‘মন কী বাত’ৰ পৰা বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰলৈ, দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভয়ংকৰ ঘটনা। দুৰ্বৃত্তৰ কামনাৰ বলি হিন্দু যুৱতী। অভিযোগ অনুসৰি ফজৰ আলী নামৰ এজনে ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি এই কাণ্ড সংঘটিত কৰে।

প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
- মন কী বাতত অসমৰ বিটিআৰৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ কয় যে, এটা সময়ত সংঘাতৰ বাবে পৰিচিত আছিল বিটিআৰ । কিন্তু বৰ্তমান বড়োলেণ্ড সমগ্ৰ দেশত ফুটবলৰ বাবে পৰিচিত। এই অনুষ্ঠানত মোদীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কথাও উল্লেখ কৰে।
- অৱশেষত সাংবাদিকক উদ্দেশ্যি কৰা মন্তব্যৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তলৰ শ্ৰেণীৰ মানুহৰ সৈতে কথা নপতা জয়ন্ত মল্লবৰুৱাই স্বীকাৰ কৰিলে নিজৰ ভুল। আজিৰ সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে, “সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায়েই থাকিব।
- মন কী বাত অনুষ্ঠানত অংশ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ধাৰাপুৰৰ ৰাইজৰ সৈতে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি শৰ্মাই কয় যে, “আজিৰ খণ্ডটি আমাৰ বাবে এটা বিশেষ খণ্ড আছিল। মাননীয় প্ৰধানমন্ত্ৰীয়ে অসমৰ বিটিআৰৰ কেম কাপৰ প্ৰশংসা কৰাৰ লগতে মেঘালয়ৰ এৰী ৰেচমলৈ জি আই টেগ দিয়াৰ কথাও উল্লেখ কৰে। মন কী বাতৰ প্ৰতিটো খণ্ডই প্ৰত্যেকবাৰে যেন এক শিক্ষণীয় অভিজ্ঞতা” !
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। ৰাজ্যত দুগ্ধ উৎপাদনৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰে গগৈ । দুগ্ধ উন্নয়ন নিগমত অনিয়ম সন্দৰ্ভত সবিশেষ বৰ্ণনা কৰি উচিত তদন্ত দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে । ২৮ তাৰিখে পত্ৰ প্ৰেৰণ কৰে গগৈয়ে।
- আগন্তুক কেইমাহমানৰ ভিতৰত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগতে ৰাজ্যখনে এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে। নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পুনৰীক্ষণৰ কাম আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে এটা মোবাইল এপ প্ৰৱৰ্তন কৰা হৈছে, য’ত ভোটগ্ৰহণ কেন্দ্ৰলৈ নোযোৱাকৈয়ে ভোটাৰসকলে ঘৰৰ পৰাই ভোটদান কৰিব পাৰে। ইয়াৰ দ্বাৰা বিহাৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয় যিয়ে মোবাইল এপৰ জৰিয়তে ভোটাৰক ভোটদানৰ অনুমতি দিয়ে।
- ওড়িশাৰ পুৰিৰ গুণ্ডিচা মন্দিৰত পদপিষ্টৰ ঘটনা। এই ঘটনাত পদপিষ্ট হৈ ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ জন আহত হয়। একাংশই দাবী কৰিছে যে, , আৰক্ষী প্ৰশাসনৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, পুৱা ৪ ৰ পৰা ৫ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
- উত্তৰাখণ্ডৰ উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু। দেওবাৰে পুৱা বৰকোট-যমুনোত্ৰী পথত হঠাৎ ডাৱৰ বিস্ফোৰণ হয়। ইয়াৰ ফলত চিলাই বেণ্ডৰ নির্মাণীয় হোটেলত কৰ্মৰত ৯ জন শ্ৰমিক নিৰুদ্দেশ হয়। ইয়াৰে দুগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে। বাকী কেইজনক বিচাৰী উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে।
- পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ। শেহতীয়াকৈ হোৱা আক্ৰমণত গাজাত কমেও ৭২ জন লোকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য বিষয়াই জনোৱা মতে, দক্ষিণৰ খান ইউনিছ চহৰৰ সমীপৰ মুৱাছিৰ এটা টেণ্ট কেম্পত ইজৰাইলে আক্ৰমণ চলায়। বিভিন্ন অঞ্চলত কৰা আক্ৰমণৰ ফলত এই বৃহত সংখ্যক লোকৰ মৃত্যু হয়।
- চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভয়ংকৰ ঘটনা। দুৰ্বৃত্তৰ কামনাৰ বলি হিন্দু যুৱতী। অভিযোগ অনুসৰি ফজৰ আলী নামৰ এজনে ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি এই কাণ্ড সংঘটিত কৰে। ফজৰ আলী বাংলাদেশ নেশ্যনেল পাৰ্টীৰ কৰ্মী বুলি সন্দেহ। ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত ৫ জনক গ্ৰেপ্তাৰ। কুমিল্লা জিলাৰ মুৰাদনগৰত সংঘটিত হৈছে এই ঘটনা।
অন্য খবৰ পঢ়কঃ হঠাৎ মৃত্যু হ’ব! কেইমাহমান পূৰ্বে শ্বেফালী সন্দৰ্ভত কোনে কৰিছিল ভৱিষ্যদ্বাণী…