আজৱ পৰম্পৰা! বিয়াৰ পূৰ্বে ভাঙি দিয়া হয় কইনাৰ দুই আগ দাঁত, কাৰণ জানিলে আচৰিত হ’ব আপুনি
বিয়াৰ সময়ত নিজকে অধিক দেখনীয়াৰ কৰি তুলিবলৈ কইনাই সৌন্দৰ্য বৰ্ধনৰ নানা উপায় অৱলম্বন কৰে। কইনাৰ পৰিয়ালেও নিজ কন্যাক সৌন্দৰ্যশালী কৰি তুলিবলৈ ভিন্ন উপায় গ্ৰহণ কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব- সৌন্দৰ্য বৰ্ধনৰ কথা বাদেই, এক বিশেষ জনগোষ্ঠীয়ে বিয়াৰ পূৰ্বে ভাঙি দিয়ে কইনাৰ আগদাঁত।
বিয়াৰ সময়ত নিজকে অধিক দেখনীয়াৰ কৰি তুলিবলৈ কইনাই সৌন্দৰ্য বৰ্ধনৰ নানা উপায় অৱলম্বন কৰে। কইনাৰ পৰিয়ালেও নিজ কন্যাক সৌন্দৰ্যশালী কৰি তুলিবলৈ ভিন্ন উপায় গ্ৰহণ কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব- সৌন্দৰ্য বৰ্ধনৰ কথা বাদেই, এক বিশেষ জনগোষ্ঠীয়ে বিয়াৰ পূৰ্বে ভাঙি দিয়ে কইনাৰ আগদাঁত। কইনাৰ দাঁত ভাঙি এই ৰীতি-নীতি পালন নকৰিলে দৰাৰ পৰিয়ালত কোনো অশুভ ঘটনা হ’ব পাৰে বুলি বিশ্বাস প্ৰচলিত আৰু সেয়ে এই পৰম্পৰা কঠোৰভাৱে পালন কৰা হয়।
এই আজৱ ৰীতি-নীতি পালন কৰে চীনৰ গেলাও নামৰ এটা জনগোষ্ঠীয়ে। বহু ক্ষেত্ৰত কইনাৰ দাঁতৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কেনিন দাঁত লগোৱা হয়। গেলাও জনগোষ্ঠী চীন আৰু ভিয়েটনামত পোৱা এটা জনগোষ্ঠী। ২০২১ চনত চীনত এই জনগোষ্ঠীটোৰ জনসংখ্যা ৬ লাখ ৭৭ হাজাৰৰো অধিক বুলি অনুমান কৰা হৈছে।
গেলাও জনগোষ্ঠী কি?
এই গেলাও জনগোষ্ঠী মূলতঃ দক্ষিণ চীনৰ গুইঝৌ প্ৰদেশৰ পশ্চিম অংশত অৱস্থিত গেলাও অঞ্চলত বাস কৰে। পৰম্পৰাগতভাৱে এই লোকসকল কৃষিৰ ওপৰত নিৰ্ভৰশীল। এই লোকসকলে ধান খেতি কৰাৰ লগতে পাহাৰীয়া আৰু শুকান অঞ্চলত বিভিন্ন শস্যৰ খেতি কৰে।
কইনাৰ দাঁত কিয় ভঙা হয়?
নতুন কইনাৰ দাঁত ভঙাৰ এই পৰম্পৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। ইয়াৰ প্ৰথম উল্লেখ ১১২৭ৰ পৰা ১২৭৯ৰ পৰাই পোৱা যায়। এগৰাকী ২০ বছৰ বয়সীয়া গেলাও যুৱতীৰ বিয়াৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ইচ্ছাকৃতভাৱে তেওঁৰ আগৰ ওপৰৰ দুটা দাঁত আঁতৰাই পেলোৱা হৈছিল।
এটা বিখ্যাত লোককথাৰ মতে, বহু আগতে এগৰাকী গেলাও মহিলাই বিয়াৰ পূৰ্বে নিজৰ সম্প্ৰদায়ৰ বাবে ফল-মূল গোটাই থাকোঁতে শিলৰ পৰা পৰি সন্মুখৰ দুটা দাঁত ভাঙি যায়। তেওঁৰ নিষ্ঠাৰ সন্মানত গেলাও সমাজে বিবাহৰ পূৰ্বে কইনাৰ আগৰ দাঁত আঁতৰোৱাৰ পৰম্পৰা আৰম্ভ কৰে। এই প্ৰক্ৰিয়া এটা বিশেষ অনুষ্ঠানৰ অংশ হিচাপে সম্পন্ন কৰা হৈছিল।
হাতুৰীৰে ভাঙি দিয়া হয় দাঁত
জনগোষ্ঠীটোৰ পৰম্পৰা অনুসৰি প্ৰথমে মদৰ পাত্ৰ এটা প্ৰস্তুত কৰি কইনাৰ মোমায়েকক শ্ৰদ্ধাৰে ঘৰলৈ নিমন্ত্ৰণ কৰা হয়। তাৰ পিছত মোমায়েকে সৰু হাতুৰী এটাৰে কইনাৰ দাঁত ভাঙি দিয়ে। যদি মোমায়েকৰ মৃত্যু হয়, তেতিয়া মাতৃৰ ফালৰ পৰা একে প্ৰজন্মৰ আন এজন পুৰুষ আত্মীয়ই এই অনুষ্ঠান কৰিব পাৰে।
দাঁত ভাঙি উলিয়াই দিয়াৰ পিছত দাঁতৰ আলুত বিশেষ ঔষধি গুড়ি প্ৰয়োগ কৰা হয়। যদি কোনো গেলাও মহিলাই এই অনুষ্ঠানত ব্যৰ্থ হয়, তেতিয়া তেওঁ সমাজত ঠাট্টা-বিদ্ৰুপ বা উপহাসৰ সন্মুখীন হ’ব পাৰে। এই দাঁত ভাঙি দিয়া পৰম্পৰাৰ বিভিন্ন কাৰণ উল্লেখ কৰা হৈছে।
স্বামীৰ বাবে ক্ষতিকাৰক গণ্য কৰা হয়
লোকবিশ্বাস অনুসৰি আগফালৰ ওপৰৰ দাঁত ৰাখিলে স্বামীৰ পৰিয়াললৈ বিপদ আহিব পাৰে আৰু বংশৰ অগ্ৰগতি নহ’বও পাৰে। পৰিয়ালটোৰ যিকোনো ধৰণৰ কষ্ট ৰোধ কৰিবলৈ দাঁত উলিওৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়।