শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপঃ ডাৱৰ বিস্ফোৰণ-ভূমিস্খলনৰ ফলত দুই শ্ৰমিকৰ মৃত্যু, নিৰুদ্দেশ ৭ শ্ৰমিক

উত্তৰকাশীৰ বৰকোট-যমুনোত্ৰী পথৰ সমীপত ডাৱৰ বিস্ফোৰণৰ পিছত অঞ্চলটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোত নিৰ্মাণ কৰি থকা এখন হোটেলত কাম কৰি থকা অৱস্থাতে ৯ জন শ্ৰমিকক পানীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে। ইয়াৰে দুজনৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও ৭ জন এতিয়াও নিৰুদ্দেশ হৈ আছে।

ৰাজ্যত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপঃ ডাৱৰ বিস্ফোৰণ-ভূমিস্খলনৰ ফলত দুই শ্ৰমিকৰ মৃত্যু, নিৰুদ্দেশ ৭ শ্ৰমিক
উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Updated On: 29 Jun 2025 19:43 PM

পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ। ৰাজ্যখনৰ উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু হৈছে। নিহত দুয়োগৰাকী মৃতদেহ ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে। ইফালে এই ঘটনাৰ ফলত ৭ জন শ্ৰমিক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। আজি পুৱা বৰকোট-যমুনোত্ৰী পথত এই ঘটনা সংঘটিত হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত চিলাই বেণ্ডৰ এখন নিৰ্মাণাধীন হোটেলত কৰ্মৰত ৯ গৰাকী শ্ৰমিক নিৰুদ্দেশ হয়। এই নিৰুদ্দিষ্ট শ্ৰমিককেইজনৰে দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে।

চিলাই বেণ্ডৰ পূৰ্বে বৰকোট আৰু আন এক স্থানতো ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। আনহাতে এনে ৰূপৰ বাবে পথৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি উত্তৰকাশীৰ বৰকোট-যমুনোত্ৰী পথৰ সমীপত ডাৱৰ বিস্ফোৰণৰ পিছত অঞ্চলটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোত নিৰ্মাণ কৰি থকা এখন হোটেলত কাম কৰি থকা অৱস্থাতে ৯ জন শ্ৰমিকক পানীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে।

এই ঘটনাৰ পিছতে স্থানীয় আৰক্ষীৰ লগতে এছডিআৰএফ আৰু এনডিআৰএফৰ দল তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হয় আৰু লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰ অভিযানকাৰী দলটোৱে কিছুসময়জোৰা প্ৰচেষ্টাৰ পিছত দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে। ইফালে ভূমিস্খলনৰ ফলত পথৰ এক বিস্তীৰ্ণ অংশ ভাঙি যোৱাৰ ফলত অঞ্চলটোৰ সংযোগ বিচ্ছিন্ন হৈ পৰে।

জানিব পৰা মতে, বৰকোট তহচিলৰ চিলাই বেণ্ডত যোৱা দুদিন ধৰি ধাৰাবাহিকভাৱে মুষলধাৰ বৰষুণ হৈ থকাৰ বাবে শ্ৰমিকসকলে তম্বু লগাই কাম কৰি আছিল। উত্তৰকাশী জিলা দণ্ডাধীশ কাৰ্যালয়ৰ তথ্য অনুসৰি নিৰুদ্দেশ হোৱা ৯ জন শ্ৰমিকৰ ভিতৰত ২ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকী ৭ জন শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে। নিৰুদ্দিষ্ট এই শ্ৰমিককেইজনৰ সন্ধানত উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে বুলি প্ৰশাসনে সদৰী কৰিছে।

ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পিছৰে পৰা অঞ্চলটোৰ স্থানীয় লোকসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পথৰ দাঁতিত ৰখাই থোৱা বহু বাহনৰো ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। প্ৰকৃতিৰ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে। ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক ৫ দিনৰ বাবে উত্তৰকাশীৰ লগতে ঋষিকেশ, ৰুৰকী, ৰাণীখেত, ডেৰাডুন আদি বহু স্থানৰ বাবে প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।