সাপক বিশ্বাস কৰিব, তেওঁক নকৰিব! আমাক আলফাই বলে নোৱাৰিলে, ছালফাই কি পাৰিবঃ সাংসদ
"অৰ্জিনেল বিজেপিয়ে ভাবি আছে এইজন কেতিয়া যায়। কংগ্ৰেছে কোনোবাই ভুল কৰিলে ক্ষমা কৰে। কিন্তু বিজেপিয়ে নকৰে। মধ্যপ্ৰদেশ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক এইবোৰৰ বাবে আঁতৰাইছে''।

গোৱালপাৰাৰ উচ্ছেদিত লোকে পহুখেদা দিলে সাংসদ ৰকিবুল হুছেইনক। কিছুদিন পূৰ্বে গোৱালপাৰাৰ হাছিলা বিলত হোৱা উচ্ছেদৰ পাছত আজি (২২জুন) উচ্ছেদিত লোকৰ কাষত থিয় দিয়ে সাংসদগৰাকী। কিন্তু সাংসদগৰাকীক দেখাৰ লগে লগে উত্তেজিত জনতাই তেওঁৰ কনভয়লৈ বোকা, বটল আদি নিক্ষেপ কৰি পহুখেদা দিয়ে। উচ্ছেদৰ দিনা সাংসদ, বিধায়ক কোনো তেওঁলোকৰ ওচৰত উপস্থিত নোহোৱাৰ বাবে এই ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰে।
ঘটনাৰ পাছতে গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি হুছেইনে কয় যে, “উচ্ছেদিত লোকৰ মাজত সাহাৰ্য বিতৰণৰ ক্ষেত্ৰতো আমাক বাধা দিয়া হল। তথাপিও দুই এজনে সহায় গ্ৰহণ কৰিছিল।কিন্তু এই পৰিয়ালসমূহক মৌলিক সাহাৰ্য লাভ কৰাত কিয় বাধা দিয়া হৈছে”?
বিজেপিয়ে ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ। লগতে কয় যে, “আমাৰ পদক্ষেপক বাধা দিব বিচাৰিছে। আমাৰ পৰা খোৱা বস্তু নলয়। কিয় নলয়? বিজেপিয়ে কৈছে যে এওঁলোকৰ পৰা কিবা ল’লে আমি সহায় নকৰো। যদি কৈছে কংগ্ৰেছৰ পৰা তোমালোকে বস্তু নল’বা তেন্তে নল’ব পাৰে। গতিকে মই কৈছো যেনেকৈ পাৰা তেনেকৈ ৬ মাহ ঘৰখন বচোৱা। তাৰ পাছত তোমালোকে সিদ্ধান্ত ল’বা। সাপক বিশ্বাস কৰিলেও এইজনক বিশ্বাস কৰিব নোৱাৰি”।
সাংসদগৰাকীয়ে লগতে কয় যে, ”ক’ত ক’ত উচ্ছেদ হ’ব মই জানো। কিন্তু যদি সেই স্থানলৈ যাওঁ তেতিয়া ক’ব ৰকিবুল হুছেইন যোৱা বাবে হৈছে, যদি নাযাওঁ তেতিয়া ক’ব ৰকিবুল নগ’ল”। তেওঁ লগতে কয় যে, “আলফাই আমাক বলে নোৱাৰিলে, চালফাই পাৰিব নেকি? যদি মই আজি ইয়াৰ পৰা গুচি গ’লোহেতেন তেতিয়া পহুখেদা দিয়া বুলি ক’লেহেতেন”।
আৰু তেওঁ কয়, “আমি ৰাজনৈতিক চিন্তাৰ উৰ্ধত থাকি ৰাইজক সহায় কৰো। সেয়া হিমন্ত বিশ্বই বুজে। তেওঁ এয়াও বুজে যে ছেপ্টেম্বৰৰ পাছত আমি সহায় কৰিব লাগিব। এই মানুহখিনিক আমি আন্তৰিকতাৰে সহায় কৰিম। তেওঁ এবাৰ কয় মিঞাৰ ভোট নালাগে, এবাৰ ক’ব লাগে। কিন্তু আমাক সকলোৰে ভোট লাগে”।
সাংসদগৰাকীয়ে আৰু কয়, “অৰ্জিনেল বিজেপিয়ে ভাবি আছে এইজন কেতিয়া যায়। কংগ্ৰেছে কোনোবাই ভুল কৰিলে ক্ষমা কৰে। কিন্তু বিজেপিয়ে নকৰে। মধ্যপ্ৰদেশ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক এইবোৰৰ বাবে আঁতৰাইছে। গতিকে এইজনক ছেপ্টেম্বৰত আঁতৰাব। যাৰ বাবে তেওঁ ছেপ্টেম্বৰ আৰু গৌৰৱ গগৈ কৰি আছে। তেওঁ সপোনতো গৌৰৱ গগৈক তেওঁ। এইবোৰ কৰি তেওঁ জিকিব নোৱাৰে”।
অন্য খবৰ পঢ়কঃ মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে বিপদত ভাৰত! বৃদ্ধি পাব বস্তুৰ মূল্য, অভাৱ হ’ব তেলৰ আৰু…