শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মৰ্মান্তিক! মাটি খহি একেটা পৰিয়ালৰ ৪জনৰ মৃত্যু, আহত দুজন…

এক মৰ্মান্তিক ঘটনা। মাটি খহি মৃত্যু মুখত পৰিল একেটা পৰিয়ালক ৪ জন লোক, লগতে আহত হয় ২জন। এই ঘটনা অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৰ্মান্তিক! মাটি খহি একেটা পৰিয়ালৰ ৪জনৰ মৃত্যু, আহত দুজন…
ঘটনাস্থলীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 29 Jun 2025 21:24 PM

মাটি খহি একেটা পৰিয়ালৰে ৪ জন লোকৰ মৃত্যু, লগতে আহত দুজন। জানিব পৰা মতে, পৰিয়ালটোৱে চাম্বাল প্ৰজেক্টৰ অধনীত পাইপলাইন খান্দি থকা ঠাইৰ পৰা নিজৰ ঘৰ মচিবলৈ মাটি আনিব গৈছিল। তেতিয়াই এই ভয়ংকৰ ঘটনা সংঘটিত হয়। ঘটনাৰ বিষয়ে অৱগত হৈ লগে লগে ঘটনাস্থলীত প্ৰশাসনিক বিষয়া আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। কিন্তু তাৰ পাছতো ৪ জন সদস্যৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। দেওবাৰ (২৯ জুন) য়ে এই ঘটনা সংঘটিত হৈছে ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ সীমান্তত অৱস্থিত ভৰতপুৰত। এই পৰিয়ালটো আগ্ৰাৰ ফাতেহপুৰ ছিক্ৰিৰ উট্টু গাঁৱৰ বাসিন্দা আছিল।

এই ঘটনা আজি পুৱা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি উট্টু গাঁৱৰ প্ৰায় ১০ জন লোকে চাম্বাল প্ৰজেক্টৰ বাবে খান্দি থোৱা ১০ ফুট দ’ গাঁতৰ পৰা মাটি ভৰাই আছিল । কিন্তু হঠাতে তেওঁলোকৰ ওপৰত মাটি বাগৰি পৰে আৰু মাটি খান্দি থকা লোকসকল পোত যায়। যাৰ ফলত এই ঘটনাত একেটা পৰিয়ালৰ ৪জন লোকৰ মৃত্যু হোৱাৰ লগত ২ জন আহত হয়।

ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰ অভিযানৰ দল উপস্থিত হয়। লগে লগে উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ তলত পুতি যোৱা ৬ জন লোকক উলিয়াই আনে । কিন্তু এই ঘটনাৰ ফলত ২২ বছৰীয়া অনুকুল, ২৫ বছৰীয়া যোগেশ কুমাৰী আৰু ৫৫ বছৰীয়া বিনোদ দেৱীৰ থিতাতে মৃত্যু হয়। ৪৫ বছৰীয়া বিমলা দেৱীৰ চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যু হয়। ইয়াৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে ৩৮ বছৰীয়া দীনেশ আৰু ৫০ বছৰীয়া জয়শ্ৰী।

আৰক্ষী বিষয়া অমিত ড’ৰিয়াই জানিবলৈ দিয়া মতে, উট্টু গাঁৱৰ এই লোকসকলে চাম্বাল প্ৰকল্পৰ খনন স্থানৰ পৰা মানি আনিবলৈ গোপনে গাঁতত নামিছিল। জানিব পৰা মতে এই মাটি হালধীয়া হয়,যি অতি মসৃণ। ইয়াক কেঁচা ঘৰ মোচা আৰু পাৰম্পৰিক বাচন-বৰ্তন প্ৰস্তুত কৰাৰ দৰে কামত ব্যৱহাৰ কৰা হয়।

ভৰতপুৰ জিলা উপায়ুক্ত কামাৰ-উল-জামানে নিশ্চিত কৰিছে যে দুৰ্ঘটনাস্থলীৰ পৰা ৬ জন লোকক উদ্ধাৰ কৰা হৈছে, ইয়াৰে ৪ জনৰ মৃত্যু হৈছে আৰু ২ জন চিকিৎসাধীন হৈ আছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছা পেলাইছে। জানিব পৰা মতে, এই ঘটনাত মৃত্যু হোৱা অনুকূল ৫ দিন পূৰ্বে ঘৰলৈ উভতিছিল। তেওঁ জয়পুৰত বেংকিং প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। কিন্তু এই ঘটনাই অনুকূল আৰু তেওঁৰ পৰিয়ালৰ সকলো সপোন ভাঙি চুৰমাৰ কৰে।

 

অন্য খবৰ পঢ়কঃ বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল ঘৰত আৰু পাছত… বাংলাদেশত হিন্দু মহিলাৰ লগত জঘন্য ঘটনা…