১৫ দিনীয়া পুত্ৰক ফ্ৰীজৰ ভিতৰত থৈ শুই গ’ল মাতৃ, কাৰণ জানি হতবাক…
ফ্ৰীজত ভৰোৱাৰ কিছু সময়ৰ পাছতে শিশুটিয়ে কান্দিবলৈ ধৰিলে। শিশুটিৰ কান্দোনৰ শব্দই পৰিয়ালৰ আন সদস্যৰ কাণত পৰিল। ইয়াৰ পিছত যেতিয়া পৰিয়ালটো কোঠাটোত উপস্থিত হ’ল, তেতিয়া তেওঁলোক স্তম্ভিত হৈ পৰিল। তেওঁলোকে দেখিলে যে শিশুটি ফ্ৰীজৰ ভিতৰত আছে।

উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত চাঞ্চল্যকৰ ঘটনা। নিজৰ ১৫ দিনীয়া নৱজাত সন্তানক ফ্ৰীজৰ ভিতৰত সোমাই থলে নিজ মাতৃয়ে। যেতিয়া শিশুটিয়ে ফ্ৰীজত কান্দিবলৈ ধৰিলে তেতিয়া পৰিয়ালৰ লোকে এই বিষয়ে গম পালে। এই চাঞ্চল্যকৰ ঘটনাটো মোৰাদাবাদ জিলাৰ কৰুলাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে নৱজাত সন্তানৰ সৈতে এই কাম কৰা মহিলাগৰাকী মানসিকভাৱে অসুস্থ বুলি কোৱা হৈছে।
জানিব পৰা মতে মহিলাগৰাকী কৰুলাৰ বাসিন্দা। ১৫ দিন পূৰ্বে এটি পুত্ৰ সন্তান জন্ম দিছিল মহিলাগৰাকীয়ে। তথ্য অনুসৰি মহিলাগৰাকী Postpartum psychosis নামৰ ৰোগত আক্ৰান্ত। প্ৰসৱৰ পিছত মহিলাগৰাকীয়ে এই ৰোগত আক্ৰান্ত হয়। শুকুৰবাৰে মহিলাগৰাকী সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড। মহিলাগৰাকীয়ে নিজৰ ১৫ দিনীয়া পুত্ৰক ফ্ৰীজত ভৰাই থৈছিল। ইয়াৰ পিছত মহিলাগৰাকী শুই যায়।
ফ্ৰীজত ভৰোৱাৰ কিছু সময়ৰ পাছতে শিশুটিয়ে কান্দিবলৈ ধৰিলে। শিশুটিৰ কান্দোনৰ শব্দই পৰিয়ালৰ আন সদস্যৰ কাণত পৰিল। ইয়াৰ পিছত যেতিয়া পৰিয়ালটো কোঠাটোত উপস্থিত হ’ল, তেতিয়া তেওঁলোক স্তম্ভিত হৈ পৰিল। তেওঁলোকে দেখিলে যে শিশুটি ফ্ৰীজৰ ভিতৰত আছে। তাৰ পিছত লগে লগে পৰিয়ালৰ লোকে ১৫ দিনীয়া নিৰীহ শিশুটিক ফ্ৰীজৰ পৰা উলিয়াই আনিলে। পৰিয়ালটোৱে মহিলাগৰাকীক জৰা-ফুকা কৰিছিল। পৰিয়ালৰ লোকে পূৰ্বে বিশ্বাস কৰিছিল যে মহিলাগৰাকীক দুষ্ট আত্মাই অশান্তি দিছে।
কিন্তু সেইবোৰ কৰাৰ পিছতো মহিলাগৰাকীৰ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। যেতিয়া মহিলাগৰাকীৰ অৱস্থা ভাল নহ’ল, তেতিয়া পৰিয়ালে মহিলাগৰাকীক চিকিৎসকৰ ওচৰলৈ লৈ গ’ল। এগৰাকী মনোৰোগ বিশেষজ্ঞই পৰিয়ালটোক জনোৱা মতে, মহিলাগৰাকীৰ Postpartum psychosis ৰনামৰ ৰোগ আছে। বৰ্তমান মহিলাগৰাকী বাস্তৱৰ সৈতে সংস্পৰ্শৰ বাহিৰত। বৰ্তমান তেওঁ হতাশাত ভুগিছে। একে সময়তে এই ঘটনাৰ বিষয়ে অঞ্চলটোত ব্যাপকভাৱে চৰ্চিত হৈছে।
লগতে পঢ়ক: অনৈতিক কাৰ্যত লিপ্ত থকা পত্নী ভৰণ-পোষণৰ বাবে যোগ্য নহয়: আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান