শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
GST 2.0 আৰম্ভ হোৱাৰ পূৰ্বেই কেন্দ্ৰৰ GST 3.0 ৰ পৰিকল্পনা প্ৰস্তুত!

GST 2.0 আৰম্ভ হোৱাৰ পূৰ্বেই কেন্দ্ৰৰ GST 3.0 ৰ পৰিকল্পনা প্ৰস্তুত!

Barasha Misra
Barasha Misra | Published: 06 Sep 2025 19:03 PM

কিন্তু জি এছ টি ২.০ ইয়াতে সীমাবদ্ধ নহয়, চৰকাৰৰ পৰিকল্পনা অধিক দীঘলীয়া। এইবাৰ জি এছ টি ৩.০-ও আহি আছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইংগিত দিছে ৷

দেশত নতুন জি এছ টি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ জি এছ টি ২.০। ইয়াত মাত্ৰ ৫ শতাংশ আৰু ১৮ শতাংশ জি এছ টি স্লেব অন্তৰ্ভুক্ত। ১২ শতাংশ আৰু ২৮ শতাংশ জি এছ টি স্লেব বিলুপ্ত কৰা হৈছে। কিন্তু জি এছ টি ২.০ ইয়াতে সীমাবদ্ধ নহয়, চৰকাৰৰ পৰিকল্পনা অধিক দীঘলীয়া। এইবাৰ জি এছ টি ৩.০-ও আহি আছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইংগিত দিছে ৷

এক সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ব্যাখ্যা কৰে যে, ২০১৭ চনত জি এছ টি ১.০ প্ৰৱৰ্তন কৰা হৈছিল, য’ত সমগ্ৰ দেশক এটা কৰ গাঁথনিৰ অধীনলৈ অনা হৈছিল। এই জি এছ টি পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা জি এছ টি ২.০ৰ জৰিয়তে কৰ সহজ কৰি তুলিছে। জি এছ টি ৩.০ য়ে আৰু অধিক সংস্কাৰ আনিব পাৰে বুলি ইংগিত দিয়ে।