এইদৰে লং ব্যৱহাৰ কৰিলে দূৰ হ’ব বাধা, পাব সফলতা

22 June 2025

TV9 ASSAM

আয়ুৰ্বেদত লঙক যথেষ্ট স্বাস্থ্য উপকাৰী সামগ্ৰী হিচাপে গুৰুত্ব দিয়া হয়। ইফালে জ্যোতিষ শাস্ত্ৰ মতে লং খালে যিকোনো কামত সফলতাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।

লং

জ্যোতিষ শাস্ত্ৰ মতে ঘৰৰ পৰা ওলাই অহাৰ পূৰ্বে যদি আপুনি এটা বা দুটা লং মুখত লয়, তেতিয়া আপুনি কৰিবলৈ লোৱা কামটো সফল হ’ব পাৰে।

জ্যোতিষ

যদি কোনো ব্যক্তিয়ে কপূৰৰ সৈতে লং জ্বলায়, তেতিয়া ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয়। ইয়াৰ দ্বাৰা আৰ্থিক উন্নতিৰ পথ মসৃণ হয়।

ঋণাত্মক শক্তি

বহু লোকে বিশ্বাস কৰে যে কৰ্মক্ষেত্ৰত সফলতা অনাৰ বাবে লং যথেষ্ট উপযুক্ত। চাকৰিৰ পৰীক্ষা দিয়াৰ পূৰ্বে সেয়ে বহু লোজে মুখত লং ৰাখে।

সফলতা

কিছু লোকৰ মতে যদি কোনো ব্যক্তিয়ে মানিবেগত লং ৰাখে, তেতিয়া ধন উপাৰ্জনৰ পথ মুকলি হয়। লগতে সমস্যা দূৰ যায় আৰু শুভ সময় আহে।

মানিবেগ

নিতৌ অশান্তি হৈ থকা ঘৰত ৩ টা লৱণ ৩ টুকুৰা কপূৰৰ সৈতে জ্বলাব লাগে। ঘৰৰ বাহিৰত এনে কৰিলে ঘৰত হৈ থকা অশান্তি বন্ধ হ’ব।

অশান্তি দূৰ

যিকোনো শুভ কাম কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ৫ টা লং লগত ৰাখিলে ভাল ফল পাব। পকেট বা মানিবেগত ৰাখিলেও ভাল ফল পোৱা যাব।

শুভ

এই প্ৰতিবেদনত উপস্থাপন কৰা বিষয়সমূহ জ্যোতিষৰ আধাৰত কোৱা হৈছে। এই ক্ষেত্ৰত TV9 Assam- ৰ নিজা কোনো মতামত প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

পিয়াঁজৰ ৰস চুলিৰ বাবে কিমান উপকাৰী?