চীনত পুনৰ ভাইৰাছৰ সংক্ৰমণ, বিদ্যালয়ত ১০০ৰো অধিক শিক্ষাৰ্থী আক্ৰান্ত…
দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশৰ ফ’শ্বান চহৰৰ এখন ছিনিয়ৰ হাইস্কুলৰ ১০৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ন’ৰ’ভাইৰাছ পজিটিভ পোৱা গৈছে। স্থানীয় স্বাস্থ্য বিষয়াসকলে শনিবাৰে জনোৱা মতে, তেওঁলোকৰ অৱস্থা গুৰুতৰ নহয় আৰু এতিয়ালৈ কোনো লোকৰ মৃত্যু হোৱা নাই।
চীনৰ য়ুহান চহৰৰ পৰা উৎপত্তি হোৱা ক’ভিড-১৯য়ে সমগ্ৰ বিশ্বতে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ২০১৯ চনৰ শেষৰ ফালে আৰম্ভ হৈছিল এই সংক্ৰমণ। এতিয়া পুনৰ আন এক ভাইৰাছে বিয়পাইছে আতংক। ইয়াক ন’ৰ’ভাইৰাছ বুলি কোৱা হয়। জানিব পৰা মতে এখন বিদ্যালয়ত ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে এই ভাইৰাছত ।
দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশৰ ফ’শ্বান চহৰৰ এখন ছিনিয়ৰ হাইস্কুলৰ ১০৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ন’ৰ’ভাইৰাছ পজিটিভ পোৱা গৈছে। স্থানীয় স্বাস্থ্য বিষয়াসকলে শনিবাৰে জনোৱা মতে, তেওঁলোকৰ অৱস্থা গুৰুতৰ নহয় আৰু এতিয়ালৈ কোনো লোকৰ মৃত্যু হোৱা নাই।
ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থা কেনেকুৱা?
ন’ৰ’ভাইৰাছ এবিধ সাধাৰণ ভাইৰাছ যিয়ে পেটত প্ৰভাৱ পেলায়। ইয়াৰ ফলত পেটৰ সংক্ৰমণ, বমি, ডায়েৰিয়া আদি হয়। জিংহুই মধ্যবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দেহত একেধৰণৰ লক্ষণ দেখা দিছিল। বৰ্তমান ১০৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাইকেইজনৰ অৱস্থা সুস্থিৰ। তাৰ পিছতে চেনিটাইজ কৰা হৈছে বিদ্যালয় চৌহদ। লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখা হৈছে। গুৱাংডং প্ৰদেশৰ ৰোগ নিয়ন্ত্ৰণ বিভাগৰ মতে ইয়াত ন’ৰ’ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বতৰ প্ৰতি বছৰে অক্টোবৰৰ পৰা মাৰ্চলৈকে থাকে।
ন’ৰ’ভাইৰাছ কি?
ন’ৰ’ভাইৰাছ হৈছে এনে এটা ভাইৰাছৰ গোট যিয়ে তীব্ৰ বমি আৰু ডায়েৰিয়াৰ সৃষ্টি কৰে। এই ৰোগ অতি সাধাৰণ আৰু সোনকালে বিয়পে। ন’ৰ’ভাইৰাছ ৰোগী বেছিভাগেই শীতকালত দেখা দিয়ে। ই আমেৰিকাত খাদ্যজনিত ৰোগৰ এক নম্বৰ কাৰণ।
প্ৰতি বছৰে বিশ্বৰ প্ৰায় ৬৮৫ নিযুত লোক ন’ৰ’ভাইৰাছত আক্ৰান্ত হয়, য’ত ৫ বছৰৰ তলৰ প্ৰায় ২০ কোটি শিশুও অন্তৰ্ভুক্ত।এই ভাইৰাছে প্ৰতি বছৰে প্ৰায় ৫০,০০০ শিশুকে ধৰি প্ৰায় ২ লাখ লোকৰ মৃত্যু ঘটায়। বিশেষকৈ দৰিদ্ৰ দেশসমূহত ইয়াৰ প্ৰভাৱ ভয়াৱহ। চিকিৎসা আৰু অৰ্থনৈতিক লোকচানৰ সৈতে মিলি ইয়াৰ বাবে বিশ্বৰ প্ৰায় ৬০ বিলিয়ন ডলাৰ খৰচ হয়।
১৯৬৮ চনত আমেৰিকাৰ অহাইঅ’ৰ নৰ্ৱাকত ন’ৰ’ভাইৰাছৰ প্ৰথমটো ৰোগী ধৰা পৰিছিল। এই ঘটনা হৈছিল এখন বিদ্যালয়ত, য’ত একেলগে কেইবাজনো লোক অসুস্থ হৈ পৰে। ইয়াৰ পিছতে বিজ্ঞানীসকলে এই ৰোগৰ ওপৰত গৱেষণা আৰম্ভ কৰে। যিহেতু এই ৰোগটো প্ৰথমে নৰ্ৱাকত চিনাক্ত কৰা হৈছিল, সেয়েহে প্ৰথমে এই ভাইৰাছক নৰ্ৱাক ভাইৰাছ বুলি কোৱা হৈছিল। পিছলৈ ইয়াক কেৱল ন’ৰ’ভাইৰাছ বুলি জনা যায়।
ন’ৰ’ভাইৰাছৰ ফলত গেষ্ট্ৰ’এণ্টেৰাইটিছ হয়, যিটো পেটৰ সংক্ৰমণক কেতিয়াবা পেটৰ ফ্লু বুলিও কোৱা হয়। এই ভাইৰাছ সাধাৰণতে:
- বিশ্বৰ ওপৰৰ অংশৰ দেশত নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।
- বিশ্বৰ তলৰ অংশত অৱস্থিত দেশসমূহত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।
- বিষুৱৰেখাৰ ওচৰত অৱস্থিত দেশসমূহত বছৰৰ যিকোনো সময়তে এই ৰোগ হ’ব পাৰে।