মুখ্যমন্ত্ৰীৰ কামাখ্য দৰ্শনৰ পৰা সাংবাদিকক অপমানৰ বিতৰ্কলৈ…চাওক দিনটোৰ শীৰ্ষ খবৰ
আজি দিনটোত বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক অসমৰ লগতে দেশ বিদেশত ঘটা ৯টা গুৰুত্বপূৰ্ণ খবৰ-
শনিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য় কাৰ্যালয়ত “Emergency Dayries” শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত কংগ্ৰেছৰ গান্ধী পৰিয়ালে নিজৰ বাদে আন কাকো বিশ্বাস নকৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে জৰুৰীকালীন অৱস্থা ঘোষণাৰ সন্দৰ্ভত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সিদ্ধান্তক সমালোচনা কৰে।
সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা সাংবাদিকক অপমান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জয়ন্ত মল্লবৰুৱা ভুল কৰা বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ বাবে তেওঁক ক্ষমা খোজাৰো নিৰ্দেশ দিব বুলি কয়। সংবাদমেলত এজন সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি কৈছিল জয়ন্ত মল্লবৰুৱাই।
শেহতীয়াকৈ অসমত গো-পালন সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। এই বিষয়ে প্ৰধানমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছে সাংসদ গগৈয়ে। বহু গোপালক এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে শাসক দলৰ মন্ত্ৰী-বিধায়কৰ পৰিয়ালে আঁচনিৰ সুবিধা লাভ কৰা বুলিও গগৈয়ে উল্লেখ কৰে। পলকতে পঢ়ক অসমৰ লগতে দেশ বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ-