শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মনমোহন সিং

মনমোহন সিং

ড॰ মনমোহন সিং ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথম শিখ। মনমোহন সিঙৰ জন্ম হৈছিল গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাবত)। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে। অক্সফ’ৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৬৬-৬৯ চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে। ললিত নাৰায়ন মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলাতন্ত্ৰিক জীৱন আৰম্ভ হয়। ৭০ আৰু ৮০ ৰ দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা (১৯৭২-৭৬), ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ (১৯৮২-৮৫), পৰিকল্পনা আয়োগৰ অধ্যক্ষ (১৯৮৫-৮৭) আদি ভাৰত চৰকাৰৰ কেইবাটাও দপ্তৰত তেওঁ চাকৰি কৰে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ২০২৪ চনৰ ২৬ ডিচেম্বৰত দিল্লীৰ এইমছ চিকিৎসালয়ত ৯২ বছৰ বয়সত মৃত্যু হয়।

Read More

আজি পঞ্চভূতত বিলীন হ’ব মনমোহন সিঙৰ নশ্বৰ দেহঃ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃতদেহৰ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব। নতুন দিল্লীৰ নিগমবোধ ঘাটত ১১:৪৫ বজাত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী যান-বাহন আৰক্ষীয়ে এক নিৰ্দেশনা জাৰি কৰিছে।

Manmohan Singh funeral: আজি সম্পন্ন হ’ব মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াঃ স্মৃতিসৌধ নিৰ্মাণৰ নিশ্চিতি কেন্দ্ৰৰ

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নশ্বৰ দেহ আজি পঞ্চভূতত বিলীন হ’ব। ১১.৪৫ বজাত নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। ইফালে মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ সন্দৰ্ভত শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিসৌধ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে।

সামাজিক মাধ্যমত ভাইৰেল মনমোহন সিঙৰ বায়’ ডাটাঃ কি লিখা আছে বায়’ ডাটাত, চাওক…

সামাজিক মাধ্যম আৰু লিংকডইনত ভাইৰেল হৈ পৰিছে এখন বায়’ ডাটা। বহু কেইজন লোকে এই বায়’ ডাটাখন মনমোহন সিঙৰ বুলি দাবী কৰি সামাজিক মাধ্যমত ইয়াৰ ছবি পোষ্ট কৰিছে। এই বায়’ ডাটাখনত ১৯৫৭ চনত অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত মনমোহন সিঙৰ কৰ্মজীৱনৰ বিৱৰণ দিয়া হৈছে।

মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰস্তাৱ কংগ্ৰেছৰঃ ছোনিয়া গান্ধীয়ে ক’লে এইদৰে….

মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া কংগ্ৰেছ ৱ’ৰ্কিং কমিটিয়ে এক বৈঠকত মিলিত হৈ শোক প্ৰস্তাৱ গৃহীত কৰে। কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীয়েও মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছে এক্স যোগে ছোনিয়া গান্ধীৰ এই শোক বাৰ্তা প্ৰকাশ কৰিছে। এই শোক বাৰ্তাত ছোনিয়া গান্ধীয়ে মনমোহন সিঙৰ মৃত্যু তেওঁৰ বাবে এক গভীৰ ব্যক্তিগত ক্ষতি বুলি উল্লেখ কৰে।

মনমোহন সিঙৰ সেইবোৰ কাম, যিয়ে ৩০ কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰিছিল!

ভাৰতৰ ইতিহাসত স্বাধীনতাৰ পূৰ্বে আজিৰ পাকিস্তানত জন্মগ্ৰহণ কৰা এনে মাত্ৰ ৩জন প্ৰধানমন্ত্ৰী আছে, কিন্তু মনমোহন সিং হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে বহুবাৰ ভাৰতৰ ভাগ্য সলনি কৰাৰ সুযোগ লাভ কৰিছে। তেওঁ দেশৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীসকলৰ মাজৰ এজন।

মনমোহন সিং চৰকাৰে লোৱা ৫টা ডাঙৰ সিদ্ধান্ত, যিয়ে সলনি কৰিছিল দেশৰ অৰ্থনীতি, জনসাধাৰণৰ ভাগ্য!

বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ৯২ বছৰ বয়সত মৃত্যু হয়। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ তেওঁ ১০ বছৰ দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। তেওঁৰ চৰকাৰৰ সময়ত, এনে ৫টা ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল, যি দেশৰ অৰ্থনীতিৰ লগতে দেশৰ ভাগ্য সলনি কৰিছিল। ইয়াৰ বিষয়ে সবিশেষ জানক..

Sikandar Teaser: মনমোহন সিঙৰ মৃত্য়ুত শোকপ্ৰকাশ চলমান খানৰ, মুক্তি নিদিয়ে ‘চিকন্দৰ’ৰ টিজাৰ!

Sikandar Teaser Postponed: চলমান খানে ৫৯ সংখ্যক জন্মদিন উদযাপন কৰিছে। এই বিশেষ দিনটোত তেওঁৰ আগন্তুক ছবি ‘চিকন্দৰ’ৰ টিজাৰ মুকলি কৰাৰ কথা আছিল। কিন্তু এতিয়া ইয়াৰ মুক্তি পিছুৱাই দিছে নিৰ্মাতাসকলে। কিয় এই সিদ্ধান্ত লোৱা হ’ল জানক?

সংসদত কিয় মনমোহন সিঙক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে? জানক সেই বিশেষ দিনটোৰ কাহিনী…

হুইলচেয়াৰত সংসদলৈ অহাৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, "তেওঁ জানে যে চৰকাৰ জয়ী হ'ব। তাৰ পাছতো হুইলচেয়াৰত সংসদলৈ আহি ভোট দিছে।"

Manmohan Singh Passes Away: ড০ মনমোহন সিঙে কিয় পূৰণ কৰিব নোৱাৰিলে এইটো ইচ্ছা?

Ex PM Manmohan Singh: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু নাই। তেওঁৰ মৃত্যুৰ খবৰৰ লগে লগে পোহৰলৈ আহিছে তেওঁৰ পূৰণ নোহোৱা সপোনৰ কথা। কিয় সেই ইচ্ছা পূৰণ কৰিব পৰা নাছিল? মনমোহন সিঙৰ সেই ইচ্ছাৰ কথা কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই তেওঁৰ এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল।

ইতিহাসে মোক মনত ৰাখিব…কিয় এইদৰে কৈছিল ড° মনমোহন সিঙে

ড° মনমোহন সিঙে আৰু নাই। দিল্লীৰ এইমছত ৯২ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে। দহ বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ শেষত তেওঁ যি কৈছিল, তেওঁক পাহৰিব নোৱাৰিব।

মনমোহন সিঙৰ মৃত্যুত দেশজুৰি শোকৰ লহৰঃ ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ দেশ শোকবিহ্বল হৈ পৰিছে। ইফালে তেওঁৰ মৃত্যুৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। শুকুৰবাৰে ১১ বজাত মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

Manmohan Singh: অৰ্থনীতিবিদৰ পৰা প্ৰধানমন্ত্ৰীলৈ যাত্ৰা, জানক ড° মনমোহন সিঙে কেনেকৈ দেশৰ গতিবিধি সলনি কৰিছিল

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে অৰ্থনীতিবিদ হিচাপে জীৱন আৰম্ভ কৰিছিল। পৰিকল্পনা আয়োগৰ পৰা বিত্তমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ড০ মনমোহন সিঙে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অপমানিত হৈও দেশৰ বাবে কাম কৰি গৈছিল ড॰ মনমোহন সিঙে! জানক তেওঁৰ জীৱনৰ এই কাহিনী

মনমোহন সিং প্ৰায় ৩০ বছৰ ৰাজহুৱা জীৱনৰ সৈতে জড়িত হৈ আছিল। এই সময়ছোৱাত এনে কিছুমান অপমানিত কৰা খবৰ আহিছিল তথাপিও সকলোবোৰ এৰি সিঙে দেশৰ স্বাৰ্থত কাম কৰি গৈছিল।

মহীৰূহৰ মহাপ্ৰয়াণঃ চিৰদিনলৈ চকু মুদিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আজি দেহাৱসান ঘটিছে। কিছুসময় পূৰ্বে তেওঁক সংকটজনক অৱস্থাত দিল্লীস্থিত এইমছত ভৰ্তি কৰা হৈছিল। চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পিছতো তেখেতৰ প্ৰাণৰক্ষা সম্ভৱ নহ’ল আৰু চিৰদিনলৈ চকু মুদে।