শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Russia-India Partnership: আমেৰিকাৰ উপেক্ষা, এইবাৰ ভাৰতত নিৰ্মাণ হব ৰাছিয়াৰ Su-57 যুঁজাৰু বিমান !

ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কই নতুন ৰূপ লৈছে। স্বাধীনতাৰ পিছৰে পৰা তেতিয়াৰ ছোভিয়েট ৰিপাব্লিক আৰু বৰ্তমান ৰাছিয়া ভাৰতৰ অন্যতম প্ৰধান মিত্ৰ দেশ। এইবাৰ নতুন দিল্লী আৰু মস্কোৰ প্ৰতিৰক্ষা সম্পৰ্কক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।

Russia-India Partnership: আমেৰিকাৰ উপেক্ষা, এইবাৰ ভাৰতত নিৰ্মাণ হব ৰাছিয়াৰ Su-57 যুঁজাৰু বিমান !
Su 57
manas-borah
Manas Borah | Published: 07 Sep 2025 15:37 PM

৫০ শতাংশ শুক্ল আৰোপৰ পাছতে ভাৰত-আমেৰিকা সম্পৰ্কত ব্যৱধান বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কই নতুন ৰূপ লৈছে। স্বাধীনতাৰ পিছৰে পৰা তেতিয়াৰ ছোভিয়েট ৰিপাব্লিক আৰু বৰ্তমান ৰাছিয়া ভাৰতৰ অন্যতম প্ৰধান মিত্ৰ দেশ। এইবাৰ নতুন দিল্লী আৰু মস্কোৰ প্ৰতিৰক্ষা সম্পৰ্কক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি,ৰাছিয়াই Su-57 (5th Generation) ভাৰতত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। যদি এই পদক্ষেপ সফল হয়,তেন্তে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত ই এক বিপ্লৱ হ’ব। আৰু যদি ঘৰুৱাভাৱে নিৰ্মিত Su-57 বিমানখন ভাৰতীয় বায়ুসেনাত যোগ কৰা হয়, তেন্তে কোৱা বাহুল্য যে এবাৰতে তেওঁলোকৰ শক্তি কেইবাগুণো বৃদ্ধি পাব।

প্ৰতিৰক্ষা সূত্ৰ অনুসৰি, ভাৰতীয় বায়ুসেনাক 5th Generation ৰ যুঁজাৰু বিমানৰ কমেও ২ৰ পৰা ৩টা স্ক্ৱাড্ৰনৰ প্ৰয়োজন। আৰু সেই যুঁজাৰু বিমানৰ দৌৰত ৰাছিয়াৰ Su-57 বিমানে আমেৰিকাৰ F-35 যুঁজাৰু বিমানৰ সৈতে পোনপটীয়াকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। ৰাছিয়াৰ প্ৰস্তাৱ অনুসৰি Sukhoi 57 যুদ্ধ বিমান ভাৰতত নিৰ্মাণ হ’ব লাগে। এই পৰিকল্পনা কাৰ্যকৰী হ’লে মহাৰাষ্ট্ৰৰ নাছিকস্থিত হিন্দুস্তান এৰ’নটিক্স লিমিটেড অথবা HAL কাৰখানাত উৎপাদন আৰম্ভ হ’ব পাৰে। ইতিমধ্যে এইচ এ এলে ৰাছিয়াৰ Su-30 MKI যুদ্ধ বিমান নিৰ্মাণ কৰিছে আৰু ইয়াত প্ৰয়োজনীয় আন্তঃগাঁথনি আছে।

যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে সেই সময়ত এই আলোচনা চলি আছে। কিয় এনে সিদ্ধান্ত লৈছিল ট্ৰাম্পে? কাৰণ ভাৰতে ৰাছিয়াৰ পৰা সস্তাতে তেল ক্ৰয় কৰে। আনহাতে, আমেৰিকাৰ এই হেঁচাত ভাৰতে ৰাছিয়াৰ পৰা S-400 আৰু S-500ৰ দৰে অত্যাধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰাৰ পথত আগবাঢ়িছে।

অৱশ্যে ভাৰতে নিজাকৈ 5th Generation ৰ যুদ্ধ বিমানো দ্ৰুতগতিত নিৰ্মাণ কৰি আছে। এই যুদ্ধ বিমানখনৰ প্ৰথম উৰণ ২০২৮ চনত আৰু ২০৩৫ চনৰ ভিতৰত সেনাবাহিনীত যোগদান কৰাৰ কথা। আমেৰিকাৰ হেঁচা আৰু ঘৰুৱা প্ৰকল্পৰ মাজতে ৰাছিয়াই এই ‘ছুপাৰ ফাইটাৰ’ নিৰ্মাণৰ প্ৰস্তাৱে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগক এক নতুন দিশত আগুৱাই নিব নে? সেয়া হ’ব লক্ষ্যণীয়।