শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: পলকতে পঢ়ক পুৱাৰ বহুকেইটামান গুৰুত্বপূৰ্ণ খবৰ…

আজি ৭ ছেপ্তেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: পলকতে পঢ়ক পুৱাৰ বহুকেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ মুখ্য খবৰ
barasha-misra
Barasha Misra | Updated On: 07 Sep 2025 07:10 AM

আজি ৭ ছেপ্তেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. বছৰজোৰা কাৰ্যসূচীৰে চলিছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজনৰ প্ৰস্তুতি। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে পিতৃৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে অসমত উপস্থিত হৈছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।
  2. কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সমালোচনা কৰি দেবব্ৰত শইকীয়াই কয়, ” চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰক লাভম্বিত কৰাৰ চিন্তা।” দেৱব্ৰত শইকীয়াই লগতে কয়, নীতিন গাডকাৰীৰ পুত্ৰৰ ইথানল কোম্পানীয়ে ২০২৪ চনৰ ১৮ কোটিৰ পৰা এবছৰৰ ভিতৰত ৫২৩ কোটিৰ অধিক টকা লাভ কৰিছে।”
  3. গুজৰাটৰ পঞ্চমহল জিলাৰ সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পাহাৰত নিৰ্মিত এটা ৰ’পৱে ভাঙি পৰাৰ ফলত এই পৰ্যন্ত ৬ জন লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। এই দুৰ্ঘটনাত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
  4. ৰাজ্য চৰকাৰে বলপূৰ্বকভাবে কা আইন বলৱৎ কৰিবলৈ বিচৰাৰ লগতে শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে বিদেশীক একপ্ৰকাৰে বৰপীৰা পাৰি দিয়াৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে৷
  5. কেন্দ্ৰই শেহতীয়াকৈ অনুপ্ৰৱেশকাৰী বিদেশীৰ নাগৰিকত্ব আবেদনৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনাৰ পৰা উত্তৰ-পূবৰ অন্যতম ৰাজ্য অসমক ৰেহাই দিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি প্ৰকাশ কৰে অগপৰ নেতৃত্বই।
  6. অনলাইন পেমেণ্ট সন্দৰ্ভত দেশৰ সৰ্ববৃহৎ বেংক এছ বি আইৰ বৃহৎ ঘোষণা। বেংকটোৱে জনোৱা মতে, ২০২৫ চনৰ ৭ ছেপ্টেম্বৰত YONO বেংকিং সেৱা ব্যাহত হ’ব। ভাৰতীয় ষ্টেট বেংকে ঘোষণা কৰিছে যে ইন্টাৰনেট বেংকিং, YONO Lite আৰু ইয়াৰ লগত জড়িত সকলো সেৱা বন্ধ থাকিব।
  7. ২০২৫ চনৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব আজি। এই দিনটোৰ পৰা কিছু ৰাশিৰ বাবে প্ৰগতিৰ দিন আৰম্ভ হ’ব।
  8. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ এক সিদ্ধান্তৰে বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে। ইয়াৰ পূৰ্বে তেওঁ শুল্ক আৰোপ কৰি আন দেশক হতাশ কৰিছিল আৰু এতিয়া তেওঁ কিছুমান বস্তুৰ ওপৰত পাৰস্পৰিক শুল্ক আঁতৰাই বিশ্ববাসীক আচৰিত কৰি তুলিছে।
  9. শেহতীয়াকৈ ড° হীৰেণ গোহাঁইয়ে বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বাবে অসমীয়া জাতিৰ বিপদ বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল। বিশিষ্ট চিন্তাবিদগৰাকীৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলীপ শইকীয়াই তীক্ষ্ণ বক্তব্য প্ৰদান কৰে।