শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাদ্ৰাছাত ভয়ংকৰ কাণ্ড! প্ৰথমে ভাবুকি, তাৰ পিছত নাবালক ছাত্ৰক নিৰ্মমভাৱে হত্যা….

গোচৰটোৰ বৈজ্ঞানিক অনুসন্ধানকাৰী দলে স্থানৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰে। প্ৰত্যক্ষদৰ্শীৰ বক্তব্য আৰু চিচিটিভি ফুটেজত নিশ্চিত হৈছে যে এই হত্যাকাণ্ড আৰু যৌন নিৰ্যাতনৰ সৈতে পাঁচগৰাকী নাবালক ছাত্ৰ জড়িত। এই আটাইকেইজনৰ বিৰুদ্ধে POCSO ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ জেৰাৰ সময়ত আটাইকেইজন অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰিছে।

মাদ্ৰাছাত ভয়ংকৰ কাণ্ড! প্ৰথমে ভাবুকি, তাৰ পিছত নাবালক ছাত্ৰক নিৰ্মমভাৱে হত্যা….
মাদ্ৰাছাত ভয়ংকৰ কাণ্ড!
trishna-kalita
Trishna Kalita | Updated On: 07 Sep 2025 18:10 PM

ওড়িশাৰ নয়াগড় জিলাৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। য’ত মাদ্ৰাছাত অধ্যয়ন কৰা নাবালক ছাত্ৰ ফৰানৰুদ্দিন খানক নিৰ্মমভাৱে হত্যা কৰা হয়। মৃত ছাত্ৰজন প্ৰথমে কটক জিলাৰ আঠগড়ৰ বাসিন্দা আৰু নয়াগড় জিলাৰ নীলাপল্লীৰ এখন মাদ্ৰাছাত অধ্যয়ন কৰি আছিল। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে একেখন মাদ্ৰাছাৰ একাংশ জ্যেষ্ঠ ছাত্ৰই দীৰ্ঘদিন ধৰি ফৰানৰুদ্দিনক যৌন নিৰ্যাতন চলাই আহিছিল। যেতিয়া ছাত্ৰজনে এই কথা প্ৰকাশ কৰাৰ ভাবুকি দিয়ে তেতিয়া তেওঁক নিৰ্মমভাৱে হত্যা কৰা হয়।

উল্লেখ্য যে, ২০২৫ চনৰ ৩১ আগষ্টত দিনৰ প্ৰায় ১ বজাত দুগৰাকী জ্যেষ্ঠ ছাত্ৰই ফৰানৰুদ্দিনক যৌন নিৰ্যাতন চলাই তাৰ পিছত মাদ্ৰাছাৰ বন্ধ শৌচাগাৰৰ টেংকিত পেলাই দিয়াৰ অভিযোগ ৰাজসুনখালা আৰক্ষী থানাত দাখিল কৰিছিল। এই আক্ৰমণত তেওঁৰ মূৰৰ লগতে শৰীৰৰ বহু অংশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আক্ৰমণকাৰীয়ে তেওঁক মৃত বুলি ভাবিছিল যদিও সেই নিশাই তেওঁ কেনেবাকৈ সেই টেংকিৰ পৰা পলায়ন কৰিছিল।

যৌন নিৰ্যাতনৰ পিছত হত্যা

এদিন পিছত অৰ্থাৎ ২ ছেপ্টেম্বৰৰ পুৱা ১১ বজাত অভিযুক্ত ছাত্ৰই কোনো অজুহাতত তেওঁক পুনৰ একেটা টেংকিলৈ লৈ যায়। কিন্তু এইবাৰ তাত আৰু তিনিজন অভিযুক্ত ইতিমধ্যে উপস্থিত আছিল। তাতে এই পাঁচজনে মিলি পুনৰ ফৰানৰুদ্দিনক যৌন নিৰ্যাতন চলাই ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত একেটা শৌচাগাৰৰ টেংকিত মৃতদেহ পেলাই দি প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰা হয়।

গোচৰটোৰ বৈজ্ঞানিক অনুসন্ধানকাৰী দলে স্থানৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰে। প্ৰত্যক্ষদৰ্শীৰ বক্তব্য আৰু চিচিটিভি ফুটেজত নিশ্চিত হৈছে যে এই হত্যাকাণ্ড আৰু যৌন নিৰ্যাতনৰ সৈতে পাঁচগৰাকী নাবালক ছাত্ৰ জড়িত। এই আটাইকেইজনৰ বিৰুদ্ধে POCSO ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ জেৰাৰ সময়ত আটাইকেইজন অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰিছে। তেওঁলোকৰ সকলো জন্মৰ প্ৰমাণ পত্ৰ জব্দ কৰি মাদ্ৰাছাৰ পৰা নাম কৰ্তন কৰা হৈছে। অভিযুক্ত  ছাত্ৰকেইজনক জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ সন্মুখত  হাজিৰ কৰোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, এই ছাত্ৰসকলে আন কনিষ্ঠ ছাত্ৰকো যৌন নিৰ্যাতন চলাই আহিছে। যেতিয়া ফৰানৰুদ্দিনে এই বিষয়ে কাৰোবাক ক’ম বুলি ভাবুকি দিছিল, তেতিয়া তেওঁলোকে ছাত্ৰজনৰ হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। মাদ্ৰাছাখনৰ প্ৰধান শিক্ষকক এই বিষয়ে অভিযুক্ত ছাত্ৰজনে নিজেই অৱগত কৰে, যেতিয়া তেওঁ ফাৰানৰুদ্দিনৰ নিৰুদ্দেশৰ কথা কয়। ইয়াৰ পিছতহে বিষয়টো গুৰুতৰভাৱে পোহৰলৈ আহে আৰু আৰক্ষীক খবৰ দিয়া হয়।

ইফালে হত্যাৰ এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালে। তাৰ পিছতে আৰক্ষীয়ে তৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰি সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এতিয়া কিশোৰ আদালতত অধিক আইনী প্ৰক্ৰিয়া চলি আছে। এই ঘটনাই সমগ্ৰ নয়াগড় জিলা কঁপাই তুলিছে। ধৰ্মীয় অনুষ্ঠানত এনে নিষ্ঠুৰতা, যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডই জোকাৰিছে। প্ৰশ্ন হয় মাদ্ৰাছাত ইমান দিনে এই সকলোবোৰ কেনেকৈ চলি থাকিল আৰু কাৰো হাতত ইয়াৰ কোনো সূত্ৰ নাছিল।

লগতে পঢ়ক: মাদ্ৰাছাত ভয়ংকৰ কাণ্ড! প্ৰথমে ভাবুকি, তাৰ পিছত নাবালক ছাত্ৰক নিৰ্মমভাৱে হত্যা….