানত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। কিছুদিন পূৰ্বে জয়পুৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানে বোমাৰ ভাবুকি লাভ কৰিছিল।
হোৱাটছএপ যোগে এই ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছিল। তদুপৰি ১৩ জুনত এয়াৰ ইণ্ডিয়াৰ বিমান AI379- এ বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। থাইলেণ্ডৰ ফুকেটৰ পৰা নতুন দিল্লীলৈ ৰাওনা হৈছিল বিমানখন। উৰণৰ সময়ত বিমানখনে বোমাৰ ভাবুকি লাভ কৰে। এই বিমানখনত ১৫৬ জন যাত্ৰী আছিল। স্থানীয় সময় অনুসৰি পুৱা ৯:৩০ বজাত ফুকেটৰ পৰা উৰা মাৰিছিল বিমানখন। বিমানখনৰ শৌচাগাৰত উদ্ধাৰ কৰা এখন কাগজত এই বোমাৰ ভাবুকিৰ টোকা লিখা আছিল।
ইয়াৰ পিছত পাইলটে অত্যন্ত বুদ্ধিমত্তাৰে আন্দামান সাগৰৰ ওপৰেৰে বিমানখন ঘূৰাই পুনৰ ফুকেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। অৱতৰণৰ পিছত সকলো যাত্ৰী আৰু ক্ৰুক নিৰাপদে উলিয়াই অনা হয় আৰু তাৰ পিছতে থাইলেণ্ডৰ বিষয়াসকলে বিমানখনত তালাচী চলায়। প্ৰাথমিক তদন্তত অৱশ্যে বিমানখনত কোনো বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী পোৱা নগ’ল।