দৈনিক এনে অভ্যাসে দূৰ কৰিব টোপনিৰ সমস্যা, দূৰ হ’ব চিন্তা

7 Sept 2025

TV9 ASSAM

এক সুস্থ জীৱনৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ অভাৱৰ ফলত দৈহিক-মানসিক উভয় স্বাস্থ্যৰে ক্ষতি হয়।

টোপনি

বৰ্তমান সময়ত টোপনিৰ সমস্যা বহু লোকৰ ক্ষেত্ৰত দেখা যায়। কিছুমান সাধাৰণ অভ্যাসৰ জৰিয়তে এই সমস্যা দূৰ কৰিব পাৰি।

টোপনিৰ অভাৱ

প্ৰতিদিনে পুৱা সূৰ্য নমস্কাৰ কৰিলে দেহ সুস্থ হৈ থাকিব। ই দেহত কৰ্টিছল আৰু মেলাটনিনৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে বাবে অনিদ্ৰাৰ সমস্যাত সকাহ পাব।

সূৰ্য নমস্কাৰ

পুৱা অশ্বগন্ধা আৰু নিশা কেমোমিল চাহ খালেও টোপনিৰ সমস্যাত সকাহ পাব। এনে বনৌষধি চাহে মেলাটনিন আৰু কৰ্টিছল হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে।

অশ্বগন্ধা বা কেমোমিল

শোৱাৰ পূৰ্বে বিচনাতে বালাসন কৰিব পাৰে, এই যোগাসনৰ দ্বাৰা মন স্থিৰ হয়। লগতে বজ্ৰাসন আৰু কিছু সময় ধ্যান কৰিলেও টোপনিৰ ক্ষেত্ৰত সকাহ পাব।

এই যোগাসন

শোৱাৰ পূৰ্বে ভৰিৰ তলুৱাত তিল তেল বা নাৰিকল তেলেৰে মালিচ কৰিলে অনিদ্ৰাৰ সমস্যা দূৰ হোৱাৰ লগতে দেহত তেজৰ সঞ্চালনো উন্নত হয়।

মালিচ

শোৱাৰ পূৰ্বে মোবাইল-লেপটপ ব্যৱহাৰৰ ফলত টোপনিত আটাইতকৈ ব্যাঘাত জন্মে। সেয়ে শোৱাৰ প্ৰায় ১ ঘণ্টা পূৰ্বে ফোন বা লেপটপৰ ব্যৱহাৰৰ পৰা বিৰত থাকক।

মোবাইল-লেপটপ

পঢ়িবলৈ ক্লিক কৰক 

ঘৰত মধুৰি গছ থকাটো শুভ নে অশুভ?