ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ ড্ৰ’ন আক্ৰমণ… বহু অট্টালিকা ক্ষতিগ্ৰস্ত
ইউক্ৰেইনৰ কিয়েভত ৰাছিয়াই ৮০০ৰো অধিক ড্ৰ’নেৰে সৰ্ববৃহৎ আক্ৰমণ চলাইছে। যত কমেও দুজন লোকৰ মৃত্যু হৈছে আৰু বহু লোক আহত হৈছে। চৰকাৰী অট্টালিকাও ক্ষতিগ্ৰস্ত হৈছে, ইউক্ৰেইনৰ বায়ুসেনাই কেইবাখনো ড্ৰোন আৰু মিছাইল ধ্বংস কৰিছে যদিও যুদ্ধৰ পিছত এই আক্ৰমণ আটাইতকৈ ডাঙৰ।

শনিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়ভত বৃহৎ সংখ্যক ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰে। য’ত ১৫ জন লোক আহত লগতে কমেও দুজন লোকৰ মৃত্যু হয়। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আটাইতকৈ ডাঙৰ আক্ৰমণ বুলি অনুমান কৰা হৈছে।দেওবাৰে এই আক্ৰমণৰ পিছত এটা ডাঙৰ চৰকাৰী ভৱনৰ চালৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। বিষয়াসকলে জনোৱা মতে, ৰাছিয়াই ৮০৫খন ড্ৰ’নেৰে ইউক্ৰেইনক আক্ৰমণ কৰিছে।
ইউক্ৰেইনৰ বায়ুসেনাৰ মুখপাত্ৰ ইউৰি ইহনাটে নিশ্চিত কৰিছে যে ইউক্ৰেইনত সম্পূৰ্ণ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত দেওবাৰৰ এই আক্ৰমণ ৰাছিয়াৰ আটাইতকৈ ডাঙৰ ড্ৰ’ন আক্ৰমণ। এই আক্ৰমণত ৰাছিয়াইও বিভিন্ন ধৰণৰ ১৩টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল।
বায়ুসেনাৰ এক বিবৃতি অনুসৰি ইউক্ৰেইনে ৭৪৭খন ৰাছিয়াৰ ড্ৰ’ন আৰু চাৰিটা ক্ষেপণাস্ত্ৰ নিক্ষেপ বা অক্ষম কৰি পেলাইছে। দেওবাৰলৈকে ইউক্ৰেইনৰ ৩৭টা স্থানত ৯টা মিছাইল আক্ৰমণ আৰু ৫৬টা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা ধ্বংসাৱশেষ ৮ স্থানত পৰিছে।
কেবিনেট মুখ্য কাৰ্যালয়ত আক্ৰমণ
এছ’চিয়েটেড প্ৰেছৰ বাতৰি অনুসৰি এটা চৰকাৰী ভৱনৰ চালৰ পৰা ধোঁৱা ওপৰলৈ উঠিছে যদিও এই ধোঁৱা আক্ৰমণৰ বাবে নে আন কোনো কাৰণত হৈছে সেয়া স্পষ্ট হোৱা নাই। অনুমান কৰা হৈছে যে যদি ধোঁৱাটো কোনো আক্ৰমণৰ বাবেই হৈছিল, তেন্তে ৰাছিয়াই বিমান আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ পূৰ্বে ৰাছিয়াই চহৰৰ মাজমজিয়াত থকা চৰকাৰী ভৱনসমূহক লক্ষ্য কৰি লোৱা নাছিল।
এই ভৱনটো ইউক্ৰেইনৰ মন্ত্ৰীসভাৰ মুখ্য কাৰ্যালয়, য’ত ইয়াৰ মন্ত্ৰীসকলৰ কাৰ্যালয় আছে। অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স আহি পোৱাৰ পিছতে অট্টালিকাটোত প্ৰৱেশ বন্ধ কৰি দিছে আৰক্ষীয়ে। চৰকাৰী তথ্য অনুসৰি এই আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে ১৫ জন আহত হয়।
ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ইউলিয়া শ্বিৰিডেংকোৱে কয় যে, “প্ৰথমবাৰৰ বাবে শত্ৰুৰ আক্ৰমণত চৰকাৰী অট্টালিকা এটাৰ ক্ষতি হৈছে। আমি অট্টালিকাসমূহ পুনৰ নিৰ্মাণ কৰিম, কিন্তু হেৰুৱা জীৱন ঘূৰাই আনিব নোৱাৰি।”
কিয়েভৰ মেয়ৰ ভিটালি ক্লিচ্কোৱে কয় যে ৰাছিয়াৰ ড্ৰ’নখনৰ ধ্বংসাৱশেষ শ্বুয়াটোশ্বিনস্কিৰ ৯ মহলীয়া আৱাসিক অট্টালিকা আৰু ডাৰ্নিটস্কিৰ চাৰি মহলীয়া আৱাসিক অট্টালিকাত পৰি অট্টালিকাসমূহৰ যথেষ্ট ক্ষতিসাধন হয়।
শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ সময়ত আক্ৰমণ
এনে সময়তে এই আক্ৰমণ সংঘটিত হৈছে যেতিয়া ইউৰোপীয় নেতাসকলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত যুদ্ধৰ অন্ত পেলোৱাৰ দিশত পদক্ষেপ ল’বলৈ হেঁচা বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ২৬খন মিত্ৰশক্তিয়ে যুদ্ধ শেষ হোৱাৰ পিছত ‘আশ্বাস বাহিনী’ হিচাপে তাত সৈন্য নিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।