শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অনিল আম্বানীক প্ৰৱঞ্চক ঘোষণা বেংক অৱ বৰোদাৰ

অনিল আম্বানীক প্ৰৱঞ্চক ঘোষণা বেংক অৱ বৰোদাৰ

Raj Saikia
Raj Saikia | Published: 06 Sep 2025 19:48 PM

২০২৫ চনৰ ২৮ আগষ্টলৈকে বেংক অৱ বৰোদাৰ সৈতে ৰিলায়েন্স কমিউনিকেশ্যনৰ মুঠ বাকী থকা ঋণৰ পৰিমাণ আছিল ১,৬৫৬.৭ কোটি টকা। এই বৃহৎ ঋণৰ বাবেই এতিয়া এই চৰকাৰী বেংকটোৱে উত্থাপন কৰিছে জালিয়াতিৰ অভিযোগ।

ৰিলায়েন্স কমিউনিকেচন আৰু অনিল আম্বানীক “প্ৰৱঞ্চক” বুলি ঘোষণা কৰিছে বেংক অৱ বৰোদাই। বৰ্তমান প্ৰায় দেউলীয়া অৱস্থাৰ মাজেৰে চলি থকা ৰিলায়েন্স কমিউনিকেশ্যনে শুকুৰবাৰে নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু বম্বে ষ্টক এক্সচেঞ্জলৈ লিখা এখন পত্ৰত প্ৰকাশ কৰিছে এই তথ্য।

বেংকটোৱে কয় যে অনিল আম্বানী আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে ‘ধনৰ অপব্যৱহাৰ, একাউণ্ট জালিয়াতি আৰু ঋণৰ অপব্যৱহাৰ’ৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা ফৰেনছিক অডিট প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে।

২০২৫ চনৰ ২৮ আগষ্টলৈকে বেংক অৱ বৰোদাৰ সৈতে ৰিলায়েন্স কমিউনিকেশ্যনৰ মুঠ বাকী থকা ঋণৰ পৰিমাণ আছিল ১,৬৫৬.৭ কোটি টকা। এই বৃহৎ ঋণৰ বাবেই এতিয়া এই চৰকাৰী বেংকটোৱে উত্থাপন কৰিছে জালিয়াতিৰ অভিযোগ।

অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে অনিল আম্বানীয়ে। তেওঁৰ মুখপাত্ৰই কয় যে অনিল আম্বানী আছিল ৰিলায়েন্স কমিউনিকেশ্যনৰ অকাৰ্যবাহী সঞ্চালক। ফলত কোম্পানীটোৰ দৈনন্দিন কাম-কাজত তেওঁৰ কোনো ভূমিকা নাছিল। ৬ বছৰতকৈও অধিক সময় পূৰ্বে ২০১৯ চনত তেওঁ কোম্পানীটোৰ ব’ৰ্ডৰ পৰা পদত্যাগ কৰিছিল। অনিল আম্বানীৰ মতে, ইমান দিনৰ পাছতোঁ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বৰ্তমান কোম্পানীটো কৰ্পৰেট ইনছলভেন্সি ৰিজ’লিউচন প্ৰক্ৰিয়াৰ অধীনত আছে। সেয়েহে আইনী প্ৰক্ৰিয়াৰ পৰা সুৰক্ষা লাভ কৰিছে ৰিলায়েন্স কমিউনিকেশ্যনে। আইন অনুসৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি অৱগত কৰিছে অনিল আম্বানীয়ে।