শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোন হ’ব বিজেপিৰ সৰ্বভাৰতীয় সভাপতি? নীতিন নবীনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ পাছতে আৰম্ভ চৰ্চা…

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হ'ল নীতিন নবীন। পিছে কোন হ’ব বিজেপিৰ সৰ্বভাৰতীয় সভাপতি? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে।

কোন হ’ব বিজেপিৰ সৰ্বভাৰতীয় সভাপতি? নীতিন নবীনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ পাছতে আৰম্ভ চৰ্চা…
manas-borah
Manas Borah | Updated On: 15 Dec 2025 12:44 PM

বহু অপেক্ষাৰ অন্তত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হ’ল নীতিন নবীন। পিছে কোন হ’ব বিজেপিৰ সৰ্বভাৰতীয় সভাপতি? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে। এনে পৰিস্থিতিত বিজেপিৰ সংসদীয় ব’ৰ্ডে বিজেপিৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতিৰ নাম ঘোষণা কৰিছে। নীতিন নবীন বিজেপি শিবিৰৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি। তেওঁ বিহাৰৰ কেবিনেট মন্ত্ৰীও। দেওবাৰে বিজেপিয়ে এক বিবৃতিত দলটোৰ সংসদীয় ব’ৰ্ডে নীতিন নবীনক সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি হিচাপে বাছনি কৰা বুলি উল্লেখ কৰে।

শেহতীয়াকৈ সমাপ্ত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনত পাটনাৰ বাংকিপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল নীতিন নবীনে। তেওঁ ৫১ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে আৰজেডিৰ প্ৰাৰ্থী ৰেখা কুমাৰীক। নীতিশ কুমাৰৰ বৰ্তমানৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী নীতিন নবীন।

২০২০ চনৰ ২০ জানুৱাৰীৰ পৰা বিজেপিৰ সৰ্বভাৰতীয় সভাপতি হিচাপে থকা জে পি নাড্ডাই কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰীসভাতো গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দায়িত্ব পালন কৰি আহিছে। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি হিচাপে নাড্ডাৰ উত্তৰাধিকাৰীক লৈ দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলি আহিছে। একাধিক নাম চৰ্চালৈ আহিছে। অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই। ইয়াৰ মাজতে কাৰ্যকৰী সভাপতি হিচাপে নীতিন নবীনৰ নাম ঘোষণা কৰা হৈছে।

২০২০ চনত সভাপতি হোৱাৰ পূৰ্বে নাড্ডাই কেইমাহমান কাৰ্যকৰী সভাপতিৰ পদতো অধিষ্ঠিত হৈছিল। ২০১৯ চনৰ ১৭ জুনৰ পৰা ২০২০ চনৰ ২০ জানুৱাৰীলৈ অৰ্থাৎ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ কাৰ্যকৰী সভাপতি আছিল। সেই সময়ত অমিত শ্বাহ বিজেপি শিবিৰৰ সভাপতি আছিল। ঠিকে সেইদৰে পঞ্চল্লিশ বছৰীয়া নীতিন নবীনকো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব দিয়া হ’ব নেকি, তাকলৈ আৰম্ভ হৈছে জল্পনা-কল্পনা।

১৯৮০ চনৰ ২৩ মে’ত জন্মগ্ৰহণ কৰা নীতিন নবীনৰ পিতৃ আছিল প্ৰয়াত বিজেপি নেতা নবীন কিশোৰ সিনহা। এবিভিপিৰ সহায়ত তেওঁ ছাত্ৰ ৰাজনীতিৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০ চনত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল নীতিনে আৰু বাংকিপুৰ সমষ্টিৰ পৰা জয়ী হৈছিল। তেতিয়াৰ পৰাই এই সমষ্টিৰ পৰাই তেওঁ জয়লাভ কৰি আহিছে।