অনৈতিক কাৰ্যত লিপ্ত থকা পত্নী ভৰণ-পোষণৰ বাবে যোগ্য নহয়: আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান
দিল্লীৰ পৰিয়াল আদালতৰ ন্যায়াধীশ নমৃতা আগৰৱালাই মহিলাগৰাকীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰিছিল। মে’ মাহত মহিলাগৰাকী আৰু তেওঁৰ স্বামীক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে আন এখন আদালতে। বিবাহ বিচ্ছেদৰ ৰায় দিওঁতে আদালতে কয় যে বিবাহিত অৱস্থাত মহিলাগৰাকীৰ আনৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। ফলত তেওঁ স্বামীক বিশ্বাসঘাটকতা কৰিছে।

স্বামীৰ পৰা বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰত্যেকগৰাকী মহিলাই ভৰণ-পোষণৰ অধিকাৰ লাভ কৰে। য’ত সন্তানৰ লগতে প্ৰাক্তন পত্নীৰ খৰচ বহন কৰিব লাগে স্বামীয়ে। কিন্তু সকলো ক্ষেত্ৰতে পত্নীয়ে এই পাইনে? এই সন্দৰ্ভত আদালতৰ এটা ৰায়দানে চৰ্চা লাভ কৰিছে। প্ৰথমে স্বামীৰ পৰা বিবাহ বিচ্ছেদ হয় এগৰাকী মহিলাৰ। বিচ্ছেদৰ পিছত আৰ্থিক সহায়ৰ আৱেদন লৈ আদালতৰ কাষ চাপিল মহিলাগৰাকী । ইফালে মহিলাগৰাকীৰ বিৰুদ্ধে আছে এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি বিবাহৰ পিছত আন পুৰুষৰ সৈতে আছিল মহিলাগৰাকীৰ প্ৰেমৰ সম্পৰ্ক। প্ৰকৃততে মহিলাগৰাকীৰ সন্তানৰ পিতৃ তেওঁৰ স্বামী নহয়।
ইফালে মহিলাগৰাকীয়ে এই অভিযোগৰ বিৰুদ্ধে আদালতত দাখিল কৰিব নোৱাৰিলে কোনো যুক্তি। তাৰ পিছত আদালতে মহিলাগৰাকীৰ আৰ্থিক সহায়ৰ আৱেদন নাকচ কৰে। কোৱা হৈছিল যে অনৈতিক কাৰ্যত লিপ্ত থকা পত্নী ভৰণ-পোষণৰ বাবে যোগ্য নহয়।
দিল্লীৰ পৰিয়াল আদালতৰ ন্যায়াধীশ নমৃতা আগৰৱালাই মহিলাগৰাকীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰিছিল। মে’ মাহত মহিলাগৰাকী আৰু তেওঁৰ স্বামীক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে আন এখন আদালতে। বিবাহ বিচ্ছেদৰ ৰায় দিওঁতে আদালতে কয় যে বিবাহিত অৱস্থাত মহিলাগৰাকীৰ আনৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। ফলত তেওঁ স্বামীক বিশ্বাসঘাটকতা কৰিছে। তদুপৰি দম্পতীৰ সন্তানৰ ডিএনএ টেষ্টৰ পিছত দেখা গ’ল যে মহিলাগৰাকী যদিও এটা সন্তানৰ মাতৃ আছিল, যাৰ পিতৃ তেওঁৰ স্বামী নহয়।
ন্যায়াধীশ নমৃতা আগৰৱালাই মহিলাগৰাকীৰ ভৰণ-পোষণৰ বাবে কৰা আবেদন খাৰিজ কৰি কয় যে, “মহিলাগৰাকীয়ে শিশুটিৰ ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনোৱা নাছিল। অৰ্থাৎ তেওঁ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে।” তদুপৰি মহিলাগৰাকীয়ে শাহুৱেকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত তেওঁক দোষমুক্ত কৰা হয়। অৱশ্যে সেই নিৰ্দেশৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে।
ইয়াৰ পিছত ন্যায়াধীশ নমৃতা আগৰৱালাই কয়, “বিভিন্ন সাক্ষ্য আৰু পূৰ্বৰ আদালতৰ ৰায়ৰ পৰা স্পষ্ট হৈছে যে মহিলাগৰাকীৰ অন্য পুৰুষৰ সৈতে সম্পৰ্ক আছিল। গতিকে ফৌজদাৰী প্ৰক্ৰিয়া আইনৰ ধাৰা ১২৫(৪) অনুসৰি অনৈতিক কাৰ্যত লিপ্ত থকা মহিলা এগৰাকীয়ে স্বামীৰ পৰা ভৰণ-পোষণ বিচাৰিব নোৱাৰে। একে সময়তে আদালতে কয় যে, মহিলাগৰাকীয়ে আন এজন ব্যক্তিৰ সৈতে থাকিছিল। তেওঁ বিভিন্ন সম্পত্তিৰ পৰা ধন উপাৰ্জন কৰি আছিল। তাৰোপৰি সন্তানৰ খৰচো তেওঁৰ স্বামীয়ে বহন কৰিছে।