শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সংসদত কিয় মনমোহন সিঙক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে? জানক সেই বিশেষ দিনটোৰ কাহিনী…

হুইলচেয়াৰত সংসদলৈ অহাৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, "তেওঁ জানে যে চৰকাৰ জয়ী হ'ব। তাৰ পাছতো হুইলচেয়াৰত সংসদলৈ আহি ভোট দিছে।"

সংসদত কিয় মনমোহন সিঙক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে? জানক সেই বিশেষ দিনটোৰ কাহিনী…
সংসদত কিয় মনমোহন সিঙৰ প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে?
trishna-kalita
Trishna Kalita | Updated On: 27 Dec 2024 10:47 AM

বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে । ড০ মনমোহন সিঙৰ অৱদানক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰ সংসদত কয়, “ড০ মনমোহন সিঙে যিধৰণে দায়িত্ব পালন কৰিছে সেয়া প্ৰেৰণাদায়ক। হুইলচেয়াৰত থকাৰ পাছতো তেওঁ ভোট দিবলৈ আহিছে। প্ৰশ্নটো এইটো নহয় যে তেওঁ কাক সমৰ্থন কৰিবলৈ আহিছে, কিন্তু ড০ মনমোহন সিঙে গণতন্ত্ৰ শক্তিশালী কৰিবলৈ আহিছে। তেওঁৰ এই সমৰ্পণ প্ৰতিজন সাংসদে শিকিব লাগে।”

দৰাচলতে, দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ৰাজ্যসভাত অন্তিম দিনটো আছিল ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰী। এই দিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে মনমোহন সিঙক তীব্ৰ প্ৰশংসা কৰে।

মনমোহন সিঙে দেশক এক নতুন শক্তি প্ৰদান কৰিছিল

প্ৰধানমন্ত্ৰী মোদীয়ে  ড০ মনমোহন সিঙৰ ৬বাৰ ৰাজ্যসভাত উপস্থিতি আৰু তেওঁৰ অমূল্য চিন্তাধাৰাৰ কথা উল্লেখ কৰি কয় যে যেতিয়াই ভাৰতীয় গণতন্ত্ৰৰ ওপৰত চৰ্চা হ’ব, মনমোহন সিঙৰ নাম সদায় সন্মানৰ সৈতে লোৱা হ’ব। তেওঁৰ চিন্তা আৰু নিৰ্দেশনাই এই সদনক দিশ দিয়াই নহয়, দেশক এক নতুন শক্তি প্ৰদান কৰিছে।

‘পথপ্ৰদৰ্শক’ হিচাপে মনমোহন সিঙৰ জীৱন

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মনমোহন সিঙৰ জীৱন আৰু কৰ্মশৈলী সকলো সাংসদৰ বাবে  “পথপ্ৰদৰ্শক”। তেওঁ কৈছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালত আদৰ্শগত পাৰ্থক্য থকা স্বত্বেও সদনক পথ প্ৰদৰ্শন কৰিছিল আৰু দেশৰ স্বাৰ্থত সিদ্ধান্ত লৈছিল। তেওঁৰ জীৱনে আমাক শিকায় যে এজন নেতাই কেনেকৈ তেওঁৰ দায়িত্ব পালন কৰিব পাৰে।

লগতে পঢ়ক: অপমানিত হৈও দেশৰ বাবে কাম কৰি গৈছিল ড॰ মনমোহন সিঙে! জানক তেওঁৰ জীৱনৰ এই কাহিনী

হুইলচেয়াৰত সংসদত উপস্থিত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে, ড০ মনমোহন সিঙে হুইলচেয়াৰত আহি ভোট দিছে। এজন সাংসদ তেওঁৰ দায়িত্বৰ প্ৰতি কিমান সচেতন তেওঁ  তাৰে এক উদাহৰণ। প্ৰশ্ন এইটো নহয় যে তেওঁ কাক শক্তি প্ৰদান কৰিবলৈ আহিছে। মই বিশ্বাস কৰোঁ যে তেওঁ গণতন্ত্ৰক শক্তি দিবলৈ ইয়ালৈ আহিছিল। ৬বাৰকৈ এই সদনলৈ তেওঁ নিজৰ মূল্যৱান চিন্তাধাৰা আৰু এজন নেতা হিচাপে লগতে বিৰোধী দলৰ এগৰাকী নেতা হিচাপেও  যথেষ্ট অৱদান আগবঢ়াইছে।

সদন আৰু দেশৰ পথপ্ৰদৰ্শক

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, আদৰ্শগত পাৰ্থক্য অতি কম সময়ৰ বাবেহে। কিন্তু ইমান দীঘলীয়া সময়ধৰি, মনমোহন সিঙে যিদৰে সদন আৰু দেশক পথ দেখুৱাইছে। মই নিশ্চিতভাৱে সকলো সাংসদক ক’ম যে  সাংসদসকল যি দলৰ নহওক তেওঁ যিধৰণে তেওঁৰ জীৱন পৰিচালনা কৰিছে, তেওঁৰ কাৰ্যকালত তেওঁ যি ধৰণৰ প্ৰতিভা দেখুৱাইছে, আমি ইয়াক এক পথপ্ৰদৰ্শক হিচাপে শিকিবলৈ চেষ্টা কৰা উচিত।

 গণতন্ত্ৰক শক্তি দিবলৈ আহিছে মনমোহন সিং

“মোৰ মনত আছে সদনৰ ভিতৰত ভোটদানৰ সময় আছিল। এইটো জনা গৈছিল যে বিজয় চৰকাৰী পক্ষৰে হ’ব। যথেষ্ট পাৰ্থক্যও আছিল কিন্তু ড০ মনমোহন সিঙে হুইলচেয়াৰত আহি ভোট দিছিল। এজন সাংসদ তেওঁৰ দায়িত্বৰ প্ৰতি কিমান সচেতন তাৰ তেওঁ এটা উদাহৰণ আছিল। কেৱল সেয়াই নহয়, মই দেখি আছিলো যে যেতিয়া সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া তেওঁ হুইলচেয়াৰত ভোট দিবলৈ আহিছিল। প্ৰশ্নটো এইটো নহয় যে তেওঁ কাক শক্তি দিবলৈ আহিছিল। মই বিশ্বাস কৰোঁ যে তেওঁ গণতন্ত্ৰক শক্তি দিবলৈ ইয়ালৈ আহিছিল।”

লগতে পঢ়ক:  অৰ্থনীতিবিদৰ পৰা প্ৰধানমন্ত্ৰীলৈ যাত্ৰা, জানক ড° মনমোহন সিঙে কেনেকৈ দেশৰ গতিবিধি সলনি কৰিছিল

Latest News