শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পেটৰ ওপৰৰ অংশত বিষ, বমি…পেটৰ কৰ্কট ৰোগ হ’লে দেখা দিয়ে এই ৫টা লক্ষণ, জানক সকলো…

বৰ্তমান সময়ত দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। যেতিয়া কৰ্কট ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ লক্ষণসমূহৰ বিষয়ে জনা দৰকাৰ।

পেটৰ ওপৰৰ অংশত বিষ, বমি…পেটৰ কৰ্কট ৰোগ হ’লে দেখা দিয়ে এই ৫টা লক্ষণ, জানক সকলো…
পেটৰ কৰ্কট ৰোগৰ লক্ষণImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 07 Sep 2025 19:46 PM

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। এই ৰোগ বিভিন্ন প্ৰকাৰৰ। ইয়াৰ ভিতৰত পেটৰ কৰ্কট ৰোগ বা গেষ্ট্ৰিক কেন্সাৰ অন্যতম। এই কৰ্কট ৰোগ পুৰুষৰ তুলনাত মহিলাৰ অধিক হয়। যেতিয়া এই কৰ্কট ৰোগ আৰম্ভ হয় তেতিয়া ইয়াৰ লক্ষণবোৰ অতি সাধাৰণ হয় আৰু এনে লাগে যে পাচনতন্ত্ৰৰ সমস্যাৰ বাবে এনে হৈছে। যাৰ বাবে মানুহে ইয়াৰ লক্ষণবোৰ আওকান কৰি চলে। যদি সময়মতে ইয়াক চিনাক্ত কৰি চিকিৎসা কৰা নাযায়, তেন্তে ই মাৰাত্মক হ’ব পাৰে। গতিকে ইয়াৰ লক্ষণবোৰৰ বিষয়ে জনা দৰকাৰ।

পেটৰ কৰ্কট ৰোগ হ’লে কেইটামান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

পেট জলা-পোৰাঃ পেটৰ কৰ্কট ৰোগ হ’লে পেটত জলা-পোৰা হ’ব পাৰে। এনে অৱস্থাত ঔষধ সেৱন কৰাৰ পাছতো এই সমস্যা ঠিক নহয়। যদি দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

পেট ভৰাঃ অলপ খাদ্য গ্ৰহণ কৰাৰ পাছতে পেট ভৰি যোৱা অনুভৱ হোৱাতো পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। যদি দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

ভোক নলগা, ওজন হ্ৰাসঃ ইয়াৰোপৰি পেটৰ কৰ্কট ৰোগ হ’লে ভোক কমি যায়। এনে অৱস্থাত অলপ খাদ্য গ্ৰহণ কৰাৰ পাছতে একো খাবলৈ মন নাযায় বা বহু সময় একো নোখোৱাৰ পাছতো ভোক নালাগে। ইয়াৰোপৰি ওজন হ্ৰাস পাবলৈ ধৰে। কোনো কাৰণ নোহোৱাকৈ যদি ওজন কমে তেন্তে ই ডাঙৰ সমস্যা হ’ব পাৰে।

পেটৰ বিষঃ পেটৰ ওপৰৰ অংশত বিষ হ’ব পাৰে। খাদ্য গ্ৰহণ কৰাৰ পাছত এই বিষ আৰু অধিক হ’ব পাৰে। যদি দীৰ্ঘদিন ধৰি এনে হয় তেন্তে পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

তেজ বমিঃ যদি বহু বাৰ বমি, বিশেষকৈ খাদ্য গ্ৰহণ কৰাৰ পাছত যদি বমি হয় তেন্তে ই ডাঙৰ সমস্যা হ’ব পাৰে। কেতিয়াবা বমিত তেজ ওলাব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

অন্য লক্ষণ

  • পেট ফুলা
  • খাদ্য খোৱাত ডিঙিত অসুবিধা
  • ক’লা শৌচ
  • ভাগৰ,
  • দুৰ্বলতা আদি।

পৰিত্ৰাণৰ উপায়

  • ফল, শাক-পাচলি আদি খাব লাগে।
  • ৰেড মীট, প্ৰচেচড খাদ্য কমকৈ খাব লাগে।
  • নিমখ কমকৈ খাব লাগে।
  • নিচাযুক্ত পদাৰ্থৰ পৰা আঁতৰত থাকিব লাগে।
  • ওজন নিয়ন্ত্ৰণ কৰিব লাগে।

 

যদি দীৰ্ঘদিন ধৰি কোনো সমস্যা হৈ থাকে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ইয়াৰোপৰি অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ নখত বগা দাগ, বাৰে বাৰে ভাঙি যোৱা…হ’ব পাৰে এইসমূহ ডাঙৰ ৰোগৰ লক্ষণ, জানক সকলো…