শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেবিনৰ উষ্ণতাত সমস্যা! দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান কলকাতাত অৱতৰণ…

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বিসংগতি। কেবিনৰ উষ্ণতাৰ লগত জড়িত সমস্যাৰ বাবে বিমানখন কলকাতাত অৱতৰণ কৰিবলগীয়া হয়। বিমানখন টকিঅ'ৰ পৰা দিল্লীলৈ গৈ আছিল।

কেবিনৰ উষ্ণতাত সমস্যা! দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান কলকাতাত অৱতৰণ…
এয়াৰ ইণ্ডিয়াImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 29 Jun 2025 22:37 PM

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বিজুতি। টকিঅ’ৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানৰ কেবিনত কোনো সমস্যাৰ সৃষ্টি হয়। জানিব পৰা মতে, কেবিনৰ উষ্ণতা সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হয় বিমানখন।  যাৰ বাবে বিমানখনৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে দেওবাৰে কলকাতালৈ ডাইভাৰ্ট কৰা হয়। পাছত কলকাতাত নিৰাপদে অৱতৰণ কৰে বিমানখন। বৰ্তমান কেবিনৰ উষ্ণতা সমস্যাৰ ওপৰত তদন্ত চলি আছে।

ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰি এয়াৰ ইণ্ডিয়াই কয় যে, যাত্ৰীসকলক নিৰাপদে বিমানৰ পৰা নমোৱা হৈছে। এই ডাইভাৰচনৰ ফলত হোৱা অসুবিধা হ্ৰাস কৰিবলৈ কলকাতাত থকা আমাৰ সহযোগীসকলে যাত্ৰীসকলক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে। অৱশ্যে বিমানখনৰ লগত কি সমস্যা হৈছে সেই সন্দৰ্ভক কোনো তথ্য প্ৰকাশ কৰা নাই সংস্থাটোয়ে।

এয়াৰ ইণ্ডিয়াই কয় যে, যাত্ৰীসকলক সোনকালে দিল্লীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব। বিমান কোম্পানীটোৱে যাত্ৰীসকলৰ অসুবিধাৰ বাবে ক্ষমা বিচাৰে। এই বিমানখনে টকিঅ’ৰ হানেডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু কেবিনেট হোৱা উষ্ণতাজনিত সমস্যাৰ বাবে কলকাতাত অৱতৰণ কৰা হয়।

যোৱা ২৩ জুনতো এয়াৰ ইণ্ডিয়াৰ বিমানত এনে এক ঘটনা সংঘটিত হৈছিল। এয়াৰ ইণ্ডিয়াৰ লণ্ডন-মুম্বাই বিমান (AI130)ৰ ক্ৰু মেম্বাৰকে ধৰি বহু যাত্ৰীয়ে বমি আৰু মূৰ ঘূৰোৱাৰ অভিযোগ উত্থাপন কৰিছিল। কেবিনৰ বায়ুৰ চাপ কম হোৱাৰ বাবে বিমানখনক নিৰাপদ উচ্চতালৈ আনিব লগা হৈছিল আৰু একাংশ লোকক চিকিৎসা প্ৰদান কৰা হৈছিল।

ইয়াৰ বিপৰীতে দেওবাৰে আদিছ আবাবাৰ পৰা মুম্বাইলৈ অহা ইথিওপিয়ান এয়াৰলাইন্সৰ এখন বিমানে আকাশৰ মাজত কেবিন চাপৰ কম সমস্যাৰ সন্মুখীন হয়। যাৰ বাবে শুকুৰবাৰে ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। উল্লেখ্য যে, যোৱা কেইটামান দিনৰ পৰা অহৰহ বিমান বিজুতিৰ খবৰ পোহৰলৈ আহিছে। এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা হোৱাৰ পাছতে এখনৰ পাছত আনখন বিমানত বিজুতিৰ খবৰ পোহৰলৈ আহিছে।

 

 

অন্য খবৰ পঢ়কঃ মৰ্মান্তিক! মাটি খহি একেটা পৰিয়ালৰ ৪জনৰ মৃত্যু, আহত দুজন…