শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Zomato-Swiggy ৰ প্ৰতিটো অৰ্ডাৰত আপুনি অতিৰিক্ত কিমান টকা দিব লাগিব জানেনে?

Zomato-Swiggy ৰ প্ৰতিটো অৰ্ডাৰত আপুনি অতিৰিক্ত কিমান টকা দিব লাগিব জানেনে?

Manas Borah
Manas Borah | Published: 06 Sep 2025 19:26 PM

২২ ছেপ্টেম্বৰৰ পৰা খাদ্য ডেলিভাৰী এপসমূহৰ ডেলিভাৰী মাচুলৰ ওপৰত ১৮ শতাংশ জি এছ টি বা সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰা হ’ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সিদ্ধান্ত ঘোষণা কৰিছে।

মাজে মাজে Zomato বা Swiggy ৰ পৰা খাদ্য অৰ্ডাৰ কৰে নেকি? যদি কৰে তেন্তে আপোনাৰ বাবে বেয়া খবৰ ! কাৰণ ২২ ছেপ্টেম্বৰৰ পৰা খাদ্য ডেলিভাৰী এপসমূহৰ ডেলিভাৰী মাচুলৰ ওপৰত ১৮ শতাংশ জি এছ টি বা সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰা হ’ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সিদ্ধান্ত ঘোষণা কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংস্থা মৰ্গান ষ্টেনলিৰ হিচাপ অনুসৰি Zomato ৰ প্ৰতিটো অৰ্ডাৰত আপোনাৰ খৰচ প্ৰায় ২ টকা বৃদ্ধি পাব পাৰে। Swiggy ৰ ক্ষেত্ৰত এই বৃদ্ধি হ’ব পাৰে ২ টকা ৬০ পইচা। অৰ্থাৎ এই অতিৰিক্ত ধন আপোনাৰ অৰ্ডাৰৰ মুঠ বিলত যোগ হ’ব।

উল্লেখ্য যে, প্ৰায়ে চহৰৰ অঞ্চলত Zomato বা Swiggy ত খাদ্য অৰ্ডাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।