শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এয়া অপ্ৰয়োজনীয়! ‘ছমাৰছল্ট চেলিব্ৰেশ্যন’ক লৈ পণ্টৰ প্ৰত্যাৱৰ্তনৰ আঁৰৰ নায়কজনেই দিলে এই পৰামৰ্শ

লীডছ টেষ্টৰ দুয়োটা ইনিংছতে পণ্টৰ বেটৰ পৰা আহে দৰ্শনীয় শতক। নিজৰ বেটিঙেৰে অনুৰাগীৰ মন জয় কৰাৰ লগতে পণ্টে শতক অৰ্জনৰ পিছত কৰা বিশেষ উদযাপনেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। পণ্টৰ এই শতক উদযাপনৰ শৈলীয়ে অনুৰাগীসকলক মনোৰঞ্জন দিছিল যদিও পিছে সমান্তৰালকৈ তেওঁৰ সুৰক্ষাৰ দিনটোৱেও সকলোকে চিন্তাত পেলাইছে।

এয়া অপ্ৰয়োজনীয়! ‘ছমাৰছল্ট চেলিব্ৰেশ্যন’ক লৈ পণ্টৰ প্ৰত্যাৱৰ্তনৰ আঁৰৰ নায়কজনেই দিলে এই পৰামৰ্শ
পণ্টৰ ছমাৰছল্ট চেলিব্ৰেশ্যনImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 29 Jun 2025 22:36 PM

পাঁচখন টেষ্টৰ শৃংখলাৰ বাবে সম্প্ৰতি ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দল। পিছে এই ভ্ৰমণ সুখকৰ নহ’ল ভাৰতৰ বাবে। লীডছত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হয়। দলৰ সামগ্ৰিক আৰম্ভণি সঠিক নহ’লেও সহ-অধিনায়ক তথা উইকেটকীপাৰ ঋষভ পণ্টে অৱশ্যে মেচখনত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি শৃংখলাত আশাপ্ৰদ আৰম্ভণি ঘটায়। লীডছ টেষ্টৰ দুয়োটা ইনিংছতে পণ্টৰ বেটৰ পৰা আহে দৰ্শনীয় শতক। নিজৰ বেটিঙেৰে অনুৰাগীৰ মন জয় কৰাৰ লগতে পণ্টে শতক অৰ্জনৰ পিছত কৰা বিশেষ উদযাপনেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

পণ্টৰ এই শতক উদযাপনৰ শৈলীয়ে অনুৰাগীসকলক মনোৰঞ্জন দিছিল যদিও পিছে সমান্তৰালকৈ তেওঁৰ সুৰক্ষাৰ দিনটোৱেও সকলোকে চিন্তাত পেলাইছে। এতিয়া পণ্টৰ চিকিৎসা কৰা চিকিৎসকজনেও এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। ইংলেণ্ডৰ বিপক্ষে প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত ১৩৪ ৰান সংগ্ৰহ কৰা পণ্টে শতক সম্পূৰ্ণ কৰাৰ লগে লগে বেট আৰু হেলমেট খেলপথাৰত থৈ ‘ছমাৰছল্ট চেলিব্ৰেশ্যন’ দেখুৱাইছিল।

তেওঁৰ এই উদযাপনে হেডিংলিত বহি থকা দৰ্শকসকলৰ লগতে ধাৰাভাস্যকাৰী কেইজনকো আচৰিত কৰি তুলিছিল। টেলিভিচনত খেল উপভোগ কৰি থকা অনুৰাগীসকলো পণ্টৰ এই চেলিব্ৰেশ্যনক লৈ উৎসাহিত হৈ পৰিছিল। তেওঁৰ এই উদযাপন অনুৰাগীৰ মাজত ব্যাপক জনপ্ৰিয় হৈ পৰিছিল। অৱশ্যে পণ্টে প্ৰথমবাৰৰ বাবেহে যে এনে চেলিব্ৰেশ্যন কৰিছিল, এনে নহয়। ইয়াৰ পূৰ্বে আই পি এল ২০২৫তো পণ্টে শতক অৰ্জন কৰাৰ পাছত এই শৈলীৰে উদযাপন কৰিছিল।

উল্লেখ্য যে ২০২২ চনৰ ডিচেম্বৰ মাহত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল পণ্ট। দুৰ্ঘটনাত পণ্টৰ প্ৰাণৰক্ষা পৰিলেও গুৰুতৰভাৱে আহত হৈছিল। এই দুৰ্ঘটনাৰ পিছত পণ্টৰ দীঘলীয়া সময়জোৰা চিকিৎসা হৈছিল। দুৰ্ঘটনাৰ পিছত পণ্টৰ প্ৰত্যাৱৰ্তনক লৈ শংকাও দেখিবলৈ পোৱা গৈছিল। অৱশ্যে এই সকলো শংকা দূৰ কৰি প্ৰায় ডেৰ বছৰৰ পিছত পুনৰ খেলপথাৰলৈ উভতিছিল ঋষভ পণ্ট।

দুৰ্ঘটনাৰ পিছত আহত পণ্টৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসকজনেও এতিয়া ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ এই ‘ছমাৰছল্ট চেলিব্ৰেশ্যন’ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিখ্যাত অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ দিনশ্বা পাৰ্দিৱালাই এক সাক্ষাৎকাৰত পণ্টৰ এই উদযাপনক অপ্ৰয়োজনীয় বুলি অভিহিত কৰে। টেলিগ্ৰাফক দিয়া এক সাক্ষাৎকাৰত পাৰ্দিৱালাই কয়, “ঋষভে এগৰাকী জিমনাষ্টৰ ৰূপত প্ৰশিক্ষণ লৈছে।“

তেওঁক লগতে পণ্টক যথেষ্ট ডাঙৰ দেখা যায় যদিও অত্যন্ত চঞ্চল বুলি উল্লেখ কৰে আৰু সেইবাবেই তেওঁ এতিয়া ‘ছমাৰছল্ট’ কৰি আছে বুলি মন্তব্য কৰে। চিকিৎসকগৰাকীয়ে লগতে পণ্টৰ এই শৈলী যথেষ্ট ভালদৰে অনুশীলন কৰাৰ ফল বুলি উল্লেখ কৰে যদিও সমান্তৰালকৈ এয়া অপ্ৰয়োজনীয় বুলিও দোহাৰে। চিকিৎসক পাৰ্দিৱালাৰ লগতে ভাৰতৰ প্ৰাক্তন তাৰকা ৰবিচন্দ্ৰন অশ্বিনেও পণ্টক দেহৰ প্ৰতি লক্ষ্য ৰাখি ছমাৰছল্ট বন্ধ কৰিবলৈ পৰামৰ্শ দিছে।