Indian Air Force: অভিযানত নামিছিল বাঘা বাঘা পাইলট, পাকিস্তানক ঢোকে ঢোকে পানী খুৱালে ভাৰতৰ এইগৰাকী বায়ুসেনা বিষয়াই
Indian Air Force: ভাৰতীয় বায়ুসেনাৰ চীফ এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিং হৈছে ৰাৱালপিণ্ডিৰ এই বিমান ঘাটিটোত আক্ৰমণৰ আঁৰৰ ‘প্ৰকৃত নায়ক’। এয়াৰ চীফ মাৰ্শ্বাল সিঙে পাকিস্তানৰ এয়াৰ বেছত আক্ৰমণ কৰিবলৈ নিজৰ দলটোক সযতনে বাছি লৈছিল।

ধাৰাবাহিকভাৱে একাধিক ভাৰতীয় বায়ুসেনাৰ ঘাটিক লক্ষ্য কৰি আহিছে পাকিস্তানে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ বায়ুসেনাই চুবুৰীয়া দেশৰ আকাশমাৰ্গত প্ৰৱেশ কৰি ইটোৰ পিছত সিটো শিবিৰ ধ্বংস কৰে । ইয়াৰ ভিতৰত এটা হৈছে ৰাৱালপিণ্ডিৰ নূৰ খান বিমানঘাটি । এই ঘাটিত আক্ৰমণৰ পিছতেই পাকিস্তানে ভাৰতক যুদ্ধবিৰতিৰ বাবে অনুৰোধ জনায় । কিন্তু আপুনি জানেনে এই ‘অপাৰেচন’ৰ আঁৰত থকা বায়ুসেনাৰ বিষয়াজনৰ বিষয়ে ।
সূত্ৰ অনুসৰি ভাৰতীয় বায়ুসেনাৰ চীফ এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিং ৰাৱালপিণ্ডিৰ এই বিমান ঘাটি আক্ৰমণৰ আঁৰৰ ‘প্ৰকৃত নায়ক’। তেওঁ পাকিস্তানৰ এয়াৰ বেছত আক্ৰমণ কৰিবলৈ নিজৰ দলটোক সূক্ষ্মভাৱে বাচনি কৰিছিল । এই অভিযানৰ বাবে বায়ুসেনাৰ শ্ৰেষ্ঠ পাইলট বাছনি কৰিছিল তেওঁ । NSA অজিত ডোভালে সিঙক সম্পূৰ্ণ সমৰ্থন কৰিছিল । ডোভালে নিজেই ‘অপাৰেশ্যন সেন্দূৰ’ৰ বাবে সেউজ সংকেত দিছিল । বায়ুসেনা বিষয়াজনে ভাবিছিল যে নূৰ খান বিমানঘাটিত আক্ৰমণ কৰিলে সমগ্ৰ বিশ্বতে প্ৰমাণিত হ’ব যে ভাৰতীয় বায়ুসেনা পাকিস্তানী বায়ুসেনাতকৈ বহু বেছি শক্তিশালী । সূত্ৰ অনুসৰি এই অভিযানৰ সকলো পাইলট সুস্বাস্থ্যৰে ঘৰলৈ উভতি আহিছে ।
উল্লেখ্য যে, পাকিস্তান বায়ুসেনাৰ এই ঘাটিসমূহৰ ভিতৰত চকলালাৰ নূৰ খান ছাউনীটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ । ৰাজধানী ইছলামবাদৰ পৰা ইয়াৰ দূৰত্ব বেছি নহয় । ইয়াৰ পৰাই বৃহৎ অভিযান চলোৱা হয় । ৰাৱালপিণ্ডিৰ পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়ৰ কাষতে নিৰ্মাণ কৰা হৈছে এই ঘাটি । শেহতীয়াকৈ পাকিস্তানৰ বিমান ঘাটিত ভাৰতীয় সৈন্যই কৰা প্রতিশোধমূলক আক্রমণ সন্দর্ভত এখন সংবাদমেলযোগে বায়ুসেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে এক বিবৃতি প্রকাশ কৰে । সেইসমূহ ঘাটিৰ ভিতৰত আছি নূৰ খান বিমানঘাটিও ।