শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হিন্দী বাধ্যতামূলক নহয়! মহাৰাষ্ট্ৰ চৰকাৰে বাতিল কৰিলে ‘ত্ৰিভাষা ফৰ্মূলা’…

হিন্দী বাধ্যতামূলক নহয়- মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। প্ৰথম শ্ৰেণীৰ পৰাই হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাতিল কৰিলে মহাৰাষ্ট্ৰ চৰকাৰে।

হিন্দী বাধ্যতামূলক নহয়! মহাৰাষ্ট্ৰ চৰকাৰে বাতিল কৰিলে ‘ত্ৰিভাষা ফৰ্মূলা’…
মহাৰাষ্ট্ৰ চৰকাৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 29 Jun 2025 19:47 PM

প্ৰথম শ্ৰেণীৰ পৰাই হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাতিল কৰিলে মহাৰাষ্ট্ৰ চৰকাৰে। দেওবাৰে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাবিছে। শিৱসেনা (উদ্ধৱ থাকৰে) আৰু ৰাজ থাকৰেৰ দল এম এন এছে প্ৰথম শ্ৰেণীৰ পৰা হিন্দীক বাধ্যতামূলক কৰাৰ বিৰুদ্ধে ৫ জুলাইত মহামৰ্চা উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ পাছতে আজি হিন্দী বাধ্যতামূলকৰ সিদ্ধান্ত বাতিল কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই সন্দৰ্ভত এখন সমিতি গঠন কৰা হৈছে, সেই সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

দেওবাৰে মহাৰাষ্ট্ৰ কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। য’ত হিন্দী ভাষা বিষয়টো কাৰ্যকৰী কৰাৰ সিদ্ধান্তৰ ওপৰত আলোচনা কৰা হয়। এই বৈঠকত বিতং আলোচনাৰ অন্তত চৰকাৰে ‘ত্ৰিভাষা ফৰ্মূলা’ৰ অধীনত হিন্দী ভাষা অন্তৰ্ভুক্ত কৰাৰ সৈতে জড়িত দুয়োটা জি আৰ বাতিল কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ত্ৰিভাষা ফৰ্মূলা সম্পৰ্কত কোন শ্ৰেণীৰ পৰা তৃতীয় ভাষা কাৰ্যকৰী কৰা উচিত, এইটো কেনেকৈ কৰা উচিত, ল’ৰা-ছোৱালীক কি বিকল্প দিব লাগে, এই সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ ৰাজ্য চৰকাৰে ড০ নৰেন্দ্ৰ জাধৱৰ নেতৃত্বত এখন সমিতি গঠন কৰিব। এই সমিতিত আন কিছুমান সদস্য থাকিব। তেওঁলোকৰ নামো শীঘ্ৰেই ঘোষণা কৰা হ’ব। তেওঁ কয়, এই সমিতিৰ প্ৰতিবেদন অহাৰ পাছতহে ‘ত্ৰিভাষা ফৰ্মূলা’ কাৰ্যকৰী কৰা হ’ব। সেয়ে ২০২৫ চনৰ ১৬ এপ্ৰিল আৰু ২০২৫ চনৰ ১৭ জুনৰ দুয়োটা চৰকাৰী সিদ্ধান্ত বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই দুয়োটা চৰকাৰী সিদ্ধান্ত আমি বাতিল কৰিছো।

কি নিৰ্দেশনা জাৰি কৰিছিল

২০২৫ চনৰ ১৬ এপ্ৰিল আৰু ২০২৫ চনৰ ১৭ জুনত ৰাজ্য চৰকাৰে চৰকাৰী নিৰ্দেশনা জাৰি কৰিছিল। শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ অধীনত এক সিদ্ধান্ত লৈছিল। সিদ্ধান্ত অনুসৰি, ছাত্ৰ-ছাত্ৰীক প্ৰথম শ্ৰেণীৰ পৰা ত্ৰিভাষি ফৰ্মূলাৰ অধীনত শিকোৱা হ’ব।এই সূত্ৰৰ অধীনত ছাত্ৰ-ছাত্ৰীক তিনিটা ভাষা শিকোৱা হয় – মাতৃভাষা, হিন্দী আৰু ইংৰাজী।

কিন্তু মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিশেষকৈ মাৰাঠী ভাষী সংগঠন, ৰাজনৈতিক দল আৰু সমাজকৰ্মীসকলে ইয়াকে লৈ চৰকাৰক সমালোচনা কৰিছিল। তেওঁলোকে যুক্তি দিছিল যে বিদ্যালয়ত বাধ্যতামূলকভাৱে হিন্দী পাঠদান কৰাটো ‘ভাষিক আগ্ৰাসন’ আৰু ইয়াৰ ফলত মাৰাঠী ভাষা-সংস্কৃতি বিপদত পৰিব। বিৰোধী দলসমূহেও কেন্দ্রৰ ভাষা নীতি ৰাজ্যৰ ওপৰত জাপি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে ৰাজ্যখনৰ বিভিন্ন ঠাইত ইয়াকে লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। অৱশেষত আজি চৰকাৰে সেই বিতৰ্কিত সিদ্ধান্ত বাতিল কৰে।

 

 

অন্য খবৰ পঢ়কঃ ভাৰত-ইংলেণ্ডৰ টেষ্ট মেচৰ মাজতে বেয়া খবৰ! কিংবদন্তি খেলুৱৈৰ মৃত্যু, অৰ্জন কৰিছিল ৮৬টা শতক, ৪১,০০০ ৰো অধিক ৰান…